--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰ্ভধাৰণৰ সময়ত মহিলাৰ দেহৰ  ওজন বাঢ়ে৷  এই ওজন কেৱল মাতৃৰে নহয়, লগতে শৰীৰৰ ভিতৰত অলপ অলপকৈ  বাঢ়ি অহা ভ্ৰূণৰ ওজনো ইয়াত যোগ হৈ থাকে। অৱশ্যে একেই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। বহুক্ষেত্ৰত, সন্তান জন্মৰ ছয় মাহ পিছতো ওজনৰ কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা দেখা নাযায়। আকৌ, এনে  সময়ত পুষ্টিকৰ খাদ্য বেছিকৈ  খোৱাৰ বাবে বহুতৰে  ওজন নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে৷  ফলত  সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ 

চিকিৎসকৰ পৰা পুষ্টিবিদলৈকে সকলোৰ মতে মূলত‘ গৰ্ভৱতী মহিলাৰ শৰীৰৰ ভৰ সূচকৰ কথাটো অতি গুৰুত্বপূৰ্ণ। গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ   গড়ে ১০ ৰ পৰা ১২ কিলোগ্ৰাম ওজন বৃদ্ধি হোৱাটো  স্বাভাৱিক।  সন্তান জন্মৰ প্ৰথম পৰ্যায়ত, মহিলাসকল  বহুতো শাৰীৰিক পৰিৱৰ্তনৰসন্মুখীন হ’বলগীয়া হয়৷  যদি বমি, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ কৰাৰ দৰে লক্ষণ থাকে, তেনেহ'লে আহাৰৰ পৰিৱৰ্তন কৰাৰ পৰামৰ্শ দিয়া হয়। গতিকে সেই সময়ত বহু মহিলাৰ  ওজন বৃদ্ধি নহ'বও পাৰে। পিছত, ভ্ৰূণটো ডাঙৰ হোৱাৰ লগে লগে মহিলাৰ  ওজনো বৃদ্ধি হয়।

স্বাস্থ্য বিজ্ঞানীসকলৰ মতে  গৰ্ভৱতী মহিলাৰ বাবে একক ভ্ৰূণৰ ক্ষেত্ৰত ১৮.৫ ৰ পৰা২৪.৯ ৰ ভিতৰত বিএমআই(বডি মাছ ইনডেক্স) থকাটো ভাল। মহিলা এগৰাকীৰ ক্ষেত্ৰত, যদি হাৰ  ১৮-ৰ তলত হয় তেন্তে সাৱধান হোৱাটো প্ৰয়োজনীয় কথা৷ যদি এই হাৰ  ৩০-ৰ ওপৰত হয়, তেন্তে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে, যমজ সন্তানৰ ক্ষেত্ৰত, গোটেই সংখ্যাটো বেলেগ হ’ব পাৰে।

মাতৃসকলৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য খোৱাৰ উপৰি চিকিৎসকে নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত পানী খোৱা, টোপনি যোৱাৰ পৰামৰ্শ দিয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে