--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিএছটি পৰিষদৰ বৈঠকত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰী গোটটোৱে স্বাস্থ্য আৰু জীৱন বীমাৰ প্ৰিমিয়ামৰ জিএছটি হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছিল, যিটো জিএছটি পৰিষদৰ পৰৱৰ্তী বৈঠকলৈ পিছুৱাই দিয়া হৈছে। অৰ্থাৎ পুৰণি কৰ হাৰ অনুসৰি মানুহে এতিয়াও নিজৰ বীমাৰ প্ৰিমিয়াম দিব লাগিব। 

জিএছটি পৰিষদৰ ৫৫ সংখ্যক বৈঠকত স্বাস্থ্য আৰু জীৱন বীমাৰ প্ৰিমিয়াম হ্ৰাস কৰাৰ সিদ্ধান্ত পিছুৱাই দিয়াৰ কাৰণটো দিয়া হৈছিল যে এই সন্দৰ্ভত অধিক স্পষ্টীকৰণৰ প্ৰয়োজন আছে। পৰিষদে মন্ত্ৰী গোটক নিজৰ প্ৰতিবেদন অধিক ব্যাপক কৰি তুলিবলৈ অতিৰিক্ত তথ্য দাখিল কৰিবলৈ কয়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে স্বাস্থ্য আৰু জীৱন বীমাৰ সৈতে জড়িত জিএছটিৰ হাৰ সংশোধন বা প্ৰিমিয়াম হ্ৰাস কৰাৰ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বিষয়টো অধিক তদন্তৰ প্ৰয়োজন।

বৰ্তমান স্বাস্থ্য বীমা, টাৰ্ম লাইফ বীমা আৰু ইউনিট লিংকড বীমা পৰিকল্পনা ১৮ শতাংশ জিএছটি হাৰৰ অধীনত আহে। এনডাউমেণ্ট প্লেনত জিএছটি প্ৰয়োগ বেলেগ, প্ৰথম বছৰত ৪.৫ শতাংশ আৰু দ্বিতীয় বছৰৰ পৰা ২.২৫ শতাংশ হাৰত। জীৱন বীমাৰ বাবে একক প্ৰিমিয়াম বাৰ্ষিকী পলিচিয়ে ১.৮ শতাংশ জি এছ টি হাৰ আকৰ্ষণ কৰে। এই হাৰ সকলো বয়সৰ লোকৰ বাবে সমানে প্ৰযোজ্য। স্বাস্থ্য বীমা সম্পৰ্কীয় মন্ত্ৰী গোটটোৱে যোৱা ১৬ ডিচেম্বৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ বিষয়াসকলৰ আগত নিজৰ পৰামৰ্শ দাখিল কৰিছিল।

কি কি পৰিবৰ্তনৰ কথা কোৱা হৈছিল ?

১)জীৱন বীমাৰ বাবে ৰেহাই: জিঅ’এম-এ পৰিয়ালৰ সদস্যক সামৰি লোৱা বিশুদ্ধ ম্যাদী জীৱন বীমা পলিচীৰ বাবে জিএছটি ৰেহাইৰ প্ৰস্তাৱ দিছিল। ইয়াৰ অৰ্থ হ’ব যে এই পলিচিসমূহৰ ওপৰত জি এছ টি নাথাকিব, যাৰ ফলত পলিচিধাৰীৰ ওপৰত আৰ্থিক বোজা হ্ৰাস পাব।

২) জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য বীমাৰ ৰেহাই: আন এটা মূল পৰামৰ্শ হ’ল বিশেষভাৱে জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য বীমা পলিচীত জি এছ টিৰ পৰা ৰেহাই দিয়া, যিয়ে বৃদ্ধ জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা অধিক সুলভ কৰি তোলাত সহায় কৰিব।

৩)ব্যক্তিগত স্বাস্থ্য বীমাৰ জিএছটিৰ হাৰ হ্ৰাস কৰাঃ জিঅ’এম-এ সকলো ব্যক্তিগত স্বাস্থ্য বীমা পলিচীৰ জিএছটিৰ হাৰ ৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱো আগবঢ়াইছে, কিন্তু ইনপুট টেক্স ক্ৰেডিট (আইটিচি)ৰ বিকল্প অবিহনে। ইয়াৰ লক্ষ্য হৈছে প্ৰক্ৰিয়াটো সহজ কৰি ৰাখি ব্যক্তিৰ বাবে স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ খৰচ হ্ৰাস কৰা।


সোমবাৰে যেতিয়া শ্বেয়াৰ বজাৰ মুকলি হয়, তেতিয়া জিএছটিৰ হাৰত কোনো পৰিৱৰ্তন নহ’লে পলিচি বজাৰ, গ’ ডিজিট আৰু নিভা বুপাৰ দৰে স্বাস্থ্য বীমা আৰু জীৱন বীমা প্ৰদান কৰা তালিকাভুক্ত কোম্পানীসমূহৰ শ্বেয়াৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ