--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ আমন্ত্ৰণত   ইটালীত অনুষ্ঠিত হোৱা  জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইটালীলৈ গৈছে। এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বিশ্বৰ বহু আগশাৰীৰ নেতা নেতাসকলো উপস্থিত আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী  মোদীয়ে সনিমিলনত উপস্থিত থাকি এতিয়ালৈকে ভালেকেইগৰাকী বিশ্ব নেতাক সাক্ষাৎ কৰিছে। মোদীয়ে শেহতীয়াকৈ   আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ লগতে  কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোকো সাক্ষাৎ কৰিছে। মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনক সাৱটি ধৰাৰ লগতে জাষ্টিন ট্ৰুডোৰ হাতত  ধৰি  বহু সময় কথা পাতে। কেৱল সেয়াই নহয়, সন্মিলনৰ সময়তে মোদীয়ে  বিভিন্ন দেশৰ  নেতাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয়।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ আমন্ত্ৰণত তেওঁ অতিথি হিচাপে ৫০ সংখ্যক জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছে।  শুকুৰবাৰে এই সন্মিলনৰ মাজতে বাইডেনক সাক্ষাৎ কৰে মোদীয়ে। বহু দিনৰ  পাছত বন্ধুক দেখি মোদীয়ে বাইডেনক  সাৱটি ধৰে। ইয়াৰ পিছত দুয়ো বৈঠকত মিলিত হয়। মোদীয়ে  এক্স হেণ্ডেলত  লিখিছে, ‘আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা সাক্ষাৎ  সদায় মোৰ বাবে এক  আনন্দৰ কথা। ভৱিষ্যতে আমি দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে বিশ্বৰ উন্নতিৰ বাবে একেলগে কাম কৰিম’’।

আনহাতে,  ট্ৰুডোৰ সৈতেও কথা পতা দেখা গ’ল মোদীক। দুয়ো হাতে হাত ধৰি সৌজন্যতাৰে ভাবৰ  আদান-প্ৰদান কৰিছিল। উল্লেখ্য  ২০২৪ চনৰ লোকসভা  নিৰ্বাচনত জয়ী হোৱাৰ বাবেও কানাডাৰ প্ৰধানমন্ত্ৰীয়ে মোদীক অভিনন্দন জনাইছিল। কিন্তু শুভেচ্ছা বাৰ্তাত ট্ৰুডোই কৌশলেৰে ভাৰতত মানৱ অধিকাৰ উলংঘনৰ  বিষয়টোও উত্থাপন কৰিছিল। জি-৭ সন্মিলনত মোদীয়ে  অৱশ্যে দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰি ভৱিষ্যতে একেলগে কাম কৰাৰ বাৰ্তা দিয়ে। খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ পিছৰে পৰা ভাৰত আৰু কানাডাৰ মাজত দ্বিপাক্ষিক সম্পর্কত কিছু ফাঁট মেলিছে।  সেয়েহে ইটালীত মোদী-ট্ৰুডোৰ বৈঠকক কূটনৈতিক মহলে যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে।

এই সন্মিলনৰ প্ৰথম দিনাই মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি   জেলেনস্কি আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক  সাক্ষাৎ কৰিছিল। মোদীয়ে বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ সৈতে  বিশ্ব শান্তি, পাৰস্পৰিক সহযোগিতা, আন্তঃৰাষ্ট্ৰীয় বিষয় আদিকলৈ কথা পাতিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন