--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওজন কম কৰাৰ সময়ত আমি ডায়েটিঙকে ধৰি বিভিন্ন ধৰণৰ ব্যায়াম কৰা আৰম্ভ কৰো। কিন্তু বহু সময়ত এনেকুৱা হয় যে সকলো কৰা পাছতো ওজন বা মেদবহুলতা কমি নাযায়। ইয়াৰ কাৰণ হৈছে আমাৰ জীৱনশৈলীত কৰা কিছুমান ভুল। হয়, ওজন কমোৱাৰ সময়ত আমি প্ৰতিদিনে এনে বহুতো ভুল কৰোঁ যিয়ে আমাৰ ওজন কমাত বাধাৰ সৃষ্টি কৰে। ওজন কমাওঁতে কোনবোৰ ভুল এৰাই চলিব লাগে জানো আহক।

ওজন কমাওঁতে এইবোৰ ভুল কৰাৰ পৰা বিৰত থাকক-

১)খাদ্য খোৱাৰ সময়ত টিভি চোৱা বা মোবাইলত লাগি থকা- প্ৰতিদিনে মানুহে কৰা ভুলৰ ভিতৰত এইটো এটা সাধাৰণ ভুল। এইটো এটা অতি বেয়া অভ্যাস যিটো আমাৰ বেছিভাগেই কৰে। টিভি চাই বা মোবাইল ব্যৱহাৰ কৰি খালে অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা থাকে। অধিক খাদ্য বা কেলৰি খোৱাৰ ফলত আপোনাৰ ওজন বৃদ্ধি পায়।সেয়েহে খাদ্যৰ সময়ত আপুনি কেৱল খাদ্যৰ ওপৰতহে মনোযোগ দিব লাগে। খাদ্য খোৱাৰ সময়ত যিকোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেটৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

২)বেছি খৰকৈ খোৱা- খাদ্য আপুনি কেতিয়াও খৰখেদাকৈ খাব নালাগে। খাদ্যখিনি ভালদৰে চোবাই লাহে লাহে খাব লাগে। কাৰণ আপুনি ভৰপূৰ হোৱাৰ সংকেতবোৰ আপোনাৰ মগজুৱে বুজিবলৈ সময় লাগে। দ্ৰুতভাৱে খালে অতি সোনকালে খাই শেষ হয়। যাৰ বাবে আপোনাৰ ভোক পূৰণ নহয়। কাৰণ পেট ভৰোৱাৰ সংকেত আপোনাৰ মগজুত গৈ নাপায়। এইদৰে আপুনি অধিক খাদ্য গ্ৰহণ কৰে আৰু অধিক কেলৰি গ্ৰহণ কৰে। তাৰপাছত আপোনাৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে।

৩)পৰ্যাপ্ত টোপনি নোযোৱা- যেতিয়া আপুনি ভাল আৰু পৰ্যাপ্ত টোপনি মাৰে তেতিয়া ই লেপ্টিন হৰম’ন নিয়ন্ত্ৰণ কৰে। এই কাৰ্যই আপোনাৰ ভোক নিয়ন্ত্ৰণ  কৰে। কম সময় শুলে শৰীৰত এই হৰম’নৰ মাত্ৰা কম হয়, তেতিয়া আপুনি অধিক ভোক অনুভৱ কৰে আৰু বেছিকৈ খাবলৈ ধৰে। ফলত আপোনাৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক