--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানত তালিবানী শাসকৰ প্ৰত্যাৱৰ্তন লগে লগে বিশ্বৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতিত ভালেমান পৰিৱৰ্তনৰ আশংকাই দেখা দিছে। ভাৰতকে ধৰি এছিয়াৰ ভালেমান দেশত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰাৰ আশংকা আছে। কেৱল সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিতেই নহয় ইয়াৰ প্ৰভাৱ বিস্তাৰিত হ’ব পাৰে সাধাৰণতে ধাৰণা নকৰা ভালেমান ক্ষেত্ৰলৈও। তালিবানৰ বাবেই জনপ্ৰিয় খাদ্য হায়দৰাবাদী বিৰিয়ানীও হ’ব পাৰে অধিক খৰচী। বিৰিয়ানীপ্ৰেমীসকলৰ বাবে এনে অবাঞ্চিত পৰিৱৰ্তন আনিব পাৰে তালিবানে। আপতঃ উদ্ভট যেন লাগিলেও এই আশংকা এতিয়া স্পষ্ট হৈ পৰিছে।

কিন্তু তালিবানৰ বাবে কেনেকৈ ব্যয়বহুল হ'ব বিৰিয়ানী? ইয়াৰ কাৰণ হৈছে আফগানিস্তানৰ পৰা শুকান ফল আৰু মচলাৰ আমদানিৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰতিবন্ধকতা। জনপ্ৰিয় হায়দৰাবাদী বিৰিয়ানী প্ৰস্তুত কৰা হয় শুকান ফল আৰু বিভিন্ন ধৰণৰ মচলাৰে। এই শুকান ফলৰ ৮৫ শতাংশই ভাৰতে আমদানি কৰে যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা। কিন্তু শেহতীয়াকৈ তালিবানে পাকিস্তানৰ মাজেৰে কাৰ্গো বিমানৰ চলাচল বন্ধ কৰি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইয়াৰ ফলত ভাৰতত বিক্ৰী হোৱা শুকান ফলৰ মূল্য বৃদ্ধি পাইছে। শুকান ফলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত, হায়দৰাবাদী বিৰিয়ানীৰ দাম অতি সোনকালেই বৃদ্ধি হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে৷

ইয়াৰ পূৰ্বে ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনে (এফআইইঅ') আফগানিস্তানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে অনাগত দিনবোৰত শুকান ফলৰ মূল্যক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। 'আমি আফগানিস্তানৰ উন্নয়নৰ ওপৰত নজৰ ৰাখিছোঁ। তাৰ পৰা আমদানি কৰা সামগ্ৰী পাকিস্তানৰ মাজেৰে আহে। এই মুহূৰ্তত তালিবানে পাকিস্তানলৈ কাৰ্গোৰ চলাচল বন্ধ কৰি দিছে, সেয়েহে আমদানি প্ৰায় বন্ধ হৈ গৈছে।’ ফেডাৰেচন অব ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচনৰ সঞ্চালকপ্ৰধান (ডিজি) ডঃ অজয় চাহাই ইণ্ডিয়া টুডেক কয়। তেওঁ কয়, ‘যদি বাণিজ্য পুনৰ আৰম্ভ নহয়, তেন্তে বৰ্তমানৰ শুকান ফলৰ ষ্টকৰ মূল্য বৃদ্ধি হ'ব আৰু ব্যৱসায়ীসকলে যোগানৰ বিকল্প উৎসও বিচাৰিব লাগিব।'

নতুন দিল্লীৰ এজন ব্যৱসায়ী গৌৰৱ জাগ্গীয়ে কয় যে, যোৱা কেইদিনমানত আফগানিস্তানৰ পৰা অনা আখৰোট, এপ্ৰিকট আৰু কাঠবাদামৰ মূল্য দুগুণ, তিনিগুণলৈ বৃদ্ধি পাইছে। ইফালে, জম্মুৰ ড্ৰাই ফ্ৰুইটছ ৰিটেইল ট্ৰেডাৰ্ছ এছ’চিয়েচনে কয় যে, লকডাউনৰ বাবে তেওঁলোক ক্ষতিৰ সন্মুখীন হৈছিল আৰু এতিয়া তেওঁলোকৰ অৱস্থা এতিয়া অধিক শোচনীয় হৈ পৰাৰ উপক্ৰম ঘটিছে। শুকান ফলৰ মূল্য বৃদ্ধিৰ ফলত তেওঁলোক ব্যাপক বিত্তীয় লোকচানৰ সন্মুখীন হৈছে। ইয়াৰ বিক্ৰী হ্ৰাস হৈছে। লকডাউনৰ ফলত ব্যাপকআফগানিস্তানৰ পৰিস্থিতিৰ প্ৰভাৱ কিদৰে সৰ্বাত্মক হ’ব পাৰে তাৰ এয়া সৰু উদাহৰণ হিচাপে চিহ্নিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ