--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : গৰ্ভৱতী মহিলায়ো ল’ব পাৰিব কোভিড প্ৰতিষেধক। কেন্দ্ৰীয় চৰকাৰে আজি এইকথা প্ৰকাশ কৰিছে। নেচনেল টেকনিকেল এডভাইজৰী গ্ৰুপ অন ইমুনাইজেচন চমুকৈ এনটিএজিআই-ৰ পৰামৰ্শ কাৰ্যকৰী কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি সদৰি কৰে যে, গৰ্ভৱতী মহিৱালকলে কো-উইন এপৰ জৰিয়তে পঞ্জীয়ন কৰি নাইবা কোভিড টিকাকৰণ কেন্দ্ৰত থলীতে পঞ্জীয়ন কৰি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব। স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয় সচিব লৱ আগৰৱালাই কোভিড প্ৰতিষেধক গৰ্ভৱতী মহিলাৰ কাৰণেও নিৰাপদ বুলি এনটিএজিআই-এ প্ৰকাশ কৰা বুলি মন্তব্য কৰাৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে, দেশত আজিলৈকে ৩৪কোটিকো অধিক লোকক কোভিড টিকা প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
তাৎপৰ্যপূৰ্ণভাৱে, দেশত কোভিডৰ দ্বিতীয় ঢৌ এতিয়াও মাৰ যোৱা নাই বুলি মন্তব্য কৰিছে এগৰাকী শীৰ্ষ চিকিৎসা বিশেষজ্ঞই। নীতি আয়োগৰ সদস্য তথা চিকিৎসা বিশেষজ্ঞ ভি কে পলে এই মন্তব্য কৰি কয় যে, যেতিয়ালৈকে সমগ্ৰ দেশ নিৰাপদ হৈ নপৰে আমি নিৰাপদ বুলি অনুভৱ কৰিব নোৱাৰোঁ। স্বাস্থ্য মন্ত্ৰণালয়ৰ এখন সংবাদমেলত ভাগ লৈ পলে জনগণক কোভিড প্ৰতিৰোধী নীতি মানি চলিবলৈ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ