--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কঁঠালৰ গুটি পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ, ভিটামিন ‘এ’, ‘চি’ আৰু নানা ধৰণৰ খনিজ যেনে আইৰণ, কেলচিয়াম আদি থাকে।

ডিজিটেল ডেস্ক: এতিয়া কঁঠাল খোৱাৰ বতৰ। কঁঠালৰ লগতে কঁঠাল গুটি খায়ো সকলো মানুহেই ভালপায়। কঁঠালৰ দৰেই কঁঠাল গুটিৰো আছে বহু উপকাৰী গুণ। কঁঠালৰ গুটি সমূহো বহু পুষ্টিকৰ গুণেৰে সমৃদ্ধ। কঁঠাল গুটিক অসমীয়াৰ জাতীয় আৱেগ বুলিও পাৰি। এই কঁঠাল গুটি পোৰা, বা পিটিকা কৰি, ডাইলত দি বিভিন্ন প্ৰকাৰে মানুহে সোৱাদ লয়। ঢেঁকীয়া আৰু কঁঠালৰ গুটিৰ আঞ্জাৰ সোৱাদেই সুকীয়া। 


কঁঠালৰ গুটি পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ, ভিটামিন ‘এ’, ‘চি’ আৰু নানা ধৰণৰ খনিজ যেনে আইৰণ, কেলচিয়াম আদি থাকে। ওজন নিয়ন্ত্ৰণ, হজম শক্তি বৃদ্ধি আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাৰ লগতে ই ৰক্তহীনতা নিয়ন্ত্ৰণতো অৰিহণা যোগায়।


কঁঠাল গুটিৰ কেইটামান প্ৰধান উপকাৰিতা


১) পাচনতন্ত্ৰ সুস্থ ৰাখে: কঠালৰ গুটিত থকা ডায়েটৰী ফাইবাৰে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰে আৰু পাচনক্ৰিয়া উন্নত কৰাত সহায় কৰে।


২) ওজন নিয়ন্ত্ৰণ: ই পেটটো দীৰ্ঘসময়লৈ ভৰি থকাৰ দৰে অনুভৱ কৰায়, যাৰ ফলত সহজে ভোক নালাগে আৰু ওজন হ্ৰাস কৰাত সহায়ক হয়।


৩) ৰক্তহীনতা বা এনিমিয়া দূৰ কৰে: কঠাল গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে শৰীৰত হিম’গ্লবিন বৃদ্ধি কৰি ৰক্তহীনতা ৰোধ কৰাত সহায় কৰে।


৪) ছাল আৰু চুলিৰ বাবে ভাল: গুটিত থকা পুষ্টিকৰ উপাদানে ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে।


৫) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে।


৬) যৌনস্বাস্থ্য উন্নত: কঁঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে।পৰম্পৰাগত চিকিৎসাত কঠালগুটি পুৰি খালে যৌনশক্তি বৃদ্ধি হয়।


৭) বয়সৰ চাপ নিৰাময়: ৰিংকল্চ বা কম বয়সত মুখত দেখা দিয়া বয়সৰ আঁচুৰ নিৰাময় কৰে। ইয়াৰ এণ্টি-অক্সিডেণ্টে ফ্ৰী ৰেডিকেল্চ প্ৰতিৰোধ কৰি ৰিংকল্চ নোহোৱা কৰে। বাকলি পৰিস্কাৰ কৰি গুটি কেঁচা গাখীৰৰ লগত পিহি পেষ্ট বনাই দৈনিক ১-২ বাৰ মুখত সানিলে ৰিংকল্চ নোহোৱা হয়।


৮) হাড় আৰু দাঁত মজবুত ৰাখে: কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ গঠন আৰু দৃঢ়তা বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়। কঁঠালৰ গুটি এই দুয়োটা খনিজৰ এক ভাল উৎস, যিয়ে হাড় আৰু দাঁতৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।


৯) মানসিক সুস্থতাত সহায়: প্ৰয়োজনীয় খনিজ আৰু পুষ্টি উপাদানে স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে। সুষম আহাৰৰ অংশ হিচাপে কঁঠালৰ গুটি খালে মানসিক সুস্থতা ৰক্ষাত কিছু উপকাৰ পোৱা যাব পাৰে।


১০) ব্লাড ক্লটিং প্ৰতিৰোধ: ইয়াৰ মেংগানিজে তেজ গোট মৰা (ব্লাড ক্লটিং) প্ৰতিৰোধ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান