--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভিটামিন চি-ৰ অন্যতম উৎস হোৱাৰ বাবে, ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ডিজিটেল ডেস্ক: অমৰা এবিধ অসমৰ থলুৱা পুষ্টিকৰ টেঙা ফল, য'ত প্ৰচুৰ পৰিমাণে ভিটামিন চি, আইৰণ, কেলচিয়াম আৰু আঁহ (fiber) থাকে। প্ৰাচীনকালৰ পৰাই অমৰাই পৰম্পৰাগত ঔষধি হিচাবে স্থান লাভ কৰি আহিছে৷ 


নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ সমস্যাৰ পৰা দূৰত থাকিব পৰা যায়। টেঙা আৰু কেঁহা সোৱাদৰ এইবিধ ফল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। Spondias mombin হ'ল অমৰাৰ ব'টানিকেল নাম যাৰ বংশাৱলী হ'ল- Anacardiaceae (Cashew family)৷ শীতকালত উপলব্ধ এবিধ ফল হ'ল অমৰা। ইয়াৰ যথেষ্ট ঔষধি গুণ আছে।


অমৰাৰ স্বাস্থ্য উপকাৰী গুণ


ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ভিটামিন চি-ৰ অন্যতম উৎস হোৱাৰ বাবে, ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি সংক্ৰমণৰ পৰা ৰক্ষা কৰে।


হজম শক্তি বৃদ্ধি: অমৰাত থকা আঁহ আৰু অন্যান্য উপাদানে বদহজম দূৰ কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰে।


চৰ্দি-কাহ আৰু জ্বৰ: অমৰা খালে চৰ্দি, কাহ আৰু ডিঙিৰ বিষৰ পৰা উপশম পোৱা যায়।


হাড় আৰু দাঁতৰ যত্ন: ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যি শিশুৰ দৈহিক গঠন আৰু হাড় তথা দাঁত মজবুত কৰাত সহায় কৰে।


ছালৰ উজ্জ্বলতা: ই ছালৰ কোষবোৰ সুস্থ ৰাখে আৰু ৰক্ত বিশুদ্ধ কৰাত সহায় কৰে, যাৰ ফলত ছাল উজ্জ্বল হয়।


আইৰণৰ অভাৱ দূৰ: অমৰাত থকা আইৰণে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে।


ওজন নিয়ন্ত্ৰণ: ইয়াত কেলৰি কম আৰু আঁহ বেছি থাকে, যাৰ বাবে ই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


অসমত অমৰাৰ জাম, জেলি, টক, আচাৰ আৰু শুকান মুখশুদ্ধি বনোৱাৰ ওপৰিও বহুতে কুমলীয়া পাতৰ চাটনি খায়৷ সৰু বা ডাঙৰ মাছৰ লগত টেঙা আঞ্জা ৰান্ধে ৷ কোনোৱে দাইলতো অমৰা দি খাই ভাল পায় আৰু কাৰোবাৰ ঘৰত সিদ্ধ কৰি আলুৰ লগত পিটিকা খোৱা হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি