--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সদ্যসমাপ্ত আই পি এলত আগবঢ়োৱা প্ৰদৰ্শনৰ মূল্য পালে ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই। আই পি এলত নিজৰ অধিনায়ক হিচাপে দাঙি ধৰা যোগ্যতাৰ স্বীকৃতি লাভ কৰিছে কুংফু পাণ্ডিয়াই। আগন্তুক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বুধবাৰে ভাৰতীয় দল ঘোষণা কৰিছে বিচিচিআই- এ। দুখনীয়া টি-২০ শৃংখলাটোৰ বাবে ঘোষিত দলটোৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক।  স্মৰ্তব্য যে পাণ্ডিয়াই প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় দলক নেতৃত্ব দিব। চলিত দক্ষিণ আফ্ৰিকা শৃংখলাত পাণ্ডিয়াই ভাৰতীয় দলৰ সহ-অধিনায়কৰ দায়িত্ব চম্ভালি আছে।

শেহতীয়াকৈ আই পি এলৰ ১৫ সংখ্যক সংস্কৰণত পাণ্ডিয়াই নৱাগত গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে ঈৰ্ষণীয় সফলতা লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে আই পি এলত অৱতীৰ্ণ হৈছে পাণ্ডিয়াৰ নেতৃত্বত গুজৰাটে জয় কৰিছিল আই পি এল খিতাপ।  আনহাতে ঘোষিত দলটোত ভাৰতীয় দলৰ সহ-অধিনায়ক হিচাপে বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰক নিৰ্বাচিত কৰা হৈছে। 

ইফালে মহাৰাষ্ট্ৰৰ বেটাৰ ৰাহুল ত্ৰিপাঠীক প্ৰথমবাৰৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ কৰা হৈছে। ঘৰুৱা ক্ৰিকেটৰ লগতে আই পি এলতো ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহাৰ পাছত অৱশেষত জাতীয় দলৰ দ্বাৰ মুকলি হ’ল ত্ৰিপাঠীৰ বাবে। বিশেষকৈ চলিত চিজনৰ আই পি এলত ত্ৰিপাঠীয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। ইয়াৰ পিছতো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁক বাচনি নকৰাৰ বাবে বিচিচিআইক সমালোচনাৰ লক্ষ্য কৰিছিল ক্ৰিকেট অনুৰাগী সকলে। 

আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত দললৈ উভতি আহিছে মধ্যক্ৰমৰ বেটাৰ সূৰ্যকুমাৰ যাদৱ।  যাদৱৰ লগতে সঞ্জু চেমছনৰো দললৈ প্ৰত্যাৱৰ্তন ঘটিছে। উল্লেখ্য যে আই পি এলৰ পিছতে ঘোষিত দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ভাৰতীয় দলত চেমচনক স্থান নিদিয়াৰ বাবেও ক্ৰিকেট অনুৰাগী সকল অসন্তুষ্ট হৈছিল।

আনহাতে চলিত দক্ষিণ আফ্ৰিকা শৃংখলাত ভাৰতীয় দলৰ নেতৃত্বত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত স্থান দিয়া নাই বিচিচিআই- এ। পণ্ট এই সময়ছোৱাত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ বাবে ভাৰতীয় দলৰ অংশ হিচাপে থাকিব। পণ্টৰ লগতে লোকেশ ৰাহুল আৰু শ্ৰেয়স আয়াৰকো ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলত স্থান দিয়াৰ বাবে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত উপলব্ধ নহ’ব। 

চলিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা পেচাৰদ্বয় উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙকো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত ৰখা হৈছে। আনহাতে উইকেটৰক্ষক বেটাৰ দিনেশ কাৰ্তিককো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে আয়াৰলেণ্ডৰ বিৰুদ্ধে এই টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দ্বায়িত্বত থাকিব ভি ভি এচ লক্ষ্মণ। ভাৰতৰ টেষ্ট দলৰ সৈতে নিয়মীয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ইংলেণ্ড ভ্ৰমণত ব্যস্ত থাকিব বাবে লক্ষ্মণক টি-২০ শৃংখলাটোত প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে। আয়াৰলেণ্ড ভ্ৰমণত ভাৰত ঘৰুৱা দল আয়াৰলেণ্ডৰ বিৰুদ্ধে ক্ৰমান্বয়ে ২৬ জুন আৰু ২৮ জুনত ডাবলিনত দুখন টি-২০ মেচত অংশ ল’ব।

ঘোষিত ভাৰতীয় দল: হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ (সহ-অধিনায়ক), ঈশান কিষণ, ৰুতুৰাজ গায়কোৱাড, সঞ্জু চেমছন, সূৰ্যকুমাৰ যাদৱ, ভেঙ্কটেশ আয়াৰ, দীপক হুডা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, ৰবি বিষ্ণৈ, হৰ্ষল পেটেল, আভেশ খান, অৰ্শদ্বীপ সিং, উমৰান মালিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু