--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানত তালিবানী শাসকৰ প্ৰত্যাৱৰ্তন লগে লগে বিশ্বৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতিত ভালেমান পৰিৱৰ্তনৰ আশংকাই দেখা দিছে। ভাৰতকে ধৰি এছিয়াৰ ভালেমান দেশত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰাৰ আশংকা আছে। কেৱল সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিতেই নহয় ইয়াৰ প্ৰভাৱ বিস্তাৰিত হ’ব পাৰে সাধাৰণতে ধাৰণা নকৰা ভালেমান ক্ষেত্ৰলৈও। তালিবানৰ বাবেই জনপ্ৰিয় খাদ্য হায়দৰাবাদী বিৰিয়ানীও হ’ব পাৰে অধিক খৰচী। বিৰিয়ানীপ্ৰেমীসকলৰ বাবে এনে অবাঞ্চিত পৰিৱৰ্তন আনিব পাৰে তালিবানে। আপতঃ উদ্ভট যেন লাগিলেও এই আশংকা এতিয়া স্পষ্ট হৈ পৰিছে।

কিন্তু তালিবানৰ বাবে কেনেকৈ ব্যয়বহুল হ'ব বিৰিয়ানী? ইয়াৰ কাৰণ হৈছে আফগানিস্তানৰ পৰা শুকান ফল আৰু মচলাৰ আমদানিৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰতিবন্ধকতা। জনপ্ৰিয় হায়দৰাবাদী বিৰিয়ানী প্ৰস্তুত কৰা হয় শুকান ফল আৰু বিভিন্ন ধৰণৰ মচলাৰে। এই শুকান ফলৰ ৮৫ শতাংশই ভাৰতে আমদানি কৰে যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা। কিন্তু শেহতীয়াকৈ তালিবানে পাকিস্তানৰ মাজেৰে কাৰ্গো বিমানৰ চলাচল বন্ধ কৰি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইয়াৰ ফলত ভাৰতত বিক্ৰী হোৱা শুকান ফলৰ মূল্য বৃদ্ধি পাইছে। শুকান ফলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত, হায়দৰাবাদী বিৰিয়ানীৰ দাম অতি সোনকালেই বৃদ্ধি হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে৷

ইয়াৰ পূৰ্বে ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনে (এফআইইঅ') আফগানিস্তানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে অনাগত দিনবোৰত শুকান ফলৰ মূল্যক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। 'আমি আফগানিস্তানৰ উন্নয়নৰ ওপৰত নজৰ ৰাখিছোঁ। তাৰ পৰা আমদানি কৰা সামগ্ৰী পাকিস্তানৰ মাজেৰে আহে। এই মুহূৰ্তত তালিবানে পাকিস্তানলৈ কাৰ্গোৰ চলাচল বন্ধ কৰি দিছে, সেয়েহে আমদানি প্ৰায় বন্ধ হৈ গৈছে।’ ফেডাৰেচন অব ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচনৰ সঞ্চালকপ্ৰধান (ডিজি) ডঃ অজয় চাহাই ইণ্ডিয়া টুডেক কয়। তেওঁ কয়, ‘যদি বাণিজ্য পুনৰ আৰম্ভ নহয়, তেন্তে বৰ্তমানৰ শুকান ফলৰ ষ্টকৰ মূল্য বৃদ্ধি হ'ব আৰু ব্যৱসায়ীসকলে যোগানৰ বিকল্প উৎসও বিচাৰিব লাগিব।'

নতুন দিল্লীৰ এজন ব্যৱসায়ী গৌৰৱ জাগ্গীয়ে কয় যে, যোৱা কেইদিনমানত আফগানিস্তানৰ পৰা অনা আখৰোট, এপ্ৰিকট আৰু কাঠবাদামৰ মূল্য দুগুণ, তিনিগুণলৈ বৃদ্ধি পাইছে। ইফালে, জম্মুৰ ড্ৰাই ফ্ৰুইটছ ৰিটেইল ট্ৰেডাৰ্ছ এছ’চিয়েচনে কয় যে, লকডাউনৰ বাবে তেওঁলোক ক্ষতিৰ সন্মুখীন হৈছিল আৰু এতিয়া তেওঁলোকৰ অৱস্থা এতিয়া অধিক শোচনীয় হৈ পৰাৰ উপক্ৰম ঘটিছে। শুকান ফলৰ মূল্য বৃদ্ধিৰ ফলত তেওঁলোক ব্যাপক বিত্তীয় লোকচানৰ সন্মুখীন হৈছে। ইয়াৰ বিক্ৰী হ্ৰাস হৈছে। লকডাউনৰ ফলত ব্যাপকআফগানিস্তানৰ পৰিস্থিতিৰ প্ৰভাৱ কিদৰে সৰ্বাত্মক হ’ব পাৰে তাৰ এয়া সৰু উদাহৰণ হিচাপে চিহ্নিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু