--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাফাহ হৈছে দক্ষিণ গাজা ষ্ট্ৰিপৰ পেলেষ্টাইনৰ এখন চহৰ। ই গাজা চহৰৰ পৰা ৩০ কিলোমিটাৰ (১৯ মাইল) দক্ষিণ-পশ্চিমে অৱস্থিত পেলেষ্টাইন ৰাজ্যৰ ৰাফাহ গভৰ্ণৰেটৰ ৰাজধানী ৷

ৰাফাহৰ সমীপত থকা হামাছৰ সুৰংগত উদ্ধাৰ হৈছে ছয়জন পণবন্দী লোকৰ মৃতদেহ। ইয়াৰ ভিতৰত আছে এজন আমেৰিকান নাগৰিকৰ মৃতদেহ, যাক হৰ্চ গোল্ডবাৰ্গ-পলিন বুলি চিনাক্ত কৰা হৈছে। বাকী নিহত পাঁচজন ক্ৰমে ইডেন য়েৰুছালমি, কাৰ্মেল গেট ,আলমগ ছাৰুছি, এলেক্স লুবনভ আৰু অৰি ডানিনো ।

ইজৰাইলী বাহিনীয়ে খান ইউনিছৰ দক্ষিণ-পূব দিশৰ আল-ফাখৰী চহৰত অভিযান চলাই ছয়জন পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইজৰাইলী বাহিনীয়ে নিশ্চিত কৰিছে যে গাজাৰ পৰা উদ্ধাৰ হোৱা মৃতদেহ ৭ অক্টোবৰত পণবন্দী কৰি লোৱা লোকৰ মৃতদেহ। ইজৰাইলৰ সামৰিক আইডিএফ আৰু শ্বিন বেটে কয় যে ‘হামাছে তেওঁলোকৰ বন্দী অৱস্থাত ছয়জন পণবন্দীক হত্যা কৰিছিল।’

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ক্ষুব্ধ হৈ হামাছক স্পষ্টকৈ সকীয়াই দিছিল যে ‘এতিয়া তেওঁলোকে নিজৰ অপৰাধৰ মূল্য দিব লাগিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ আৰু কাৰ্যালয় হোৱাইট হাউছে হামাছ এটা দুষ্ট সন্ত্ৰাসবাদী সংগঠন বুলি প্ৰকাশ কৰে। এই হত্যাকাণ্ডবোৰৰ উপৰিও তেওঁৰ হাতত এতিয়া আমেৰিকানৰ ৰক্ত লাগি আছে। ইজৰাইলৰ জনসাধাৰণ আৰু ইজৰাইলত থকা আমেৰিকাৰ নাগৰিকৰ প্ৰতি হামাছে যি ভাবুকিৰ সৃষ্টি কৰিছে, সেই ভাবুকি দূৰ কৰিব লাগিব আৰু হামাছে গাজাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে।’

আমেৰিকাৰ বিবৃতিত জনোৱা হয় যে ‘হামাছৰ দুষ্ট সন্ত্ৰাসবাদীয়ে হত্যা কৰা পণবন্দীসকলৰ ভিতৰত এজন আমেৰিকাৰ হাৰ্ছ গোল্ডবাৰ্গ-পলিন বুলি নিশ্চিত কৰা হৈছে। 


জো বাইডেনে সংবাদ মাধ্যমত জনায় যে, “মোৰ বৰ খং উঠিছে। হোৱাইট হাউছৰ মতে ৭ অক্টোবৰত ইজৰাইলত শান্তিৰ বাবে অনুষ্ঠিত হোৱা সংগীতানুষ্ঠান অংশগ্ৰহণ কৰাৰ সময়ত নিৰ্মমভাৱে আক্ৰমণ কৰা সেই নিৰীহ লোকসকলৰ ভিতৰত হাৰ্ছ গোল্ডবাৰ্গো অন্যতম। তেওঁৰ বয়স মাত্ৰ ২৩ বছৰ আৰু তেওঁ পৃথিৱী ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল, যাৰ বাবে তেওঁ ইজৰাইললৈ গৈছিল।’ 

জো বাইডেনে লগতে কয়, ‘হৰ্ছ গোল্ডবাৰ্গ পেলিনৰ পিতৃ মাতৃ জন আৰু ৰেচেলে এই ট্ৰেজেডীৰ সময়ত সাহসেৰে পৰিস্থিতিৰ লগত যুঁজি আছে। তেওঁলোকে নিজ পুত্ৰক হেৰুৱাৰ দুখ সহ্য কৰিছে। মই তেওঁলোকক প্ৰশংসা কৰিছো আৰু তেওঁলোকৰ প্ৰতি মোৰ গভীৰ শোক প্ৰকাশ কৰিছো। মই জানো আজি ৰাতি সকলো আমেৰিকান লোকে তেওঁলোকলৈ প্ৰাৰ্থনা কৰিব। হৰ্ষক নিৰাপদ স্থানলৈ ঘূৰাই অনাৰ বাবে মই অক্লান্তভাৱে কাম কৰিছিলো। তেওঁৰ মৃত্যুৰ খবৰ পাই মই স্তম্ভিত হৈ পৰিছো। ই যিমানেই মৰ্মান্তিক সিমানেই নিন্দনীয়।"


আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অতি ক্ষোভেৰে কয়, "ভুল নকৰিব, হামাছৰ নেতাসকলে এই অপৰাধসমূহৰ মূল্য দিব। আমি বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়াৰ চুক্তিৰ বাবে দিনে-নিশাই কাম কৰি যাম।" গাজা ষ্ট্ৰিপ আৰু ইজিপ্তৰ মাজত ৰাফাহ আছে, য’ত এটা ক্ৰছিং আছে, ইয়াৰ সহায়ৰ জৰিয়তে ইজৰাইলত প্ৰৱেশ নকৰাকৈ পোনে পোনে গাজালৈ সহায়ৰ হাত আগবঢ়াব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক