--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাজিক মাধ্যমত সম্প্ৰতি ভৰিপৰিছে অনলাইন বেটিং এপৰ বিজ্ঞাপনেৰে৷ এই অনলাইন বেটিংৰ জালত পৰি ছাত্ৰ-ছাত্ৰীসকলে হেৰুৱাইছে লাখ লাখ টকা। এই ছাত্ৰ ছাত্ৰীসকল আনলাইন বেটিংৰ প্ৰতি এনেদৰে আসক্ত হৈছে যে ঋণ লৈ ঘৰৰ সা-সামগ্ৰী বিক্ৰী কৰি অনলাইন জুৱা খেলাৰ ঘটনা পোহৰলৈ আহিছে৷ শেহতীয়াকৈ তেলেংগানাৰ ৰঙাৰেড্ডী জিলাৰ মহেশ্বৰমত আনলাইন বেটিং চক্ৰৰ জালত পৰি ২১ বছৰীয়া এজন যুৱকে নিজকে জুই লগাই আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে যুৱক জনৰ নাম ছাই কিৰণ৷ হায়দৰাবাদৰ এখন কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল কিৰণ। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিয়াৰ কিছু সময়ৰ পিছতে স্বামীয়ে এৰি যোৱাৰ পাছত কিৰণৰ মাতৃয়ে দিন হাজিৰা কৰিছিল। তেওঁৰ একমাত্ৰ সন্তান অকলে কিৰণক ডাঙৰ-দীঘল কৰিছিল।মাকে পুত্ৰ অনলাইন জুৱা খেলৰ প্ৰতি আসক্ত হৈ পৰাৰ বিষয়ে নাজানিছিল।কিৰণে জুৱা খেলৰ পৰা ৪ লাখ টকা উপাৰ্জন কৰিছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে৷ ইয়াৰ পিছতো জুৱা খেলা বন্ধ কৰা নাছিল কিৰণে।

বন্ধু-বান্ধৱীৰ পৰা ধন ধাৰে লৈও জুৱা খেলিছিল বুলি জানিব পৰা গৈছে। স্কুটীখনো ৪০ হাজাৰ টকাত বিক্ৰী কৰি সেই টকাৰে পুনৰ জুৱা খেলে। মাকে স্কুটীৰ কথা সুধাত তেতিয়া কিৰণে মেৰামতিৰ বাবে দিয়া বুলি কয়। ইয়াৰ পাছতে কিৰণৰ মাকে মেৰামতিৰ বিল চাব বিচাৰে। আৰু স্কুটি মেৰামতিৰ বাবে যিমান খৰচ হ’ব সেয়া মাকে দিব বুলি কয়। 

আৰক্ষী সূত্ৰই জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০:৩০ বজাত শুকুৰবাৰে কিৰণে নিজৰ ঘৰত প্ৰৱেশ কৰি ভিতৰৰ পৰা দুৱাৰত তলা মাৰি দিয়ে। তাৰ পিছত নিজৰ শৰীৰত অগ্নিসংযোগ কৰে। ঘটানৰ পাছত কৰিণক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয়।

প্ৰসংগ ক্ৰমে ১৮ ডিচেম্বৰত ইব্ৰাহিমপুৰ জিলাত অনলাইন বেটিং কেলেংকাৰিৰ চিকাৰ হৈ টি লিংহাম নামৰ আন এজন যুৱকে আত্মহত্যা পথ বাছি লয়। যুৱকজনৰ বয়স আছিল ২৫ বছৰ। আৰক্ষীয়ে জনোৱা মতে, বন্ধু-বান্ধৱীৰ পৰা ধাৰ লৈ ধন পৰিশোধ কৰিব নোৱাৰি এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে সহজে ধনঘটাৰ পাৰ বিৰত থাকক৷ আৰু এনে চক্ৰৰ কৱলৰ পৰা নিজকে সুৰক্ষিত ৰাখক৷

ইয়াৰ পাছতো এই চক্ৰ সমূহক প্ৰতিহত কৰিবৰ বাবে প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে মুকলি কৈ এই চক্ৰ সমূহক চলি থাকিবলৈ দিব সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু