--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক শোকাৱহ পথ দুৰ্ঘটনাই আজি পুৱাই জোকাৰি গ’ল হিমাচল প্ৰদেশৰ কুল্লুক।আজি পুৱাই বিদ্যালয় অভিমুখী এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই  থিয় দ’ খাদত বাগৰি পৰে। এই দুৰ্ঘটনাত কমেও ১৬ জন লোকৰ মৃত্যু ঘটিছে।  মৃতসকলৰ ভিতৰত কেইবাগৰাকীও স্কুলীয়া ছাত্ৰ-ছাত্ৰীও আছে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে  শোকাৱহ দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

জানিব পৰা মতে  বাছখনে সোমবাৰে পুৱা প্ৰায় ৮ বজাত হিমাচল প্ৰদেশৰ কুল্লুৰ নিওলি-শান্স পথৰ মাজেৰে গৈ আছিল। সিঞ্জ উপত্যকাৰ ওচৰৰ জংঘলা অঞ্চল পোৱাৰ পিছতে বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পাহাৰৰ ওপৰৰ পৰা তললৈ বাগৰি পৰে।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছ খনে কেইবা লুটি খাই তললৈ পৰি গৈছিল।

 এই ঘটনাত বাছ খন সম্পূৰ্ণ ৰূপে ধ্বংসপ্ৰাপ্ত হৈছে।  দুৰ্ঘটনাটোত কমেও ১৬ জন লোকৰ মৃত্যু ঘটাৰ বাতৰি আহিছে যদিও নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। কুল্লুৰ উপায়ুক্ত আশুতোষ গাৰ্গে প্ৰকাশ কৰা মতে  দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত  কেইবাজনো লোকক কুল্লুৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

তেওঁলোকৰ মাজৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। নিহত সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থাও কৰা হৈছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা  মৃতকৰ  প্ৰতিটো পৰিয়ালক  ২ লাখ টকা আৰু আহতসকলৰ চিকিৎসাৰ বাবে ৫০,০০০ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰা হৈছে। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও আহতসকলৰ আশু আৰোগ্য কামনা কৰে আৰু নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

ইফালে, উৰিষ্যাৰ ফুলবানৰ পৰা ভুৱনেশ্বৰলৈ যোৱা এখন বাছতো আজি জুই লাগে। সেই সময়ত বাছখনত কেইবাজনো যাত্ৰী আছিল। এই ঘটনাত  বাছখনত থকা চাৰিজন যাত্ৰী আহত হোৱাৰ খবৰ আহিছে। তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ