--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰিবিয়ান ভূমিত বুধবাৰে পুনৰ উৰিল ভাৰতৰ বিজয় ধ্বজা। জয়ৰ ধাৰা অব্যাহত ৰাখি শিখৰ ধাৱান নেতৃত্বাধীন ভাৰতীয় দলে বুধবাৰে ৱেষ্ট ইণ্ডিজক এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত ১১৯ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। এইদৰে ঘৰুৱা দলটোক ৩-০ ব্যৱধানত ক্লীন ছুইপ কৰি শৃংখলা হস্তগত কৰে ভাৰতে। বেটে-বলে উজলি উঠা ভাৰতীয় দলৰ সন্মুখত প্ৰায় নিষ্প্ৰভ হৈ পৰে কেৰিবিয়ান বাহিনী। প্ৰথম দুখন মেচত ভাৰতক তীব্ৰ প্ৰত্যাহ্বান জনোৱা ঘৰুৱা দলটোৱে অন্তিমখন মেচত সহজেই আত্মসমৰ্পণ কৰে আৰু ১১৯ ৰানৰ বৃহৎ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে। 

উল্লেখ্য যে চলিত বৰ্ষত এদিনীয়া ক্ৰিকেটত ভাৰতে দ্বিতীয়বাৰৰ বাৰে ৱেষ্ট ইণ্ডিজ দলক দ্বিপাক্ষিক শৃংখলাত ক্লীন ছুইপ কৰে। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে গৃহভূমিত অনুষ্ঠিত হোৱা তিনিখনীয়া মেচৰ শৃংখলাত ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ কৰিছিল।

কালি সামৰণি পৰা তিনিখনীয়া মেচৰ শৃংখলাটোত ৱেষ্ট ইণ্ডিজক ক্লীন ছুইপ কৰাৰ লগে লগে ভাৰতৰ ভাৰপ্ৰাপ্ত অধিনায়ক শিখৰ ধাৱানে এক নতুন অভিলেখ গঢ়ি তোলে।এদিনীয়া ক্ৰিকেটৰ ইতিহাসত দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক শৃংখলাত প্ৰথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজক নিজৰ মাটিত হোৱাইটৱাছ কৰিবলৈ সক্ষম হয় ভাৰতে। এইদৰে কেৰিবিয়ান ভূমিত ঘৰুৱা দলটোক হোৱাইটৱাছ কৰা প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় ধাৱান। 

ভাৰতীয় দলে বৰ্তমানলৈকে কেৰিবিয়ান দ্বীপপুঞ্জত ছয়খন এদিনীয়া শৃংখলা জয়ী হৈছে। ভ্ৰমণকাৰী ভাৰতে ২০০০ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজৰ ভূমিত এদিনীয়া শৃংখলা জয় কৰিছিল। ঘৰুৱা দলটোৰ বিৰুদ্ধে এইবাৰহে প্ৰথম ভাৰতে শৃংখলাৰ আটাইকেইখন মেচতে জয়ী হ’বলৈ সক্ষম হয়। 

বুধবাৰৰ মেচখনত ভাৰতে অপেনাৰ শুভমন গিল আৰু অধিনায়ক শিখৰ ধাৱানৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ৩৬ অভাৰত ২৩ উইকেট হেৰুৱাই ২২৫ ৰান সংগ্ৰহ কৰিছিল। বৰষুণৰ বিধি-পঠালিৰ বাবে ইমানতে ভাৰতীয় ইনিংছ সমাপ্ত কৰা হয় আৰু ডাৰ্কৱৰ্থ লিৱিচ পদ্ধতিৰে ৱেষ্ট ইণ্ডিজৰ সমুখত ২৫৭ ৰানৰ নতুন লক্ষ্য বান্ধি দিয়া হয়। বৰষুণৰ বাবে দুৰ্ভাগ্যজনক গিলে মাত্ৰ দুই ৰানৰ বাবে এদিনীয়াত নিজৰ পৰথমটো শতক অৰ্জন কৰাৰ পৰা বঞ্চিত হয়। 

গিলে ৯৮ ৰান সংগ্ৰহ কৰি অপৰাজিত থকাৰ বিপৰীতে অধিনায়ক শিখৰ ধাৱানে ৫৮ ৰান সংগ্ৰহ কৰে। তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা শ্ৰেয়স আয়াৰেও মূল্যৱান ৪৪ ৰানৰ বৰঙনি আগবঢ়ায়। পুনৰ এবাৰ ব্যৰ্থ হয় সূৰ্যকুমাৰ যাদৱ (৮)। আনহাতে উইকেটৰক্ষক বেটাৰ সঞ্জু চেমছন ৬ ৰানত অপৰাজিত থাকে। 

২৫৭ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে ইনিংছৰ দ্বিতীয় অভাৰতে উজুটি খায়। শৃংখলাটোত ভাৰতৰ বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰা মহম্মদ চিৰাজে অভাৰটোত অপেনাৰ কাৰ্ল মেয়াৰ্চ আৰু তিনি নম্বৰ স্থানত ক্ৰীজলৈ অহা ব্ৰুকছক বিদায় দিয়ে। ইয়াৰ পাছতে ভাৰতীয় দলৰ সন্মিলিত বলিং আক্ৰমণৰ সন্মুখত দিশহাৰা হৈ পৰা ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৩৭ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। অধিনায়ক নিকোলাছ পুৰান আৰু ব্ৰেণ্ডন কিঙে সৰ্বাধিক ৪২ কৈ ৰান সংগ্ৰহ কৰে। 

ঘৰুৱা দলটোৰ ত্ৰাসৰ কাৰণ হৈ পৰা স্পিনাৰ যুজবেন্দ্ৰ চাহালে ১৭ ৰানত ৪ টা উইকেট লাভ কৰে। আনহাতে পেচাৰ চিৰাজ আৰু  শাৰ্দুল ঠাকুৰে লাভ কৰে ২ টাকৈ উইকেট। অক্সৰ পেটেলৰ হাতলৈ যায় এটা উইকেট। সমগ্ৰ শৃংখলাটোতে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা শুভমন গিল মেচৰ লগতে শৃংখলাৰো শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ