--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত বৰদিন, নৱবৰ্ষ। এনে সময়তে  বাণিজ্যিক গেছ চিলিণ্ডাৰৰ  মূল্য হ্ৰাস কৰা হৈছে । শুক্ৰবাৰে ১৯  কিলোগ্ৰাম ওজনৰ  চিলিণ্ডাৰৰ মূল্য ৩৯.৫০  টকাকৈ হ্ৰাস কৰা হৈছে ।

 গেছ চিলিণ্ডাৰৰ মূল্য সাধাৰণতে মাহৰ আৰম্ভণিতে সলনি হয়। এই মাহৰ আৰম্ভণিতে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছিল। অৱশ্যে খ্ৰীষ্টমাছ-নৱবৰ্ষৰ কথা মনত ৰাখি বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য যথেষ্ট হ্ৰাস কৰা হৈছে। অৱশ্যেঘৰুৱা  গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।

ৰাজ্যিক মালিকানাধীন পেট্ৰ'লিয়াম কোম্পানীবোৰে কৈছে  যে শুক্ৰবাৰৰ পৰা বাণিজ্যিক গেছৰ মূল্য হ্ৰাস কৰা হৈছে। ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় ৪০ টকা হ্ৰাস কৰাৰ কথাই ব্যৱসায়ীসকলক ভালে খিনি সকাহ দিব বুলি ধাৰণা কৰা হৈছে।  দিল্লী, মুম্বাই আৰু চেন্নাইত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটোত  ২,০০০ টকাৰ তলত হৈছে।

 গেছৰ মূল্য হ্ৰাস হোৱাৰ ফলত দোকানত বিক্ৰী হোৱা খাদ্যৰ মূল্যও হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য  পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য (১৯ কিলোগ্ৰাম) বৃদ্ধি পাইছিল। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পিছত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাব পাৰে বুলি পূৰ্বেই আশংকা কৰা হৈছিল।  বিশ্ব বজাৰত তেলৰ মূল্যৰ সৈতে সংগতি ৰাখি সাধাৰণতে মাহৰ আৰম্ভণিতে গেছৰ মূল্য বৃদ্ধি বা হ্ৰাস কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ