--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ আমন্ত্ৰণত   ইটালীত অনুষ্ঠিত হোৱা  জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইটালীলৈ গৈছে। এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বিশ্বৰ বহু আগশাৰীৰ নেতা নেতাসকলো উপস্থিত আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী  মোদীয়ে সনিমিলনত উপস্থিত থাকি এতিয়ালৈকে ভালেকেইগৰাকী বিশ্ব নেতাক সাক্ষাৎ কৰিছে। মোদীয়ে শেহতীয়াকৈ   আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ লগতে  কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোকো সাক্ষাৎ কৰিছে। মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনক সাৱটি ধৰাৰ লগতে জাষ্টিন ট্ৰুডোৰ হাতত  ধৰি  বহু সময় কথা পাতে। কেৱল সেয়াই নহয়, সন্মিলনৰ সময়তে মোদীয়ে  বিভিন্ন দেশৰ  নেতাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয়।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ আমন্ত্ৰণত তেওঁ অতিথি হিচাপে ৫০ সংখ্যক জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছে।  শুকুৰবাৰে এই সন্মিলনৰ মাজতে বাইডেনক সাক্ষাৎ কৰে মোদীয়ে। বহু দিনৰ  পাছত বন্ধুক দেখি মোদীয়ে বাইডেনক  সাৱটি ধৰে। ইয়াৰ পিছত দুয়ো বৈঠকত মিলিত হয়। মোদীয়ে  এক্স হেণ্ডেলত  লিখিছে, ‘আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা সাক্ষাৎ  সদায় মোৰ বাবে এক  আনন্দৰ কথা। ভৱিষ্যতে আমি দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে বিশ্বৰ উন্নতিৰ বাবে একেলগে কাম কৰিম’’।

আনহাতে,  ট্ৰুডোৰ সৈতেও কথা পতা দেখা গ’ল মোদীক। দুয়ো হাতে হাত ধৰি সৌজন্যতাৰে ভাবৰ  আদান-প্ৰদান কৰিছিল। উল্লেখ্য  ২০২৪ চনৰ লোকসভা  নিৰ্বাচনত জয়ী হোৱাৰ বাবেও কানাডাৰ প্ৰধানমন্ত্ৰীয়ে মোদীক অভিনন্দন জনাইছিল। কিন্তু শুভেচ্ছা বাৰ্তাত ট্ৰুডোই কৌশলেৰে ভাৰতত মানৱ অধিকাৰ উলংঘনৰ  বিষয়টোও উত্থাপন কৰিছিল। জি-৭ সন্মিলনত মোদীয়ে  অৱশ্যে দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰি ভৱিষ্যতে একেলগে কাম কৰাৰ বাৰ্তা দিয়ে। খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ পিছৰে পৰা ভাৰত আৰু কানাডাৰ মাজত দ্বিপাক্ষিক সম্পর্কত কিছু ফাঁট মেলিছে।  সেয়েহে ইটালীত মোদী-ট্ৰুডোৰ বৈঠকক কূটনৈতিক মহলে যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে।

এই সন্মিলনৰ প্ৰথম দিনাই মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি   জেলেনস্কি আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক  সাক্ষাৎ কৰিছিল। মোদীয়ে বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ সৈতে  বিশ্ব শান্তি, পাৰস্পৰিক সহযোগিতা, আন্তঃৰাষ্ট্ৰীয় বিষয় আদিকলৈ কথা পাতিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ