--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লাখ, দুই লাখ টকা নহয় ১৫ লাখ টকাৰ শুকান ডালে জলকীয়া ৰপ্তানি কৰা হ’ল। গুৱাহাটীস্থিত KADlien Innovations & Export Centre নামৰ কোম্পানীটোৱে ১৫ লাখ টকাৰ শুকান ডালে জলকীয়া ছিংগাপুৰলৈ সফলতাৰে ৰপ্তানি কৰিছে। জলকীয়া ৰপ্তানি প্ৰকল্পৰ নেতৃত্বত আছিল এগ্ৰো য়াৰ্ডৰ ধীৰাজ কুমাৰ শৰ্মা নামৰ এগৰাকী স্থানীয় উদ্যোগী৷ এই প্ৰকল্পটো কলকাতা এয়াৰ কাৰ্গো বন্দৰৰ পৰা ছিংগাপুৰলৈ দুটা পৰ্যায়ত সম্পূৰ্ণ হৈছিল। 

প্ৰাৰম্ভিক পৰিকল্পনা আছিল গুৱাহাটী বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ ছিংগাপুৰলৈ ৰপ্তানি কৰা, কিন্তু আন্তঃৰাষ্ট্ৰীয় সামগ্ৰীৰ বাবে গুৱাহাটী বিমানবন্দৰৰ অকাৰ্যকৰীতাৰ বাবে এই চালান কলকাতালৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল। দিল্লী, কুৱালালামপুৰ হৈ শেষত ছিংগাপুৰ পায়গৈ। 

কেইমাহমান আগতে কেডলিনে এপেডা আৰু এফআইইঅ’ৰ (APEDA and FIEO) সহযোগত গুৱাহাটীৰ পৰা প্ৰথমটো প্ৰত্যক্ষ ৰপ্তানিৰ কাম আৰম্ভ কৰিছিল। উত্তৰ-পূব ভাৰতৰ ফল-মূলৰ এয়া প্ৰত্যক্ষ চালান আছিল। এয়া অসমৰ গুৱাহাটী বিমানবন্দৰৰ পৰা প্ৰত্যক্ষ ৰপ্তানিৰ এক ঐতিহাসিক মুহূৰ্ত আছিল। কিন্তু বৰ্তমান বিমানবন্দৰৰ অকাৰ্য্যকৰীতাই উত্তৰ-পূব ভাৰতৰ স্থানীয় ৰপ্তানিকাৰকসকলৰ মাজত বহু সমস্যাৰ সৃষ্টি কৰিছে, তেওঁলোকে বিশ্বৰ বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

উল্লেখ্য যে ডালে জলকীয়া হৈছে প্ৰধানকৈ নেপাল আৰু ভাৰতত (বিশেষকৈ ছিকিম, দাৰ্জিলিং, আৰু কালিম্পং) খেতি কৰা জলকীয়াৰ এক প্ৰকাৰ। ইয়াৰ জ্বলা গুণ ১ লাখৰ পৰা ৩ লাখ ৫০ হাজাৰ এছ এইচ ইউ (স্কোভিল হিট ইউনিট)ৰ ভিতৰত থাকে।

ছিকিমে জলকীয়াৰ বাবে জিঅ’গ্ৰাফিক ইণ্ডিকেচন (জি আই) টেগ লাভ কৰিছিল, যিয়ে ইয়াৰ অনন্য গুণগত মান আৰু উৎপত্তিৰ সূচনা কৰে। উত্তৰ-পূব ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ প্ৰচাৰ আৰু কৃষক আৰু ৰপ্তানিকাৰকসকলক সহায় আৰু পথ প্ৰদৰ্শনৰ লক্ষ্যৰে কাম কৰি আছে গুৱাহাটীৰ KADlien Innovations and Export Centre-এ। 

কেডলিনৰ প্ৰতিষ্ঠাপক ড০ অচিন্ত্য কুমাৰ দাসে কয় যে ''আমি জনসাধাৰণক আমাৰ প্লেটফৰ্মত যোগদান কৰিবলৈ আৰু আমাৰ ৰপ্তানি সেৱাৰ সুবিধা ল’বলৈ আমন্ত্ৰণ জনাইছো। আমি উত্তৰ পূৰ্বাঞ্চলক ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰো আৰু আমাৰ অঞ্চলৰ চহকী বৈচিত্ৰ্য আৰু সম্ভাৱনা বিশ্বৰ আগত প্ৰদৰ্শন কৰিব বিচাৰো।  ইয়াৰ লগতে গুৱাহাটী আৰু কলকাতাৰ Spice Board ক অশেষ ধন্যবাদ জনাইছো জটিল সময়ত আমাক ইমান সহায় কৰা বাবে। ৰাইজৰ দিহা-পৰামৰ্শ আৰু সহায় আমাৰ একান্তই কাম্য।''

website www.kadlien.in 
ফোন নম্বৰঃ 91 87539 33408


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ