--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওজন কম কৰাৰ সময়ত আমি ডায়েটিঙকে ধৰি বিভিন্ন ধৰণৰ ব্যায়াম কৰা আৰম্ভ কৰো। কিন্তু বহু সময়ত এনেকুৱা হয় যে সকলো কৰা পাছতো ওজন বা মেদবহুলতা কমি নাযায়। ইয়াৰ কাৰণ হৈছে আমাৰ জীৱনশৈলীত কৰা কিছুমান ভুল। হয়, ওজন কমোৱাৰ সময়ত আমি প্ৰতিদিনে এনে বহুতো ভুল কৰোঁ যিয়ে আমাৰ ওজন কমাত বাধাৰ সৃষ্টি কৰে। ওজন কমাওঁতে কোনবোৰ ভুল এৰাই চলিব লাগে জানো আহক।

ওজন কমাওঁতে এইবোৰ ভুল কৰাৰ পৰা বিৰত থাকক-

১)খাদ্য খোৱাৰ সময়ত টিভি চোৱা বা মোবাইলত লাগি থকা- প্ৰতিদিনে মানুহে কৰা ভুলৰ ভিতৰত এইটো এটা সাধাৰণ ভুল। এইটো এটা অতি বেয়া অভ্যাস যিটো আমাৰ বেছিভাগেই কৰে। টিভি চাই বা মোবাইল ব্যৱহাৰ কৰি খালে অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা থাকে। অধিক খাদ্য বা কেলৰি খোৱাৰ ফলত আপোনাৰ ওজন বৃদ্ধি পায়।সেয়েহে খাদ্যৰ সময়ত আপুনি কেৱল খাদ্যৰ ওপৰতহে মনোযোগ দিব লাগে। খাদ্য খোৱাৰ সময়ত যিকোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেটৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

২)বেছি খৰকৈ খোৱা- খাদ্য আপুনি কেতিয়াও খৰখেদাকৈ খাব নালাগে। খাদ্যখিনি ভালদৰে চোবাই লাহে লাহে খাব লাগে। কাৰণ আপুনি ভৰপূৰ হোৱাৰ সংকেতবোৰ আপোনাৰ মগজুৱে বুজিবলৈ সময় লাগে। দ্ৰুতভাৱে খালে অতি সোনকালে খাই শেষ হয়। যাৰ বাবে আপোনাৰ ভোক পূৰণ নহয়। কাৰণ পেট ভৰোৱাৰ সংকেত আপোনাৰ মগজুত গৈ নাপায়। এইদৰে আপুনি অধিক খাদ্য গ্ৰহণ কৰে আৰু অধিক কেলৰি গ্ৰহণ কৰে। তাৰপাছত আপোনাৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে।

৩)পৰ্যাপ্ত টোপনি নোযোৱা- যেতিয়া আপুনি ভাল আৰু পৰ্যাপ্ত টোপনি মাৰে তেতিয়া ই লেপ্টিন হৰম’ন নিয়ন্ত্ৰণ কৰে। এই কাৰ্যই আপোনাৰ ভোক নিয়ন্ত্ৰণ  কৰে। কম সময় শুলে শৰীৰত এই হৰম’নৰ মাত্ৰা কম হয়, তেতিয়া আপুনি অধিক ভোক অনুভৱ কৰে আৰু বেছিকৈ খাবলৈ ধৰে। ফলত আপোনাৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ