--°C
Loading...
Listen to Article
2 min read
80%

জম্মু : জম্মু-কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা সেনা-নিৰাপত্তাবাহিনীসমূহৰ প্ৰয়াস অব্যাহত আছে। কিন্তু সম্পূ্ৰ্ণ স্বাভাৱিক হোৱা নাই উপত্যকাটোৰ পৰিস্থিতি। কিছুদিন পূ্ৰ্বে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে ড্ৰোন আক্ৰমণ চলোৱাৰ পাছত এইবাৰ উপত্যকাটোত সংঘটিত হৈছে সংঘৰ্ষ। সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন সেনা জোৱান শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এই সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভৰ পাছতে তালাচী অভিযান আৰম্ভ কৰিছিল সেনা তথা নিৰাপত্তাবাহিনীৰ এটা দলে। সেই সময়তে ৰাজপোৰা এলেকাৰ হানজিন গাঁৱত নিৰাপত্তাবাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ দলে। সেনাই এই আক্ৰমণৰ প্ৰত্যুত্তৰি দিয়ে। সংঘৰ্ষৰ সময়ত গুলীবিদ্ধ হোৱা এজন জোৱানৰ পাছত হাস্পতালত মৃত্যু হয়।

কালি মাজনিশাৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষ আজি পুৱালৈকে চলি থকা বুলি প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীৰ এক সূত্ৰই। অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলে আত্মগোপন কৰি থকা বুলি আশংকা প্ৰকাশ কৰিছে সেনা সূত্ৰই। অঞ্চলটোত অভিযান অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ