--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন যুদ্ধত ব্যৱহাৰ কৰা গুলীৰ বিনিময়ত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক ২৪টা বিশুদ্ধ জাতৰ ঘোঁৰা উপহাৰ দিছে। কিমৰ প্ৰিয় বুলি কোৱা অৰলভ ট্ৰটাৰ জাতৰ ১৯টা ঘোঁৰা আৰু পাঁচটা বেলেগ জাতৰ ঘোঁৰা দেওবাৰে ৰাছিয়ালৈ গৈ পায় ।

সংবাদ মাধ্যমৰ অনুসৰি ইউক্ৰেইনৰ সৈতে চলি থকা সংঘাতৰ মাজতে ৰাছিয়ালৈ প্ৰেৰণ কৰা উত্তৰ কোৰিয়াৰ আৰ্টিলাৰী শ্বেল(গুলি) ৰ বিনিময়ত এই উপহাৰ দিয়া হৈছে। কিন্তু দুবছৰ পূৰ্বে পিয়ংইয়াঙেও ৩০টা অৰলভ ট্ৰটাৰ লাভ কৰিছিল আৰু ২০১৯ চনত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এটা ভিডিঅ’ত কিমক বগা ঘোঁৰাত উঠি ঘূৰি থকা দেখা গৈছিল ৷


আচলতে উত্তৰ কোৰিয়াৰ নেতা কিমে যিবোৰ ঘোঁৰাত উঠিছিল, সেইবোৰো উত্তৰ কোৰিয়াৰ ঐতিহ্যৰ প্ৰতীক। কাৰণ দেশখনে ১৯৫০-৫৩ চনৰ কোৰিয়া যুদ্ধৰ পাছত নিজৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰচেষ্টাৰ নাম ৰাখিছিল পৌৰাণিক ডেউকাযুক্ত ঘোঁৰা চলিমাৰ নামেৰে। উত্তৰ কোৰিয়াৰ অন্যতম ৰকেট বুষ্টাৰৰ নামো আছিল চলিমা-১।

এক প্ৰতিবেদন অনুসৰি কিম জঙে বগা ঘোঁৰাত উঠি এটা সবল শক্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। য’ত তেওঁ উত্তৰ কোৰিয়াৰ জনসাধাৰণৰ মাজত আস্থা জগাই তুলিবলৈ চেষ্টা কৰিছিল যে তেওঁলোকৰ হাতত ক্ষমতাৰ বাঘজৰী ল’ব পৰা এজন শক্তিশালী আৰু সৌভাগ্যৱান ব্যক্তি আছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন ছবিও যথেষ্ট জনপ্ৰিয় হৈছে, য’ত তেওঁ মূগা ৰঙৰ ঘোঁৰাত উঠি চশমা, সোণৰ চেইন আৰু আৰ্মী পেণ্ট পিন্ধিছে। একে সময়তে শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত কিমে পুটিনক এযোৰ স্থানীয় জাতৰ চিকাৰী কুকুৰ ‘পুংছান’ উপহাৰ দিছিল।

শেহতীয়াকৈ দুয়োগৰাকী নেতাৰ মাজত “ব্যাপক অংশীদাৰিত্ব চুক্তি” স্বাক্ষৰ কৰাকে ধৰি কূটনৈতিক পদক্ষেপসমূহ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে দুয়োগৰাকী নেতাৰ মাজত সম্পৰ্ক শক্তিশালী হোৱা যেন লাগে। ইয়াৰ উপৰিও আগষ্ট মাহত পুটিনে কিমক ৪৪৭ টা ছাগলীও উপহাৰ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক