--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয় টি-২০ত দক্ষিণ আফ্ৰিকাক ৪৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ২-১ৰ অগ্ৰগতি লৈছে ভাৰতে। অৱশ্যে এই জয়ৰ মাজতে অধিনায়ক ঋষভ পণ্টৰ শেহতীয়া ফৰ্ম হৈ পৰিছে চিন্তাৰ বিষয়। এতিয়ালৈকে পণ্টে এই শৃংখলাত ক্ৰমে ২৯, ৫ আৰু ৬ ৰান সংগ্ৰহ কৰিছে। শৃংখলাৰ তৃতীয়খন মেচতো  ৮টা বল খেলিও আউট হৈছিল পণ্ট। পণ্টৰ শেহতীয়া ফৰ্মক লৈ এইবাৰ সুনীল গাভাস্কাৰৰ পৰা আহিছে কঠোৰ বাৰ্তা।

যদিও বিগত সময়ছোৱাত পন্তৰ ফৰ্ম ভাল আছিল, তথাপি আইপিএলৰ পৰা ক্ৰীড়াপ্ৰেমীয়ে চিনাকি ছন্দত দেখা নাই পণ্টক। অধিনায়কত্বৰ বোজাই পণ্টৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে বুলি ধাৰণা কৰি লৈছে বহুজনে। কিংবদন্তী ভাৰতীয় বেটছমেন তথা প্ৰাক্তন অধিনায়ক গাভাস্কাৰেও অনুভৱ কৰে যে, অধিনায়কৰ হেঁচাত খেলুৱৈসকলে প্ৰায়ে নিজৰ প্ৰদৰ্শনৰ প্ৰতি মনোযোগ দিবলৈ পাহৰি যায়। ষ্টাৰ স্প’ৰ্টছত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত গাভাস্কাৰে কয় যে, ‘মানুহে আশা কৰিছে যে তেওঁ ক্ৰীজত আহিয়েই ফোৰ-ছিক্স কোৱাব। বিগত তিনি-চাৰি বছৰত তেওঁৰ প্ৰদৰ্শনে এই প্ৰত্যাশাৰ সৃষ্টি হৈছে। মই ভাবো তেওঁ এবাৰ আত্মবিশ্লেষণ কৰা উচিত।’

গাভাস্কাৰৰ স্পষ্ট কথা, এতিয়া পণ্টে নিজৰ বেটিঙৰ কথা চিন্তা কৰাৰ সময়। তেওঁৰ মতে, দল জয়ী হ’লে অধিনায়ক হিচাপে পণ্টৰ ওপৰত হেঁচা কমিব, যিটো তেওঁৰ বাবে এক সুখবৰ। ‘তেওঁ নিজৰ বেটিঙৰ কথা ঠাণ্ডা মগজুৰে ভাবিব লাগিব। হাতত দুদিন সময় আছে। প্ৰথমে জয়ী হ’লে ভাৰতে সকাহ অনুভৱ কৰিব। যিহেতু এই হেঁচা লঘু, গতিকে এইবাৰ তেওঁ নিজৰ খেলত মনোনিৱেশ কৰিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু