--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃক’ভিডৰ চতুৰ্থ ঢৌৱে ভাৰতক কোবাই যাব বুলি চৰ্চা চলি থকাৰ মাজতে দেশৰ ১০ খন ৰাজ্যত ধৰা পৰিছে মাৰাত্মক অমিক্নৰ এক নতুন প্ৰজাতি। ভাৰতত অমিক্ৰনৰ নতুন উপ-প্ৰজাতি ধৰা পৰাৰ বিষয়ে  ইজৰাইলী স্বাস্থ্য বিশেষজ্ঞ এগৰাকীয়ে কৈছে   যে ভাৰতত কৰোনাভাইৰাছৰ অতি সংক্ৰামক অমিক্ৰন বংশৰ এটা নতুন উপ-প্ৰকাৰ ধৰা পৰিছে।

 এই নতুন উপ-প্ৰকাৰ বিধৰ নাম হৈছে  বিএ.২.৭৫- ।বিশেষজ্ঞগৰাকীৰ মতে নতুন অমিক্ৰন উপ-প্ৰকাৰবিধে ইতিমধ্যে দেশৰ  খনৰাজ্যত কেইবাজনো লোকক আক্ৰান্ত কৰিছে। ভাৰতত এতিয়ালৈকে ৬৯ গৰাকী লোক এই উপ-প্ৰকাৰৰ দ্বাৰা আক্ৰকান্ত হোৱাৰ খবৰ আহিছে। 

সেইমৰ্মে ৰাজ্য ভেদে আক্ৰান্ত লোকৰ সংখ্যা হৈছে এনেধৰণৰ ,দিল্লী (১), হাৰিয়ানা (৬), হিমাচল প্ৰদেশ (৩), জম্মু (১), কৰ্ণাটক (১০), মধ্য প্ৰদেশ (৫), মহাৰাষ্ট্ৰ (২৭), তেলেংগানা (২), উত্তৰ প্ৰদেশ (১), আৰু পশ্চিম বংগ (১৩)। অৱশ্যে  ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ে এতিয়াও দেশত উপ-প্ৰকাৰটো চিনাক্ত কৰাৰ কথা এতিয়াও  আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

ইজৰাইলৰ  টেল হাচোমাৰৰ শ্বেবা চিকিৎসা কেন্দ্ৰৰ কেন্দ্ৰীয় ভাইৰোলজি লেবৰেটৰীৰ গৱেষক  ডাঃ শ্যে ফ্লেছনে কয় যে এতিয়ালৈকে আঠখন দেশৰ ৮৫ টা ক্ৰম জিনোমিক ডাটাৰ মুক্ত-উৎস প্লেটফৰ্ম নেক্সটষ্ট্ৰেইনত আপলোড কৰা হৈছে।বিশেষজ্ঞজনৰ মতে, ভাৰতৰ উপৰিও আন সাতখন দেশত অমিক্ৰনৰ  উপ-প্ৰকাৰৰ সংক্ৰমণ ঘটাৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত আছে জাপান (১), জাৰ্মানী (২), ব্ৰিটেইন (৬), কানাডা (২), আমেৰিকা  (২), অষ্ট্ৰেলিয়া (১), আৰু নিউজিলেণ্ড (২)।

ইম্পেৰিয়েল কলেজ লণ্ডনৰ এজন বিজ্ঞানী থমাছ পিককে টুইটাৰত কয় যে উপ-প্ৰকাৰটোৰ ওপৰত "তীক্ষ্ণ দৃষ্টি ৰখা" উচিৎ হ’ব। কাৰণ ক’ভিডৰ প্ৰজাতিসমূহৰ চৰিত্ৰৰ বিষয়ে সহজে কোৱা টান। কোনটো প্ৰজাতিয়ে কোন অংগ বিকল কৰে সেয়াও অনুমাণ কৰা কঠিন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ৰেড হাচ গৱেষণা প্ৰতিষ্ঠানত ব্লুম লেবৰ দ্বাৰা বিএ.২.৭৫ উপ-প্ৰজাতিটো প্ৰথমে চিনাক্ত কৰা হৈছিল।

সময় আৰু পৰিবেশৰ সলনিৰ লগে লগে ক’ভিডেও ইয়াৰ ৰূপ সলাই পেলাইছে।অলপতে ৰাছিয়াত ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ এক বিশেষ প্ৰজাতি চিনাক্ত কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় উপভোক্তা স্বাস্থ্য নিৰীক্ষণ সংস্থাই ।

ৰোস্পট্ৰেবনাডজ’ৰৰ চেণ্ট্ৰেল ৰিচাৰ্চ ইনষ্টিটিউট ফৰ এপিডেমিঅ’লজীৰ জিনম গৱেষণাৰ মুৰব্বী কামিল খাফিজোৱে সাংবাদিকক কয় যে দুটা ৰাষ্ট্ৰীয় পৰীক্ষাগাৰে বিএ.৪ উপবংশৰ ভাইৰেল জিনম ভিজিএৰাছ ডাটাবেছত পৰীক্ষা কৰি দেশ খনত অমিক্ৰনৰ নতুন প্ৰজাতি বিয়পি পৰাৰ কথা নিশ্চিত কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে মে মাহত সতৰ্ক কৰি দিছিল যে অমিক্ৰনৰ বি.এ.৪ আৰু বি.এ.৫-য়ে টিকাকৰণ সন্পূৰ্ণ নোহোৱা দেশবোৰত সংহাৰৰ সৃষ্টি কৰিব।কিছুদিন আগতে  ভাৰতত ধৰা পৰিছিল অমিক্ৰনৰে বি.এ.-২ ৰ এক নতুন প্ৰকাৰ।

বি এ.১২ নামৰ এই প্ৰজাতিটো অমিক্ৰনতকৈ দহগুণে বেছি সংক্ৰামক। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ