--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয় টি-২০ত দক্ষিণ আফ্ৰিকাক ৪৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ২-১ৰ অগ্ৰগতি লৈছে ভাৰতে। অৱশ্যে এই জয়ৰ মাজতে অধিনায়ক ঋষভ পণ্টৰ শেহতীয়া ফৰ্ম হৈ পৰিছে চিন্তাৰ বিষয়। এতিয়ালৈকে পণ্টে এই শৃংখলাত ক্ৰমে ২৯, ৫ আৰু ৬ ৰান সংগ্ৰহ কৰিছে। শৃংখলাৰ তৃতীয়খন মেচতো  ৮টা বল খেলিও আউট হৈছিল পণ্ট। পণ্টৰ শেহতীয়া ফৰ্মক লৈ এইবাৰ সুনীল গাভাস্কাৰৰ পৰা আহিছে কঠোৰ বাৰ্তা।

যদিও বিগত সময়ছোৱাত পন্তৰ ফৰ্ম ভাল আছিল, তথাপি আইপিএলৰ পৰা ক্ৰীড়াপ্ৰেমীয়ে চিনাকি ছন্দত দেখা নাই পণ্টক। অধিনায়কত্বৰ বোজাই পণ্টৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে বুলি ধাৰণা কৰি লৈছে বহুজনে। কিংবদন্তী ভাৰতীয় বেটছমেন তথা প্ৰাক্তন অধিনায়ক গাভাস্কাৰেও অনুভৱ কৰে যে, অধিনায়কৰ হেঁচাত খেলুৱৈসকলে প্ৰায়ে নিজৰ প্ৰদৰ্শনৰ প্ৰতি মনোযোগ দিবলৈ পাহৰি যায়। ষ্টাৰ স্প’ৰ্টছত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত গাভাস্কাৰে কয় যে, ‘মানুহে আশা কৰিছে যে তেওঁ ক্ৰীজত আহিয়েই ফোৰ-ছিক্স কোৱাব। বিগত তিনি-চাৰি বছৰত তেওঁৰ প্ৰদৰ্শনে এই প্ৰত্যাশাৰ সৃষ্টি হৈছে। মই ভাবো তেওঁ এবাৰ আত্মবিশ্লেষণ কৰা উচিত।’

গাভাস্কাৰৰ স্পষ্ট কথা, এতিয়া পণ্টে নিজৰ বেটিঙৰ কথা চিন্তা কৰাৰ সময়। তেওঁৰ মতে, দল জয়ী হ’লে অধিনায়ক হিচাপে পণ্টৰ ওপৰত হেঁচা কমিব, যিটো তেওঁৰ বাবে এক সুখবৰ। ‘তেওঁ নিজৰ বেটিঙৰ কথা ঠাণ্ডা মগজুৰে ভাবিব লাগিব। হাতত দুদিন সময় আছে। প্ৰথমে জয়ী হ’লে ভাৰতে সকাহ অনুভৱ কৰিব। যিহেতু এই হেঁচা লঘু, গতিকে এইবাৰ তেওঁ নিজৰ খেলত মনোনিৱেশ কৰিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ