--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লফা শাকৰ সেৱনে শৰীৰত তেজ (hemoglobin) বৃদ্ধি কৰে, যাৰ ফলত ৰক্তহীনতা বা এনিমিয়া ৰোগত অত্যন্ত উপকাৰী।

ডিজিটেল ডেস্ক: লফা শাক এবিধ উপকাৰী শাক। লফা শাকৰ লগত অসমীয়া মানুহে সাধাৰণতে মাছৰ জোল বনাই খায়। বহুতো লোকে চুকা বা পালেং শাকৰ লগতো একেলগে মিহলি কৰি আঞ্জা ৰান্ধে। এই শাক শৰীৰৰ বাবে শক্তিকাৰক।


লফা শাক (Malva verticillata) হৈছে পুষ্টিগুণেৰে ভৰপূৰ এক শীতকালীন শাক, যি শৰীৰৰ বাবে অত্যন্ত উপকাৰী। লফা শাকৰ নানা উপকাৰিতাৰ কথা জানো আহক। 


১) এই শাকে কোষ্ঠকাঠিন্যতা দূৰ কৰে। পেটৰ সমস্যা দূৰ কৰে। লফা শাকত প্ৰচুৰ পৰিমাণে আঁহ (fiber) থাকে, সেয়ে ই কোষ্ঠকাঠিন্যতা আঁতৰাই পেট পৰিষ্কাৰ কৰাত সহায় কৰে।


২) ইয়াৰ সেৱনে শৰীৰত তেজ (hemoglobin) বৃদ্ধি কৰে।


৩) লফা শাকে ভোক বঢ়ায় আৰু হজম প্ৰক্ৰিয়া উন্নত কৰে।


৪) উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। 


৫) ইয়াত থকা ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।


৬) ই ছালৰ উজ্জ্বলতা বঢ়ায় আৰু ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।


৭) মধুমেহ বা ডায়েবেটিছ ৰোগীৰ বাবে এই শাক উপকাৰী, কাৰণ ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে।


৮) ৰক্তহীনতা বা এনিমিয়া ৰোগত অত্যন্ত উপকাৰী।


৯) এই শাক কিডনী ষ্ট'ন বা পাথৰ প্ৰতিৰোধ কৰাত সহায়ক হ'ব পাৰে।


১০) শীতকালত হোৱা কফ, হাঁপানী আৰু ব্ৰংকাইটিছৰ সমস্যাত এই শাক উপকাৰী। 


গতিকে আপোনাৰ খাদ্য তালিকাত লফা শাকক যোগ কৰিবলৈ নাপাহৰিব। এই শাক খাওক আৰু সুস্বাস্থ্য গঢ়ি তোলক। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান