--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ অক্টোবৰৰ পৰা মিথুন ৰাশিত মংগল গ্ৰহ ৰেট্ৰ’গ্ৰেড হৈছে। অৰ্থাৎ মংগল গ্ৰহ এতিয়া বিপৰীত দিশত আগবাঢ়িছে। ১৩ নৱেম্বৰলৈকে এই গ্ৰহ এই অৱস্থাত থাকিব। ইয়াৰ পিছত তেওঁ বৃষ ৰাশিত প্ৰৱেশ কৰিব। তেওঁৰ ৰেট্ৰ’গ্ৰেডে নিশ্চিতভাৱে ১২টা ৰাশিৰ ওপৰতে কিছু প্ৰভাৱ পেলাব। কিছুমান ৰাশিৰ ওপৰত ভাল প্ৰভাৱ আৰু কিছুমানৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। ইহঁতৰ ৰেট্ৰ’গ্ৰেডৰ বাবে কিছুমান ৰাশিৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত কি কি ৰাশিয়ে সাৱধান হৈ থকাটো ভাল হব জানো আহক। 

১) মেষঃ মংগল গ্ৰহৰ ৰেট্ৰ’গ্ৰেডৰ ফলত মেষ ৰাশিৰ লোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। নিজৰ কথা নিয়ন্ত্ৰণ কৰক, নহ’লে বিতৰ্কৰ বাবেই কাজিয়াৰ সৃষ্টি হ’ব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলেও এই সময়ছোৱাত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

২) বৃষঃ মংগল গ্ৰহৰ ৰেট্ৰ’গ্ৰেডৰ বাবে বৃষ ৰাশিৰ লোকৰ খিংখিঙীয়া ভাৱ বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ মানুহৰ লগত সংঘাত হ’ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ ভাই-ভনীৰ লগত বিবাদ হ’ব পাৰে। এই সময় প্ৰেমৰ বাবেও ভাল নহয়। আয়তকৈ খৰচ বেছি হ’ব।

৩) মিথুনঃ মিথুন ৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱা উচিত। মংগল গ্ৰহৰ ৰেট্ৰ’গ্ৰেডে স্বাস্থ্যৰ ওপৰত অশুভ প্ৰভাৱ পেলাব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। খং আৰু ইগো নিয়ন্ত্ৰণ কৰিব লাগিব। বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত ঘৰত কিবা ভুল কোৱাৰ আগতে চিন্তা কৰক। বিনিয়োগৰ বাবে সময় উপযুক্ত নহয়।

৪) তুলাঃ এই সময়ছোৱাত তুলা ৰাশিৰ লোকসকলে অতি সাৱধানে চলিব লাগিব। বছৰ খঙৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কামত অৱনতি হ’বলৈ আৰম্ভ কৰিব। পিতৃৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক, কিবা এটা লৈ তৰ্ক হ’ব পাৰে।

৫) মীনঃ মীন ৰাশিৰ লোকে বাহন সাৱধানে চলাব লাগিব। মংগল গ্ৰহই আপোনাৰ জীৱনত খেলিমেলি কৰিব পাৰে। যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, অসুস্থ হ’ব পাৰে। পৰিয়ালত অশান্তি হ’ব পাৰে। বাক্যত সংযম ৰখাটো ভাল হ’ব। এই সময় সম্পত্তি বিনিয়োগৰ বাবে ভাল নহয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু