ডিজিটেল ডেস্ক : প্ৰতিজন ব্যক্তিয়ে
বহু পৰিশ্ৰমৰ অন্ততহে নিজৰ পাৰিশ্ৰমিক পাবলৈ সক্ষম হয়। সেই ধনেৰে তেওঁ পৰিয়ালৰ বাকীখিনি
সদস্যৰ প্ৰয়োজন পূৰণৰ লগতে বহুতে সঞ্চয়ো কৰে, কিন্তু খৰচ বৃদ্ধিৰ বাবে বহু লোকে সঞ্চয়
কৰাত ব্যৰ্থ হয়। গতিকে জ্যোতিষশাস্ত্ৰৰ এনে এটা প্ৰতিকাৰ বিষয়ে কোৱা হয়, যাক গ্ৰহণ
কৰি আপুনিও মালক্ষ্মীৰ আশীবাৰ্দৰ লগতে সফলতা লাভ কৰিবলৈ সক্ষম হয়।
জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰথমটো কাম হৈছে দান কৰা, এই দানক ধৰ্মশাস্ত্ৰত সৰ্ববৃহৎ গুণ হিচাপে বিবেচিত হৈছে। কোৱা হয় যে যিসকল লোকে নিয়মিতভাৱে দান-বৰঙণি কৰে। জন্ম-মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ তেওঁলোকে মোক্ষ লাভ কৰে। সেইবাবেই যেতিয়াই সম্ভৱ তেতিয়াই আৰ্তজনক খাদ্য বা বস্ত্ৰ দান কৰিলে শুভ ফল পোৱা যায়। ইয়াৰ ফলত আপোনাৰ ঘৰৰ খাদ্যৰ ভঁৰাল সদায় ভৰি থাকে।
আৰ্তজনক দান দিয়াৰ উপৰি দ্বিতীয়টো কাম হৈছে আটাৰে ৰুটি বনাই গৰুক খুৱাব লাগে। ইয়াৰ লগতে নিয়মীতভাৱে পশুখাদ্যৰো ব্যৱস্থা কৰিব লাগে। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰে আৰু গৰুক ৰুটি খুৱালে পূণ্য ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।
পক্ষীক দানা-পানী ৰাখিব লাগে, যাতে চৰাইবোৰে পেট ভৰাই খাবলৈ খাদ্য পায়। জীৱবোৰৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰি শুভ ফল পোৱা যায়, যাৰ ফলত জীৱনৰ প্ৰগতিৰ পথ স্বয়ংক্ৰিয়ভাৱে মুকলি হ’বলৈ আৰম্ভ কৰে।