--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ছখন ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। এই পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আজি এই ছখন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে ছটা উচ্চস্তৰীয়, মাল্টি ডিচিপ্লিনেৰী জনস্বাস্থ্য বিশেষজ্ঞৰ গোট।

কেৰালা, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ওড়িশা, চত্তিছগড় আৰু মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে বিশেষজ্ঞৰ দল। এই বিশেষজ্ঞৰ দলসমূহে ৰাজ্যকেইখনৰ কোভিড পৰিস্থিতিৰে মোকাবিলা কৰা তথা কণ্টেইনমেণ্ট নীতি আদি নিৰ্ধাৰণ কৰাৰ দিশত সংশ্লিষ্ট ৰাজ্যৰ স্বাস্থ্য বিভাগক সহায় কৰিব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি এইকতা প্ৰকাশ কৰিছে। মন্ত্ৰণালয়ে সদৰি কৰে যে, এই দলকেইটাই ৰাজ্য চৰকাৰে কোভিড ব্যৱস্থাপনাৰ দিশত সন্মুখীন হোৱা সমস্যাবোৰ পোনপটীয়াকৈ বিশ্লেষণ কৰিব আৰু বিভিন্ন বাধা-নিষেধ আঁতৰ কৰাৰ জৰিয়তে ৰাজ্যসমূহৰ প্ৰয়াসৰ অধিক তৰান্বিত তথা শক্তিশালী কৰি তুলিব। দুজনীয়া এই গোটকেইটাত একোজন ক্লিনিকেল আৰু একোজন ৰাজহুৱা স্বাস্থ্য বিশেষজ্ঞ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ