--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  ইভিএমকলৈ নানান বিতৰ্ক চলি থকাৰ সময়তে ইভিএমকলৈ সন্দেহ ব্যক্ত কৰিলে ইলন মাস্কে।  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মাস্কৰ মন্তব্যক পূৰ্ণ  সমৰ্থন কৰিছে। ভাৰতত  লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ  প্ৰায় দুসপ্তাহৰ পাছত মাস্কৰ মন্তব্যৰ পিছতে  পুনৰ ইভিএমকলৈ চৰ্চা আৰম্ভ হৈছে।শেহতীয়াকৈ প’ৰ্ট’ ৰিকোৰ নিৰ্বাচনত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

 ইভিএম হেক, ভুৱা ভোটাৰৰ বহু প্ৰমাণো পোৱা গৈছে। সেই বিষয়টো লৈ টেছলাৰ মুৰব্বী  মাস্কে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত লিখিছে, “আমি ইলেক্ট্ৰনিক ভোটিং মেচিন  শীঘ্ৰে বাতিল কৰা উচিত।কাৰণ মানুহ বা এআইৰ দ্বাৰা ইভিএম হেক কৰাৰ সম্ভাৱনা আছে। সেই সম্ভাৱনা সামান্য  হ’লেও ইয়াৰ প্ৰভাৱ বৃহৎ।” ৰাহুল গান্ধীয়ে মাস্কৰ মন্তব্যক  সমৰ্থন কৰিছে। কিন্তু ভাৰতৰ  নিৰ্বাচনৰ প্ৰেক্ষাপটত ইভিএমৰ বিষয়ে মাস্কে কোনো মন্তব্য কৰা নাছিল, তথাপিও ভাৰতৰ ক্ষেত্ৰতো  তেওঁৰ বক্তব্য প্ৰাসংগিক হৈ পৰিছে। ভাৰতৰ বিৰোধীয়ে দীৰ্ঘদিন ধৰি ইভিএম হেক হোৱাৰ সম্ভাৱনাৰ বিষয়ে অভিযোগ উত্থাপন কৰি আহিছে।

মাস্কৰ পোষ্টটো ৰিটুইট কৰি ৰাহুল গান্ধীয়ে কয় যে" ইভিএম এই দেশত ব্লেক বক্সৰ  দৰে হৈ পৰিছে। ইয়াকলৈ  প্ৰশ্ন উত্থাপন কৰাৰ অধিকাৰ কাৰো নাই।" কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে আমাৰ গণতন্ত্ৰৰ স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ উত্থাপন হ’বলৈ আৰম্ভ হৈছে । পোনপটীয়াকৈ নিৰ্বাচন আয়োগক লক্ষ্য কৰি ৰাহুলে কয় , ‘যদি স্বায়ত্তশাসিত সংস্থাসমূহ দায়বদ্ধ নহয়, তেন্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো প্ৰহসনত পৰিণত হয়। গণতন্ত্ৰত প্ৰৱঞ্চনা বৃদ্ধি পাব পাৰে।"


কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ পোষ্টটোত এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনো শ্বেয়াৰ কৰে। প্ৰতিবেদন খনত অভিযোগ কৰা হৈছিল যে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ এজন নেতাই গণনাৰ দিনটোত গণনা কেন্দ্ৰৰ বাহিৰৰ পৰা গণনা প্ৰক্ৰিয়াত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছিল। শিৱসেনাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত জানিব পৰা গৈছে যে তেওঁৰ হাতত ইভিএমসমূহ ‘আনলক’ কৰিবলৈ কিছু ক’ড আছিল। অৱশ্যে এই খবৰৰ সত্যতা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে। কিন্তু ৰাহুল গান্ধীৰ পোষ্টৰ পৰা স্পষ্ট হৈ পৰিছে যে ইভিএমকলৈ বিৰোধী পক্ষও সন্দিহান হৈ আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক