--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্বৰ ৭খন মহাদেশৰ সাতটা সর্বোচ্চ শিখৰত সফলতাৰে আৰোহণ কৰি এই অভিলেখ গঢ়িছে গুৱাহাটীৰ দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছৰ সদস্য হেদায়েৎ আলীয়ে।

ডিজিটেল ডেস্ক : পৰ্বত আৰোহণৰ ক্ষেত্ৰত এক বিৰল অভিলেখ গঢ়িলে এজন অসমীয়া পর্বত আৰোহীয়ে। বিশ্বৰ ৭খন মহাদেশৰ সাতটা সর্বোচ্চ শিখৰত সফলতাৰে আৰোহণ কৰি এই অভিলেখ গঢ়িছে গুৱাহাটীৰ দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছৰ সদস্য হেদায়েৎ আলীয়ে। যোৱা ৩১ মে'ৰ দিনা হেদায়েৎ আলীয়ে উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ শিখৰ মাউন্ট ডেনালিত সফলতাৰে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয়।


প্ৰতিকূল বতৰ, অহৰহ হৈ থকা তুষাৰপাতৰ মাজতে আমেৰিকাৰ আলাস্কাত থকা ২০,৩১০ উচ্চতাৰ মাউন্ট ডেনালিত আলীয়ে ফুলাম গামোচাৰ লগতে এক্সপ্ল'ৰাৰ্ছৰ পতাকা উৰুৱাই দিয়ে। উল্লেখযোগ্য যে প্রতিকূল বতৰৰ বাবে ইয়াৰ পূৰ্বে দুবাৰকৈ তেওঁ মাউন্ট ডেনালি আৰোহণৰ চেষ্টাত বিফল হৈছিল।


আনহাতে, হাজো-দামপুৰৰ পৰা গৈ বৰ্তমান আমেৰিকাৰ ছানফ্রান্সিস্কোৰ নিৱাসী হোৱা হেদায়েৎ আলীয়ে পূৰ্বে বিশ্বৰ লগতে এছিয়াৰ সৰ্বোচ্চ শিখৰ মাউন্ট এভাৰেষ্ট, দক্ষিণ আমেৰিকা মহাদেশৰ সর্বোচ্চমাউন্ট এক'ন'গোৱা, আফ্রিকা মহাদেশৰ সর্বোচ্চ শিখৰ মাউন্ট কিলিমাঞ্জাৰু, ইউৰোপৰ সর্বোচ্চ মাউন্ট এলব্রুচ, অষ্ট্ৰেলিয়া মহাদেশৰ সর্বোচ্চ কছকিউছক', এন্টার্কটিকা মহাদেশৰ সর্বোচ্চ শিখৰ মাউন্ট ভিনচন আৰোহণ কৰি বিৰল কৃতিত্ব গঢ়িছিল।


শেহতীয়াকৈ বিশ্বৰ ৭খন মহাদেশৰ সৰ্বোচ্চ শিখৰকেইটা আৰোহণ কৰাটো বিশ্বৰ পৰ্বতাৰোহীসকলৰ মাজত এক ট্রেণ্ডত পৰিণত হৈছে। অসমৰ আন এজন পর্বত আৰোহী মনীষ ডেকাই এন্টার্কটিকাৰ ভিনচন শিখৰৰ বাহিৰে আন ৬খন মহাদেশৰ ৬টা শিখৰত আৰোহণ কৰি থৈছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ