--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সুন্দৰ গাঢ় কমলা ৰঙৰ পাচলি হিচাপে ব্যৱহৃত গাজৰৰ বৈজ্ঞানিক নাম হ’ল Daucus carota। গাজৰৰ খাদ্য মূল্য যথেষ্ট। ইয়াত যথেষ্ট পৰিমাণৰ কেৰ’টিন থাকে যিয়ে-ভিটামিন সৃষ্টিত অৰিহণা যোগায়।

ডিজিটেল ডেস্ক: গাজৰ এবিধ উপকাৰী পাচলি। গাজৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। কাৰণ ইয়াক বিভিন্ন ধৰণে ৰান্ধি খোৱাৰ উপৰি কেঁচায়ো খাব পাৰি তথা ইয়াৰে বিভিন্ন ধৰণৰ মিঠা খাদ্য সম্ভাৰো প্ৰস্তুত কৰি খাব পাৰি। বিশেষকৈ গাজৰৰ হালোৱা বৰ জনপ্ৰিয় ব্যঞ্জন।


সুন্দৰ গাঢ় কমলা ৰঙৰ পাচলি হিচাপে ব্যৱহৃত গাজৰৰ বৈজ্ঞানিক নাম হ’ল Daucus carota। গাজৰৰ খাদ্য মূল্য যথেষ্ট। ইয়াত যথেষ্ট পৰিমাণৰ কেৰ’টিন থাকে যিয়ে-ভিটামিন সৃষ্টিত অৰিহণা যোগায়। উৎপাদনৰ সময়, মাটিৰ গুণাগুণ, জাত আদিৰ বিশেষে গাজৰৰ ৰঙৰো সামান্য হ’লেও ভিন্নতা দেখা যায়। যেনে-পাতল হালধীয়া, গাঢ় হালধীয়া, সুমথিৰা ৰ্ং আনকি ৰঙা ধৰণৰো হ’ব পাৰে। সাধাৰণতে বেছি কমলা ৰঙৰ গাজৰত কেৰ’টিনৰ পৰিমাণ বেছি থাকে। সেয়ে এনেবোৰ গাজৰৰ চাহিদা বৰ বেছি।


গাজৰত অধিক পৰিমাণে বেটা কেৰ'টিন, ফাইবাৰ, এণ্টি অক্সিডেণ্ট, ভিটামিন এ, চি, কে, পাণ্টোথেনিক এচিদ, ফোলাটে, পটাছিয়াম, আইৰণ, কপাৰ, ফছফৰাছ, মেগনেছিয়াম আয়োডিন আৰু ছডিয়াম পোৱা যায় ৷


গাজৰৰ নানা স্বাস্থ্য উপকাৰিতাৰ কথা জানো আহক...


১) দৃষ্টিশক্তি বৃদ্ধি: গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন A (বিটা-কেৰোটিন) থাকে, যি চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়।


২) ৰোগ প্ৰতিৰোধ ক্ষমতা: ভিটামিন C-ৰ উপস্থিতিয়ে শৰীৰত এণ্টিবডি গঢ়ি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।


৩) ওজন নিয়ন্ত্ৰণ: গাজৰত কেলৰি কম আৰু আঁহ (Fiber) বেছি, যাৰ ফলত পেট দীৰ্ঘসময় ভৰি থাকে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।


৪) হৃদযন্ত্ৰৰ স্বাস্থ্য: গাজৰৰ নিয়মীয়া সেৱনে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ ৰাখে।


৫) ছাল আৰু চুলিৰ যত্ন: এণ্টি-অক্সিডেণ্ট গুণৰ বাবে ই ছাল উজ্জ্বল আৰু সুস্থ কৰি ৰখাত সহায় কৰে।


৬) ডায়েবেটিছ নিয়ন্ত্ৰণ: গাজৰত চেনিৰ পৰিমাণ কম থকাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী হ'ব পাৰে।


৭) দাঁতৰ স্বাস্থ্য: গাজৰ কেঁচাই চোবাই খালে দাঁতত চামনি পৰা বা দাঁতৰ চেপা-কোণা তথা দাঁতৰ আলুক পৰিস্কাৰ কৰি ৰাখিব পাৰে। এইদৰে মুখগহ্বৰৰ সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰে।


৮) দ্ৰুত বয়স বৃদ্ধি প্ৰতিহত: গাজৰে দ্ৰুত বয়স বৃদ্ধি প্ৰতিহত কৰে। এণ্টি-অক্সিডেণ্টৰ উপস্থিতিৰ বাবে বয়স বৃদ্ধিৰ ধাৰণা লাহে লাহে আহে। 


গতিকে আপোনাৰ খাদ্য তালিকাত গাজৰক যোগ দিয়ক আৰু সুস্বাস্থ্য গঢ়ি তোলক। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনত বিনিয়োগকাৰীৰ ৯ লাখ কোটি টকা লোকচান, অস্থিৰতাৰ কবলত ভাৰতীয় শ্বেয়াৰ বজাৰ
অগণন ভক্তৰ সমাগমত উখল-মাখল নীলাচল; মন্ত্রী কৌশিক ৰায়ৰ নিৰ্দেশত কর্তব্যত গাফিলতি কৰা ৩ বিষয়াক নিলম্বন
NMCৰ সিদ্ধান্ত; মেডিকেল কলেজত বন্ধ হ’ব পি জি ডিপ্ল’মা
শাৰদপন্থী এন চি পিৰ ৫ সাংসদ শীঘ্রেই বিজেপিলৈ! মহাৰাষ্ট্ৰৰ ৰাজনীতিত বিস্ফোৰণৰ আশংকা
উৎকট গৰমে দহিছে ইউৰোপক; ৪৩ ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমাত্রা হোৱা ফ্ৰান্সত ‘ৰেড এলার্ট’
আজিৰে পৰা বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান
অৰুণাচলৰ বৰষুণৰ বাবে অসমত উচ্চ সতৰ্কতা: নিম্ন সোৱণশিৰিৰ বানপানীয়ে শংকিত কৰিছে কেইবাখনো জিলাক
শোণিতপুৰৰ সীমান্তৱৰ্তী গাঁওসমূহত দুৰ্বিষহ জীৱন: পথ, দলং আৰু ভূমি অধিকাৰৰ বাবে ৪ শতাধিক পৰিয়ালৰ প্ৰতীক্ষা
নগাঁও শিক্ষা বিভাগত SEBA-DISE ক'ড জালিয়াতিৰ অভিযোগ: ৭খন বিদ্যালয় তদন্তৰ আওতাত
চাৰি বছৰত অসমত ১.৮২ কোটি হিতাধিকাৰীলৈ ১৬,৬৪০ কোটি টকাৰ প্ৰত্যক্ষ বিত্তীয় সাহায্য
বঙাইগাঁওৰ আমবাৰী পাৰৰচৰত সম্প্ৰীতিৰ অনন্য নিদৰ্শন: হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়াত মুছলমান গাওঁবাসীৰ সহযোগিতা
ছেমিকণ্ডাক্টৰ উৎপাদনৰ হাব হিচাপে গঢ়ি উঠিব অসম: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজধানী এক্সপ্ৰেছৰ সজাগ চালকৰ তৎপৰতাত হাত সাৰিল বন্যহস্তীৰ জাক
অম্বুবাচী মেলাত ব্যতিক্ৰমী সাধুৰ আগমন, ভক্তৰ মাজত বিশেষ চৰ্চা