--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কঁঠালৰ গুটি পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ, ভিটামিন ‘এ’, ‘চি’ আৰু নানা ধৰণৰ খনিজ যেনে আইৰণ, কেলচিয়াম আদি থাকে।

ডিজিটেল ডেস্ক: এতিয়া কঁঠাল খোৱাৰ বতৰ। কঁঠালৰ লগতে কঁঠাল গুটি খায়ো সকলো মানুহেই ভালপায়। কঁঠালৰ দৰেই কঁঠাল গুটিৰো আছে বহু উপকাৰী গুণ। কঁঠালৰ গুটি সমূহো বহু পুষ্টিকৰ গুণেৰে সমৃদ্ধ। কঁঠাল গুটিক অসমীয়াৰ জাতীয় আৱেগ বুলিও পাৰি। এই কঁঠাল গুটি পোৰা, বা পিটিকা কৰি, ডাইলত দি বিভিন্ন প্ৰকাৰে মানুহে সোৱাদ লয়। ঢেঁকীয়া আৰু কঁঠালৰ গুটিৰ আঞ্জাৰ সোৱাদেই সুকীয়া। 


কঁঠালৰ গুটি পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ, ভিটামিন ‘এ’, ‘চি’ আৰু নানা ধৰণৰ খনিজ যেনে আইৰণ, কেলচিয়াম আদি থাকে। ওজন নিয়ন্ত্ৰণ, হজম শক্তি বৃদ্ধি আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাৰ লগতে ই ৰক্তহীনতা নিয়ন্ত্ৰণতো অৰিহণা যোগায়।


কঁঠাল গুটিৰ কেইটামান প্ৰধান উপকাৰিতা


১) পাচনতন্ত্ৰ সুস্থ ৰাখে: কঠালৰ গুটিত থকা ডায়েটৰী ফাইবাৰে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰে আৰু পাচনক্ৰিয়া উন্নত কৰাত সহায় কৰে।


২) ওজন নিয়ন্ত্ৰণ: ই পেটটো দীৰ্ঘসময়লৈ ভৰি থকাৰ দৰে অনুভৱ কৰায়, যাৰ ফলত সহজে ভোক নালাগে আৰু ওজন হ্ৰাস কৰাত সহায়ক হয়।


৩) ৰক্তহীনতা বা এনিমিয়া দূৰ কৰে: কঠাল গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে শৰীৰত হিম’গ্লবিন বৃদ্ধি কৰি ৰক্তহীনতা ৰোধ কৰাত সহায় কৰে।


৪) ছাল আৰু চুলিৰ বাবে ভাল: গুটিত থকা পুষ্টিকৰ উপাদানে ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে।


৫) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে।


৬) যৌনস্বাস্থ্য উন্নত: কঁঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে।পৰম্পৰাগত চিকিৎসাত কঠালগুটি পুৰি খালে যৌনশক্তি বৃদ্ধি হয়।


৭) বয়সৰ চাপ নিৰাময়: ৰিংকল্চ বা কম বয়সত মুখত দেখা দিয়া বয়সৰ আঁচুৰ নিৰাময় কৰে। ইয়াৰ এণ্টি-অক্সিডেণ্টে ফ্ৰী ৰেডিকেল্চ প্ৰতিৰোধ কৰি ৰিংকল্চ নোহোৱা কৰে। বাকলি পৰিস্কাৰ কৰি গুটি কেঁচা গাখীৰৰ লগত পিহি পেষ্ট বনাই দৈনিক ১-২ বাৰ মুখত সানিলে ৰিংকল্চ নোহোৱা হয়।


৮) হাড় আৰু দাঁত মজবুত ৰাখে: কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ গঠন আৰু দৃঢ়তা বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়। কঁঠালৰ গুটি এই দুয়োটা খনিজৰ এক ভাল উৎস, যিয়ে হাড় আৰু দাঁতৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।


৯) মানসিক সুস্থতাত সহায়: প্ৰয়োজনীয় খনিজ আৰু পুষ্টি উপাদানে স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে। সুষম আহাৰৰ অংশ হিচাপে কঁঠালৰ গুটি খালে মানসিক সুস্থতা ৰক্ষাত কিছু উপকাৰ পোৱা যাব পাৰে।


১০) ব্লাড ক্লটিং প্ৰতিৰোধ: ইয়াৰ মেংগানিজে তেজ গোট মৰা (ব্লাড ক্লটিং) প্ৰতিৰোধ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু