--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্বৰ ৭খন মহাদেশৰ সাতটা সর্বোচ্চ শিখৰত সফলতাৰে আৰোহণ কৰি এই অভিলেখ গঢ়িছে গুৱাহাটীৰ দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছৰ সদস্য হেদায়েৎ আলীয়ে।

ডিজিটেল ডেস্ক : পৰ্বত আৰোহণৰ ক্ষেত্ৰত এক বিৰল অভিলেখ গঢ়িলে এজন অসমীয়া পর্বত আৰোহীয়ে। বিশ্বৰ ৭খন মহাদেশৰ সাতটা সর্বোচ্চ শিখৰত সফলতাৰে আৰোহণ কৰি এই অভিলেখ গঢ়িছে গুৱাহাটীৰ দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছৰ সদস্য হেদায়েৎ আলীয়ে। যোৱা ৩১ মে'ৰ দিনা হেদায়েৎ আলীয়ে উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ শিখৰ মাউন্ট ডেনালিত সফলতাৰে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয়।


প্ৰতিকূল বতৰ, অহৰহ হৈ থকা তুষাৰপাতৰ মাজতে আমেৰিকাৰ আলাস্কাত থকা ২০,৩১০ উচ্চতাৰ মাউন্ট ডেনালিত আলীয়ে ফুলাম গামোচাৰ লগতে এক্সপ্ল'ৰাৰ্ছৰ পতাকা উৰুৱাই দিয়ে। উল্লেখযোগ্য যে প্রতিকূল বতৰৰ বাবে ইয়াৰ পূৰ্বে দুবাৰকৈ তেওঁ মাউন্ট ডেনালি আৰোহণৰ চেষ্টাত বিফল হৈছিল।


আনহাতে, হাজো-দামপুৰৰ পৰা গৈ বৰ্তমান আমেৰিকাৰ ছানফ্রান্সিস্কোৰ নিৱাসী হোৱা হেদায়েৎ আলীয়ে পূৰ্বে বিশ্বৰ লগতে এছিয়াৰ সৰ্বোচ্চ শিখৰ মাউন্ট এভাৰেষ্ট, দক্ষিণ আমেৰিকা মহাদেশৰ সর্বোচ্চমাউন্ট এক'ন'গোৱা, আফ্রিকা মহাদেশৰ সর্বোচ্চ শিখৰ মাউন্ট কিলিমাঞ্জাৰু, ইউৰোপৰ সর্বোচ্চ মাউন্ট এলব্রুচ, অষ্ট্ৰেলিয়া মহাদেশৰ সর্বোচ্চ কছকিউছক', এন্টার্কটিকা মহাদেশৰ সর্বোচ্চ শিখৰ মাউন্ট ভিনচন আৰোহণ কৰি বিৰল কৃতিত্ব গঢ়িছিল।


শেহতীয়াকৈ বিশ্বৰ ৭খন মহাদেশৰ সৰ্বোচ্চ শিখৰকেইটা আৰোহণ কৰাটো বিশ্বৰ পৰ্বতাৰোহীসকলৰ মাজত এক ট্রেণ্ডত পৰিণত হৈছে। অসমৰ আন এজন পর্বত আৰোহী মনীষ ডেকাই এন্টার্কটিকাৰ ভিনচন শিখৰৰ বাহিৰে আন ৬খন মহাদেশৰ ৬টা শিখৰত আৰোহণ কৰি থৈছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু