--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কোমোৰা কুমলীয়া পৰা আৰম্ভ কৰি পূৰঠ আনকি শুকান অৱস্থাতো খোৱাৰ উপযোগী হৈ থাকে আৰু ইয়াৰ বিভিন্ন ধৰণৰ জুতিলগা ব্যঞ্জন প্ৰস্তুত কৰা হয়।

ডিজিটেল ডেস্ক: ‘‘চালত কোমোৰা লাও জিকা ভোল, ভঁৰালত জহাধান, গোহালিত গৰু পুখুৰীত মাছ, বাৰীত তামোল পাণ’’। অসমৰ এক জনপ্ৰিয় কবিতাৰ এষাৰি এয়া। অসমীয়া সমাজৰ সৈতে জড়িত খাদ্যৰ তালিকাত কোমোৰাৰ যথেষ্ট আদৰ আছে।


কোমোৰা এবিধ গ্ৰীষ্মকালীন পাচলি। কোমোৰাৰ বাহ্যিক বিশেষত্ব এয়ে যে কুমলীয়া অৱস্থাত থকা সেউজীয়া ৰং, ই ডাঙৰ হৈ অহাৰ লগে লগে প্ৰায় বগা ৰঙলৈ পৰিৱৰ্তন হয়। সকলোৰে সু-পৰিচিত কোমোৰা এবিধ লাও জাতীয় উদ্ভিদ। কোমোৰা কুমলীয়া পৰা আৰম্ভ কৰি পূৰঠ আনকি শুকান অৱস্থাতো খোৱাৰ উপযোগী হৈ থাকে আৰু ইয়াৰ বিভিন্ন ধৰণৰ জুতিলগা ব্যঞ্জন প্ৰস্তুত কৰা হয়। সাধাৰণ ভাজি বা তৰকাৰী ৰূপত কোমোৰা ব্যৱহাৰ হোৱাৰ লগতে মাছৰ লগত কোমোৰাৰ ব্যঞ্জন যথেষ্ট তৃপ্তিদায়ক। আনহাতে পুৰণা কোমোৰাৰ লগত হাঁহৰ মাংসৰ জোল অতি সুস্বাদু হয়। কোমোৰাৰে মোৰাব্বাও প্ৰস্তুত কৰিব পাৰি।


কোমোৰাৰ নানা উপকাৰী গুণৰ কথা জানো আহক


১) ই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে।


২) নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই ভাল ফল দিয়ে।


৩) পুৰুষৰ শুক্ৰাণুৰ সংখ্যাগত তথা গুণগত মান বৃদ্ধিত ই যথেষ্ট সহায়কাৰীৰ ভূমিকা পালন কৰিব পাৰে।


৪) কেঁচুমূৰীয়া ৰোগ(পাইলছ)ৰ উপশম কোমোৰাই ভাল ফল দিয়ে।


৫) পূৰঠ কোমোৰা পিহি পোৱা ৰসৰ লগত সমপৰিমাণৰ পানী মিলাই পুৱা খালী পেটত কিছুদিন খালে এচিডিটি, পেটৰ আলচাৰ আদি উপশম হয়। এনে ৰসে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।


৬) কোমোৰাৰ মজ্জাভাগ জুয়ে পোৰা ঠাইত প্ৰলেপ দিলে পোৰণি হ্ৰাস পায়।


৭) ই কোষ্ঠকাঠিন্য আৰু প্ৰস্ৰাৱৰ দোষ নিবাৰণত সহায় কৰে।


৯) ই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।


১০) ইয়াৰ গুটি পুষ্টিদায়ক আৰু শৰীৰৰ কলা বৰ্দ্ধনত সহায়ক।


১১) পূৰঠ কোমোৰা চকলা-চকলকৈ কাটি চেনিৰ দ্ৰৱত দি কিছুদিনলৈ খালে ৰুগীয়া অথবা নিশকতীয়া লোকৰ ওজন বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু