--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কোমোৰা কুমলীয়া পৰা আৰম্ভ কৰি পূৰঠ আনকি শুকান অৱস্থাতো খোৱাৰ উপযোগী হৈ থাকে আৰু ইয়াৰ বিভিন্ন ধৰণৰ জুতিলগা ব্যঞ্জন প্ৰস্তুত কৰা হয়।

ডিজিটেল ডেস্ক: ‘‘চালত কোমোৰা লাও জিকা ভোল, ভঁৰালত জহাধান, গোহালিত গৰু পুখুৰীত মাছ, বাৰীত তামোল পাণ’’। অসমৰ এক জনপ্ৰিয় কবিতাৰ এষাৰি এয়া। অসমীয়া সমাজৰ সৈতে জড়িত খাদ্যৰ তালিকাত কোমোৰাৰ যথেষ্ট আদৰ আছে।


কোমোৰা এবিধ গ্ৰীষ্মকালীন পাচলি। কোমোৰাৰ বাহ্যিক বিশেষত্ব এয়ে যে কুমলীয়া অৱস্থাত থকা সেউজীয়া ৰং, ই ডাঙৰ হৈ অহাৰ লগে লগে প্ৰায় বগা ৰঙলৈ পৰিৱৰ্তন হয়। সকলোৰে সু-পৰিচিত কোমোৰা এবিধ লাও জাতীয় উদ্ভিদ। কোমোৰা কুমলীয়া পৰা আৰম্ভ কৰি পূৰঠ আনকি শুকান অৱস্থাতো খোৱাৰ উপযোগী হৈ থাকে আৰু ইয়াৰ বিভিন্ন ধৰণৰ জুতিলগা ব্যঞ্জন প্ৰস্তুত কৰা হয়। সাধাৰণ ভাজি বা তৰকাৰী ৰূপত কোমোৰা ব্যৱহাৰ হোৱাৰ লগতে মাছৰ লগত কোমোৰাৰ ব্যঞ্জন যথেষ্ট তৃপ্তিদায়ক। আনহাতে পুৰণা কোমোৰাৰ লগত হাঁহৰ মাংসৰ জোল অতি সুস্বাদু হয়। কোমোৰাৰে মোৰাব্বাও প্ৰস্তুত কৰিব পাৰি।


কোমোৰাৰ নানা উপকাৰী গুণৰ কথা জানো আহক


১) ই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে।


২) নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই ভাল ফল দিয়ে।


৩) পুৰুষৰ শুক্ৰাণুৰ সংখ্যাগত তথা গুণগত মান বৃদ্ধিত ই যথেষ্ট সহায়কাৰীৰ ভূমিকা পালন কৰিব পাৰে।


৪) কেঁচুমূৰীয়া ৰোগ(পাইলছ)ৰ উপশম কোমোৰাই ভাল ফল দিয়ে।


৫) পূৰঠ কোমোৰা পিহি পোৱা ৰসৰ লগত সমপৰিমাণৰ পানী মিলাই পুৱা খালী পেটত কিছুদিন খালে এচিডিটি, পেটৰ আলচাৰ আদি উপশম হয়। এনে ৰসে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।


৬) কোমোৰাৰ মজ্জাভাগ জুয়ে পোৰা ঠাইত প্ৰলেপ দিলে পোৰণি হ্ৰাস পায়।


৭) ই কোষ্ঠকাঠিন্য আৰু প্ৰস্ৰাৱৰ দোষ নিবাৰণত সহায় কৰে।


৯) ই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।


১০) ইয়াৰ গুটি পুষ্টিদায়ক আৰু শৰীৰৰ কলা বৰ্দ্ধনত সহায়ক।


১১) পূৰঠ কোমোৰা চকলা-চকলকৈ কাটি চেনিৰ দ্ৰৱত দি কিছুদিনলৈ খালে ৰুগীয়া অথবা নিশকতীয়া লোকৰ ওজন বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান