--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক শোকাৱহ পথ দুৰ্ঘটনাই আজি পুৱাই জোকাৰি গ’ল হিমাচল প্ৰদেশৰ কুল্লুক।আজি পুৱাই বিদ্যালয় অভিমুখী এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই  থিয় দ’ খাদত বাগৰি পৰে। এই দুৰ্ঘটনাত কমেও ১৬ জন লোকৰ মৃত্যু ঘটিছে।  মৃতসকলৰ ভিতৰত কেইবাগৰাকীও স্কুলীয়া ছাত্ৰ-ছাত্ৰীও আছে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে  শোকাৱহ দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

জানিব পৰা মতে  বাছখনে সোমবাৰে পুৱা প্ৰায় ৮ বজাত হিমাচল প্ৰদেশৰ কুল্লুৰ নিওলি-শান্স পথৰ মাজেৰে গৈ আছিল। সিঞ্জ উপত্যকাৰ ওচৰৰ জংঘলা অঞ্চল পোৱাৰ পিছতে বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পাহাৰৰ ওপৰৰ পৰা তললৈ বাগৰি পৰে।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছ খনে কেইবা লুটি খাই তললৈ পৰি গৈছিল।

 এই ঘটনাত বাছ খন সম্পূৰ্ণ ৰূপে ধ্বংসপ্ৰাপ্ত হৈছে।  দুৰ্ঘটনাটোত কমেও ১৬ জন লোকৰ মৃত্যু ঘটাৰ বাতৰি আহিছে যদিও নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। কুল্লুৰ উপায়ুক্ত আশুতোষ গাৰ্গে প্ৰকাশ কৰা মতে  দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত  কেইবাজনো লোকক কুল্লুৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

তেওঁলোকৰ মাজৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। নিহত সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থাও কৰা হৈছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা  মৃতকৰ  প্ৰতিটো পৰিয়ালক  ২ লাখ টকা আৰু আহতসকলৰ চিকিৎসাৰ বাবে ৫০,০০০ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰা হৈছে। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও আহতসকলৰ আশু আৰোগ্য কামনা কৰে আৰু নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

ইফালে, উৰিষ্যাৰ ফুলবানৰ পৰা ভুৱনেশ্বৰলৈ যোৱা এখন বাছতো আজি জুই লাগে। সেই সময়ত বাছখনত কেইবাজনো যাত্ৰী আছিল। এই ঘটনাত  বাছখনত থকা চাৰিজন যাত্ৰী আহত হোৱাৰ খবৰ আহিছে। তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু