--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  ইভিএমকলৈ নানান বিতৰ্ক চলি থকাৰ সময়তে ইভিএমকলৈ সন্দেহ ব্যক্ত কৰিলে ইলন মাস্কে।  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মাস্কৰ মন্তব্যক পূৰ্ণ  সমৰ্থন কৰিছে। ভাৰতত  লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ  প্ৰায় দুসপ্তাহৰ পাছত মাস্কৰ মন্তব্যৰ পিছতে  পুনৰ ইভিএমকলৈ চৰ্চা আৰম্ভ হৈছে।শেহতীয়াকৈ প’ৰ্ট’ ৰিকোৰ নিৰ্বাচনত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

 ইভিএম হেক, ভুৱা ভোটাৰৰ বহু প্ৰমাণো পোৱা গৈছে। সেই বিষয়টো লৈ টেছলাৰ মুৰব্বী  মাস্কে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত লিখিছে, “আমি ইলেক্ট্ৰনিক ভোটিং মেচিন  শীঘ্ৰে বাতিল কৰা উচিত।কাৰণ মানুহ বা এআইৰ দ্বাৰা ইভিএম হেক কৰাৰ সম্ভাৱনা আছে। সেই সম্ভাৱনা সামান্য  হ’লেও ইয়াৰ প্ৰভাৱ বৃহৎ।” ৰাহুল গান্ধীয়ে মাস্কৰ মন্তব্যক  সমৰ্থন কৰিছে। কিন্তু ভাৰতৰ  নিৰ্বাচনৰ প্ৰেক্ষাপটত ইভিএমৰ বিষয়ে মাস্কে কোনো মন্তব্য কৰা নাছিল, তথাপিও ভাৰতৰ ক্ষেত্ৰতো  তেওঁৰ বক্তব্য প্ৰাসংগিক হৈ পৰিছে। ভাৰতৰ বিৰোধীয়ে দীৰ্ঘদিন ধৰি ইভিএম হেক হোৱাৰ সম্ভাৱনাৰ বিষয়ে অভিযোগ উত্থাপন কৰি আহিছে।

মাস্কৰ পোষ্টটো ৰিটুইট কৰি ৰাহুল গান্ধীয়ে কয় যে" ইভিএম এই দেশত ব্লেক বক্সৰ  দৰে হৈ পৰিছে। ইয়াকলৈ  প্ৰশ্ন উত্থাপন কৰাৰ অধিকাৰ কাৰো নাই।" কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে আমাৰ গণতন্ত্ৰৰ স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ উত্থাপন হ’বলৈ আৰম্ভ হৈছে । পোনপটীয়াকৈ নিৰ্বাচন আয়োগক লক্ষ্য কৰি ৰাহুলে কয় , ‘যদি স্বায়ত্তশাসিত সংস্থাসমূহ দায়বদ্ধ নহয়, তেন্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো প্ৰহসনত পৰিণত হয়। গণতন্ত্ৰত প্ৰৱঞ্চনা বৃদ্ধি পাব পাৰে।"


কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ পোষ্টটোত এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনো শ্বেয়াৰ কৰে। প্ৰতিবেদন খনত অভিযোগ কৰা হৈছিল যে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ এজন নেতাই গণনাৰ দিনটোত গণনা কেন্দ্ৰৰ বাহিৰৰ পৰা গণনা প্ৰক্ৰিয়াত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছিল। শিৱসেনাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত জানিব পৰা গৈছে যে তেওঁৰ হাতত ইভিএমসমূহ ‘আনলক’ কৰিবলৈ কিছু ক’ড আছিল। অৱশ্যে এই খবৰৰ সত্যতা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে। কিন্তু ৰাহুল গান্ধীৰ পোষ্টৰ পৰা স্পষ্ট হৈ পৰিছে যে ইভিএমকলৈ বিৰোধী পক্ষও সন্দিহান হৈ আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন