--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সুন্দৰ গাঢ় কমলা ৰঙৰ পাচলি হিচাপে ব্যৱহৃত গাজৰৰ বৈজ্ঞানিক নাম হ’ল Daucus carota। গাজৰৰ খাদ্য মূল্য যথেষ্ট। ইয়াত যথেষ্ট পৰিমাণৰ কেৰ’টিন থাকে যিয়ে-ভিটামিন সৃষ্টিত অৰিহণা যোগায়।

ডিজিটেল ডেস্ক: গাজৰ এবিধ উপকাৰী পাচলি। গাজৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। কাৰণ ইয়াক বিভিন্ন ধৰণে ৰান্ধি খোৱাৰ উপৰি কেঁচায়ো খাব পাৰি তথা ইয়াৰে বিভিন্ন ধৰণৰ মিঠা খাদ্য সম্ভাৰো প্ৰস্তুত কৰি খাব পাৰি। বিশেষকৈ গাজৰৰ হালোৱা বৰ জনপ্ৰিয় ব্যঞ্জন।


সুন্দৰ গাঢ় কমলা ৰঙৰ পাচলি হিচাপে ব্যৱহৃত গাজৰৰ বৈজ্ঞানিক নাম হ’ল Daucus carota। গাজৰৰ খাদ্য মূল্য যথেষ্ট। ইয়াত যথেষ্ট পৰিমাণৰ কেৰ’টিন থাকে যিয়ে-ভিটামিন সৃষ্টিত অৰিহণা যোগায়। উৎপাদনৰ সময়, মাটিৰ গুণাগুণ, জাত আদিৰ বিশেষে গাজৰৰ ৰঙৰো সামান্য হ’লেও ভিন্নতা দেখা যায়। যেনে-পাতল হালধীয়া, গাঢ় হালধীয়া, সুমথিৰা ৰ্ং আনকি ৰঙা ধৰণৰো হ’ব পাৰে। সাধাৰণতে বেছি কমলা ৰঙৰ গাজৰত কেৰ’টিনৰ পৰিমাণ বেছি থাকে। সেয়ে এনেবোৰ গাজৰৰ চাহিদা বৰ বেছি।


গাজৰত অধিক পৰিমাণে বেটা কেৰ'টিন, ফাইবাৰ, এণ্টি অক্সিডেণ্ট, ভিটামিন এ, চি, কে, পাণ্টোথেনিক এচিদ, ফোলাটে, পটাছিয়াম, আইৰণ, কপাৰ, ফছফৰাছ, মেগনেছিয়াম আয়োডিন আৰু ছডিয়াম পোৱা যায় ৷


গাজৰৰ নানা স্বাস্থ্য উপকাৰিতাৰ কথা জানো আহক...


১) দৃষ্টিশক্তি বৃদ্ধি: গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন A (বিটা-কেৰোটিন) থাকে, যি চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়।


২) ৰোগ প্ৰতিৰোধ ক্ষমতা: ভিটামিন C-ৰ উপস্থিতিয়ে শৰীৰত এণ্টিবডি গঢ়ি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।


৩) ওজন নিয়ন্ত্ৰণ: গাজৰত কেলৰি কম আৰু আঁহ (Fiber) বেছি, যাৰ ফলত পেট দীৰ্ঘসময় ভৰি থাকে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।


৪) হৃদযন্ত্ৰৰ স্বাস্থ্য: গাজৰৰ নিয়মীয়া সেৱনে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ ৰাখে।


৫) ছাল আৰু চুলিৰ যত্ন: এণ্টি-অক্সিডেণ্ট গুণৰ বাবে ই ছাল উজ্জ্বল আৰু সুস্থ কৰি ৰখাত সহায় কৰে।


৬) ডায়েবেটিছ নিয়ন্ত্ৰণ: গাজৰত চেনিৰ পৰিমাণ কম থকাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী হ'ব পাৰে।


৭) দাঁতৰ স্বাস্থ্য: গাজৰ কেঁচাই চোবাই খালে দাঁতত চামনি পৰা বা দাঁতৰ চেপা-কোণা তথা দাঁতৰ আলুক পৰিস্কাৰ কৰি ৰাখিব পাৰে। এইদৰে মুখগহ্বৰৰ সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰে।


৮) দ্ৰুত বয়স বৃদ্ধি প্ৰতিহত: গাজৰে দ্ৰুত বয়স বৃদ্ধি প্ৰতিহত কৰে। এণ্টি-অক্সিডেণ্টৰ উপস্থিতিৰ বাবে বয়স বৃদ্ধিৰ ধাৰণা লাহে লাহে আহে। 


গতিকে আপোনাৰ খাদ্য তালিকাত গাজৰক যোগ দিয়ক আৰু সুস্বাস্থ্য গঢ়ি তোলক। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু