--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হৈছে হাৰ্ট এটেক। হাৰ্ট এটেক হোৱা লোকে আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসাৰ সুবিধা লাভ নকৰিলে জীৱনৰ বাবে সেয়া ভয়াৱহ হৈ উঠিব পাৰে। কম বয়সীয়া লোকৰ মাজতো বৰ্তমান হাৰ্ট এটেকৰ চিকাৰ হৈ অহা দেখিবলৈ পোৱা গৈছে।

চিকিৎসকলে হাৰ্ট এটেকৰ কাৰণ হিচাপে অনিয়মিত জীৱন প্ৰণালীকে দায়ী কৰে। জীৱন প্ৰণালীৰ অলপ পৰিৱৰ্তন কৰিলেই হাৰ্ট এটেকৰ আশংকাৰ পৰা বহুখিনি আঁতৰি থাকিব পাৰি।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত হাৰ্ট এটেক হৈছে মৃত্যুৰ দ্বিতীয় বৃহৎ কাৰণ।

আমাৰ দৈনন্দিন জীৱনত কেত বোৰ কথাৰ পৰিৱৰ্তন সাধিলে আমি এনে গুৰুতৰ সমস্যাৰ পৰা ভালে খিনি হাতসাৰি থাকিব পাৰো।

শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱাটো মুঠেও স্বাস্থ্যসন্মত কথা নহয়। ডায়েবেটিছৰ সমস্যা হ্ৰাস পালে হাৰ্ট এটেকৰ সম্ভাৱনাও ভালে খিনি কমি যায়।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। নিয়মিত যোগাসন-ব্যায়াম কৰিলে হাৰ্ট সুস্থ থাকে। সদায় আধাঘন্টা খোজকঢ়াটো প্ৰয়োজন। সপ্তাহটোত কমেও পাঁচদিন যোগ-ব্যায়াম কৰা উচিত।

মদ্যপান আৰু ধূমপান পৰিত্যাগ সম্পূৰ্ণ পৰিত্যাগ কৰিব লাগিব।
 
স্বাস্থ্যসন্মত খাদ্য খোৱাটো আন এক গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিদিনিৰ খাদ্য তালিকাত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেইট আৰু চৰ্বিৰ পৰিমাণৰ সমতা ৰক্ষা কৰিব লাগে।

সতেজ ফল-মূল, শাক-পাচলি খাওক। প্ৰতিদিনে খোৱাৰ সাজত অমেগা -৩ফেটি এচিড থকা মাছ খাবলৈ চেষ্টা কৰক। ছাগলীৰ মাংস (ৰেড মিট), নিমখ, মিঠাই আদি খোৱাটো কমাই দিয়ক।

হাৰ্ট সুস্থ ৰাখিবলৈ পৰ্যাপ্ত টোপনি অত্যন্ত প্ৰয়োজনীয় বিষয়। সুস্থ থাকিবলৈ প্ৰতিদিনে ছয়-সাত ঘন্টা টোপনি মৰাটো দৰকাৰী কথা।

সেইদৰে মানসিক চাপৰ পৰা নিজকে মুক্ত ৰখাৰ চেষ্টা কৰা উচিত। ইয়াৰ বাবে নিয়মিত যোগাভ্যাস কৰা উচিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে