--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ লগে লগে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হয়।

ডিজিটেল ডেস্ক: অসমৰ ৰাজনৈতিক ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে দেশৰ ভিতৰতে জনপ্ৰিয় তথা বলিষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই। 


অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনভাৰৰ দায়িত্ব গ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হয়।


এক গাম্ভীৰ্যপূৰ্ণ তথা সুদৃশ্য মঞ্চত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে।


মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগতে আজি নতুন চৰকাৰখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিধায়কে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে। শপত লোৱা মন্ত্ৰীসকল হ’ল:

১/ অজন্তা নেওগ (গোলাঘাট সমষ্টিৰ বিধায়িকা)

২/ অতুল বৰা (বোকাখাত সমষ্টিৰ বিধায়ক)

৩/ চৰণ বড়ো (মাজবাট সমষ্টিৰ বিধায়ক)

৪/ ৰামেশ্বৰ তেলী (দুলীয়াজান সমষ্টিৰ বিধায়ক)


ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ সংকল্পৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই নতুন চৰকাৰখনে আজিৰে পৰা নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক