--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীৰ দিনা মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। এই দিনটোতে মাপাৰ্বতী আৰু ভগৱান ভোলেনাথ বিবাহপাশত আবদ্ধ হৈছিল বুলি জনবিশ্বাস আছে। মহাশিৱৰাত্ৰিৰ উপবাসে জীৱনলৈ কঢ়িয়াই আনে ধন-সম্পত্তিৰ লগতে সুখ-সমৃদ্ধি। কোৱা হয় যে মহাশিৱৰাত্ৰিৰ দিনা কিছুমান বিশেষ ব্যৱস্থাৰে কুবেৰদেৱৰো পূজা কৰিলে আৰ্থিক সমস্যাৰ পৰা মুক্ত হয়।

 শিৱ পূজাত সন্তুষ্ট হয় কুবেৰ দেৱো-

সৃষ্টিৰ দেৱতা ভোলেনাথক দেৱৰো দেৱ মহাদেৱ বুলি কোৱা হয়। একেদৰে দেৱতাসকলৰ মাজত কুবেৰক ধনৰ দেৱতা বুলি কোৱা হয়। কুবেৰ হৈছে সুখ-সমৃদ্ধি আৰু ধন-সম্পত্তিৰ দেৱতা। সকলোৱে জীৱনত ভগৱান কুবেৰৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে। যিহেতু কুবেৰ ভগৱান শিৱৰ পৰম ভক্ত। কিংবদন্তি অনুসৰি ভগৱান শিৱই বৰদান দিছিল যে কুবেৰদেৱক পূজা কৰা ভক্তসকলে ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি বৃদ্ধি হয়।

 এই পদ্ধতিৰে পূজা কৰিলে ধন-সম্পত্তি লাভ কৰিব-

* মহাশিৱৰাত্ৰিৰ দিনা ব্ৰহ্মমুহূৰ্তে উঠি স্নান কৰি বগা বস্ত্ৰ পৰিধান কৰক।

* শিৱৰ মন্দিৰত দক্ষিণ দিশলৈ মুখ কৰি ঘিউৰ চাৰিমুখী চাকি জ্বলাই ১০০৮বাৰ ওম শ্ৰী, ওম হ্ৰী শ্ৰী, ওম হ্ৰী শ্ৰী ক্লিম বিত্তেশ্বৰায়: নমঃ (ॐ श्रीं, ॐ ह्रीं श्रीं, ॐ ह्रीं श्रीं क्लीं वित्तेश्वराय: नम:) মন্ত্ৰ জপ কৰক।

* যদি বেলগছৰ তলত বহি এই মন্ত্ৰ জপ কৰা হয়, তেন্তে ইয়াৰ প্ৰভাৱ সুখকৰ হয়। মনত ৰাখিব যে মন্ত্ৰ জপত কোনো ভুল হ’ব নালাগে।

* আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই মন্ত্ৰটো অতি ফলপ্ৰসূ বুলি কোৱা হয়।

* ধন আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ মাজেৰে পাৰ হৈ যোৱা লোকসকলে ছয় মুখৰ ৰুদ্ৰাক্ষ পিন্ধিব লাগে।

মহাশিৱৰাত্ৰিৰ গুৰুত্ব-

মহা মানে মহান, শিৱৰাত্ৰি মানে শিৱৰ নিশা। মানে শিৱৰ মহাৰাতি। মহাশিৱৰাত্ৰিৰ নিশা অতি শুভ বুলি গণ্য কৰা হয়, কোৱা হয় যে এই দিনটোত যিজনে ভোলেনাথক শুদ্ধ মনেৰে পূজা কৰে তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ ভাগ্য মুকলি হয়। বাস্তুদোষৰ অশুভ প্ৰভাৱ দূৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু