--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুলিত  নানান কাৰণত ৰং লগায়। কম বয়সতে চুলি পকিলেও বহুতে হেয়াৰ কালাৰ লগায়। বহুতে চুলি দেখিবলৈ ধুনীয়া কৰিবলৈ হেয়াৰ কালাৰ লগায়।  কিন্তু সকলোৱে চুলিত ৰং লগাব নোৱাৰে। কিছুমান লোকৰ দেহত চুলিত ৰং লগোৱাৰ পিছতে কেতবোৰ পাৰ্শ্ব ক্ৰিয়াই দেখা দিব পাৰে । সেয়ে চুলিত ৰং লগোৱাৰ পূৰ্বে তেনেবোৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি থোৱাটো ভাল।

দৰাচলতে চুলিৰ ৰঙত পেৰাফেনিলেনেয়মিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এনে পদাৰ্থৰ বাবেই কিছুমান লোকৰ এলাৰ্জী হ’ব পাৰে।

ইয়াক পৰীক্ষা কৰিবলৈ কাণৰ পিছপিনে সামান্য ৰং লগাওক আৰু ২৪ ঘন্টা থাকিবলৈ দিয়ক। ইয়াত যদি এলাৰ্জী নহয় তেন্তে ৰং ব্যৱহাৰ কৰিব পৰা যাব।

হেয়াৰ কালাৰত এক প্ৰকাৰৰ ‘পাৰছাল্ফেট’ নামৰ কেমিকেল থাকে। এই কেমিকেল এজমা ৰোগীৰ কাৰণে মাৰাত্মক হৈ পৰিব পাৰে।

যদি আপোনাৰ ছাল সংবেদনশীল তেতিয়াহ’লে হোয়াৰ ৰং ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা ভাল। কিয়নো ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুসময়ত গাত খজুৱতি হোৱাৰ লগতে ৰঙা ৰঙা চকা বান্ধিব পাৰে।

প্ৰায়ে হেয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ ফলত চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে। হেয়াৰ কালাৰত ব্যৱহাৰ হোৱা কেমিকেল আপোনাৰ শৰীৰৰ বাবে উপযোগী নহ’বও পাৰে।

হেয়াৰ কালাৰ চুলিত লগোৱাৰ সময়ত সেয়া আমাৰ চকুলৈও যাব পাৰে। ইয়াৰ ফলত আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। চুলিৰ ৰঙত থকা কেমিকেল ইমান মাৰাত্মক যে ই চকুৰ ৰেটিনাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

হেয়াৰ কালাৰ কিছুমানত এনেধৰণৰ কেমিকেলো থাকে যিয়ে শৰীৰত কেঞ্চাৰৰ বিপদ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালৰ কেঞ্চাৰ হোৱাৰ আশংকা থাকে।

হেয়াৰ কালাৰ ক্ৰয় কৰাৰ সময়ত সেয়া এম’নিয়া মুক্ত হয়নে নহয় তালৈ লক্ষ্য ৰাখিব।যদি মূৰত আঘাত থাকে বা ঘা হৈ থাকে তেতিয়াহ’লে হেয়াৰ কালাৰৰ ব্যৱহাৰ নকৰাই ভাল। হেয়াৰ কালাৰ ব্যৱহাৰ কৰাৰ সময়ত ইয়াত থকা আৱশ্যকীয় নিৰ্দেশনা পঢ়ি চাই সেই মতে কাম বোৰ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ