--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাজিক মাধ্যমত সম্প্ৰতি ভৰিপৰিছে অনলাইন বেটিং এপৰ বিজ্ঞাপনেৰে৷ এই অনলাইন বেটিংৰ জালত পৰি ছাত্ৰ-ছাত্ৰীসকলে হেৰুৱাইছে লাখ লাখ টকা। এই ছাত্ৰ ছাত্ৰীসকল আনলাইন বেটিংৰ প্ৰতি এনেদৰে আসক্ত হৈছে যে ঋণ লৈ ঘৰৰ সা-সামগ্ৰী বিক্ৰী কৰি অনলাইন জুৱা খেলাৰ ঘটনা পোহৰলৈ আহিছে৷ শেহতীয়াকৈ তেলেংগানাৰ ৰঙাৰেড্ডী জিলাৰ মহেশ্বৰমত আনলাইন বেটিং চক্ৰৰ জালত পৰি ২১ বছৰীয়া এজন যুৱকে নিজকে জুই লগাই আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে যুৱক জনৰ নাম ছাই কিৰণ৷ হায়দৰাবাদৰ এখন কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল কিৰণ। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিয়াৰ কিছু সময়ৰ পিছতে স্বামীয়ে এৰি যোৱাৰ পাছত কিৰণৰ মাতৃয়ে দিন হাজিৰা কৰিছিল। তেওঁৰ একমাত্ৰ সন্তান অকলে কিৰণক ডাঙৰ-দীঘল কৰিছিল।মাকে পুত্ৰ অনলাইন জুৱা খেলৰ প্ৰতি আসক্ত হৈ পৰাৰ বিষয়ে নাজানিছিল।কিৰণে জুৱা খেলৰ পৰা ৪ লাখ টকা উপাৰ্জন কৰিছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে৷ ইয়াৰ পিছতো জুৱা খেলা বন্ধ কৰা নাছিল কিৰণে।

বন্ধু-বান্ধৱীৰ পৰা ধন ধাৰে লৈও জুৱা খেলিছিল বুলি জানিব পৰা গৈছে। স্কুটীখনো ৪০ হাজাৰ টকাত বিক্ৰী কৰি সেই টকাৰে পুনৰ জুৱা খেলে। মাকে স্কুটীৰ কথা সুধাত তেতিয়া কিৰণে মেৰামতিৰ বাবে দিয়া বুলি কয়। ইয়াৰ পাছতে কিৰণৰ মাকে মেৰামতিৰ বিল চাব বিচাৰে। আৰু স্কুটি মেৰামতিৰ বাবে যিমান খৰচ হ’ব সেয়া মাকে দিব বুলি কয়। 

আৰক্ষী সূত্ৰই জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০:৩০ বজাত শুকুৰবাৰে কিৰণে নিজৰ ঘৰত প্ৰৱেশ কৰি ভিতৰৰ পৰা দুৱাৰত তলা মাৰি দিয়ে। তাৰ পিছত নিজৰ শৰীৰত অগ্নিসংযোগ কৰে। ঘটানৰ পাছত কৰিণক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয়।

প্ৰসংগ ক্ৰমে ১৮ ডিচেম্বৰত ইব্ৰাহিমপুৰ জিলাত অনলাইন বেটিং কেলেংকাৰিৰ চিকাৰ হৈ টি লিংহাম নামৰ আন এজন যুৱকে আত্মহত্যা পথ বাছি লয়। যুৱকজনৰ বয়স আছিল ২৫ বছৰ। আৰক্ষীয়ে জনোৱা মতে, বন্ধু-বান্ধৱীৰ পৰা ধাৰ লৈ ধন পৰিশোধ কৰিব নোৱাৰি এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে সহজে ধনঘটাৰ পাৰ বিৰত থাকক৷ আৰু এনে চক্ৰৰ কৱলৰ পৰা নিজকে সুৰক্ষিত ৰাখক৷

ইয়াৰ পাছতো এই চক্ৰ সমূহক প্ৰতিহত কৰিবৰ বাবে প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে মুকলি কৈ এই চক্ৰ সমূহক চলি থাকিবলৈ দিব সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ