--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন যুদ্ধত ব্যৱহাৰ কৰা গুলীৰ বিনিময়ত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক ২৪টা বিশুদ্ধ জাতৰ ঘোঁৰা উপহাৰ দিছে। কিমৰ প্ৰিয় বুলি কোৱা অৰলভ ট্ৰটাৰ জাতৰ ১৯টা ঘোঁৰা আৰু পাঁচটা বেলেগ জাতৰ ঘোঁৰা দেওবাৰে ৰাছিয়ালৈ গৈ পায় ।

সংবাদ মাধ্যমৰ অনুসৰি ইউক্ৰেইনৰ সৈতে চলি থকা সংঘাতৰ মাজতে ৰাছিয়ালৈ প্ৰেৰণ কৰা উত্তৰ কোৰিয়াৰ আৰ্টিলাৰী শ্বেল(গুলি) ৰ বিনিময়ত এই উপহাৰ দিয়া হৈছে। কিন্তু দুবছৰ পূৰ্বে পিয়ংইয়াঙেও ৩০টা অৰলভ ট্ৰটাৰ লাভ কৰিছিল আৰু ২০১৯ চনত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এটা ভিডিঅ’ত কিমক বগা ঘোঁৰাত উঠি ঘূৰি থকা দেখা গৈছিল ৷


আচলতে উত্তৰ কোৰিয়াৰ নেতা কিমে যিবোৰ ঘোঁৰাত উঠিছিল, সেইবোৰো উত্তৰ কোৰিয়াৰ ঐতিহ্যৰ প্ৰতীক। কাৰণ দেশখনে ১৯৫০-৫৩ চনৰ কোৰিয়া যুদ্ধৰ পাছত নিজৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰচেষ্টাৰ নাম ৰাখিছিল পৌৰাণিক ডেউকাযুক্ত ঘোঁৰা চলিমাৰ নামেৰে। উত্তৰ কোৰিয়াৰ অন্যতম ৰকেট বুষ্টাৰৰ নামো আছিল চলিমা-১।

এক প্ৰতিবেদন অনুসৰি কিম জঙে বগা ঘোঁৰাত উঠি এটা সবল শক্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। য’ত তেওঁ উত্তৰ কোৰিয়াৰ জনসাধাৰণৰ মাজত আস্থা জগাই তুলিবলৈ চেষ্টা কৰিছিল যে তেওঁলোকৰ হাতত ক্ষমতাৰ বাঘজৰী ল’ব পৰা এজন শক্তিশালী আৰু সৌভাগ্যৱান ব্যক্তি আছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন ছবিও যথেষ্ট জনপ্ৰিয় হৈছে, য’ত তেওঁ মূগা ৰঙৰ ঘোঁৰাত উঠি চশমা, সোণৰ চেইন আৰু আৰ্মী পেণ্ট পিন্ধিছে। একে সময়তে শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত কিমে পুটিনক এযোৰ স্থানীয় জাতৰ চিকাৰী কুকুৰ ‘পুংছান’ উপহাৰ দিছিল।

শেহতীয়াকৈ দুয়োগৰাকী নেতাৰ মাজত “ব্যাপক অংশীদাৰিত্ব চুক্তি” স্বাক্ষৰ কৰাকে ধৰি কূটনৈতিক পদক্ষেপসমূহ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে দুয়োগৰাকী নেতাৰ মাজত সম্পৰ্ক শক্তিশালী হোৱা যেন লাগে। ইয়াৰ উপৰিও আগষ্ট মাহত পুটিনে কিমক ৪৪৭ টা ছাগলীও উপহাৰ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক