--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীৰ দিনা মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। এই দিনটোতে মাপাৰ্বতী আৰু ভগৱান ভোলেনাথ বিবাহপাশত আবদ্ধ হৈছিল বুলি জনবিশ্বাস আছে। মহাশিৱৰাত্ৰিৰ উপবাসে জীৱনলৈ কঢ়িয়াই আনে ধন-সম্পত্তিৰ লগতে সুখ-সমৃদ্ধি। কোৱা হয় যে মহাশিৱৰাত্ৰিৰ দিনা কিছুমান বিশেষ ব্যৱস্থাৰে কুবেৰদেৱৰো পূজা কৰিলে আৰ্থিক সমস্যাৰ পৰা মুক্ত হয়।

 শিৱ পূজাত সন্তুষ্ট হয় কুবেৰ দেৱো-

সৃষ্টিৰ দেৱতা ভোলেনাথক দেৱৰো দেৱ মহাদেৱ বুলি কোৱা হয়। একেদৰে দেৱতাসকলৰ মাজত কুবেৰক ধনৰ দেৱতা বুলি কোৱা হয়। কুবেৰ হৈছে সুখ-সমৃদ্ধি আৰু ধন-সম্পত্তিৰ দেৱতা। সকলোৱে জীৱনত ভগৱান কুবেৰৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে। যিহেতু কুবেৰ ভগৱান শিৱৰ পৰম ভক্ত। কিংবদন্তি অনুসৰি ভগৱান শিৱই বৰদান দিছিল যে কুবেৰদেৱক পূজা কৰা ভক্তসকলে ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি বৃদ্ধি হয়।

 এই পদ্ধতিৰে পূজা কৰিলে ধন-সম্পত্তি লাভ কৰিব-

* মহাশিৱৰাত্ৰিৰ দিনা ব্ৰহ্মমুহূৰ্তে উঠি স্নান কৰি বগা বস্ত্ৰ পৰিধান কৰক।

* শিৱৰ মন্দিৰত দক্ষিণ দিশলৈ মুখ কৰি ঘিউৰ চাৰিমুখী চাকি জ্বলাই ১০০৮বাৰ ওম শ্ৰী, ওম হ্ৰী শ্ৰী, ওম হ্ৰী শ্ৰী ক্লিম বিত্তেশ্বৰায়: নমঃ ( श्रीं, ह्रीं श्रीं, ह्रीं श्रीं क्लीं वित्तेश्वराय: नम:) মন্ত্ৰ জপ কৰক।

* যদি বেলগছৰ তলত বহি এই মন্ত্ৰ জপ কৰা হয়, তেন্তে ইয়াৰ প্ৰভাৱ সুখকৰ হয়। মনত ৰাখিব যে মন্ত্ৰ জপত কোনো ভুল হ’ব নালাগে।

* আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই মন্ত্ৰটো অতি ফলপ্ৰসূ বুলি কোৱা হয়।

* ধন আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ মাজেৰে পাৰ হৈ যোৱা লোকসকলে ছয় মুখৰ ৰুদ্ৰাক্ষ পিন্ধিব লাগে।

মহাশিৱৰাত্ৰিৰ গুৰুত্ব-

মহা মানে মহান, শিৱৰাত্ৰি মানে শিৱৰ নিশা। মানে শিৱৰ মহাৰাতি। মহাশিৱৰাত্ৰিৰ নিশা অতি শুভ বুলি গণ্য কৰা হয়, কোৱা হয় যে এই দিনটোত যিজনে ভোলেনাথক শুদ্ধ মনেৰে পূজা কৰে তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ ভাগ্য মুকলি হয়। বাস্তুদোষৰ অশুভ প্ৰভাৱ দূৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক