--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত তেজ সঠিক মাত্ৰাত ৰখাটো অতি প্ৰয়োজনীয়। কাৰণ পুষ্টিকৰ উপাদান, হৰম’ন, গেছ আদি তেজৰ জৰিয়তে শৰীৰৰ প্ৰতিটো অংগলৈ গৈ থাকে। ইয়াৰ বাহিৰেও তেজত থকা হিম’গ্লবিন তেজৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। কাৰণ ই জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অক্সিজেন শৰীৰৰ প্ৰতিটো অংশলৈ পৰিবহণ কৰে। 

আনহাতে যদি তেজত হিম’গ্লবিনৰ অভাৱ হয় তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ অক্সিজেনৰ যোগানত পৰে আৰু অংগসমূহত পোৱা অক্সিজেন কমি যায়।যাৰ বাবে আপুনি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সেইবাবেই হিম’গ্লবিন সঠিক পৰিমাণত ৰখাটো প্ৰয়োজনীয়। হিম’গ্লবিনৰ অভাৱ দূৰ কৰিবলৈ কি কৰিব লাগে জানো আহক

হিম’গ্লবিন বৃদ্ধি কৰা খাদ্য

১) আইৰণৰ বস্তু খাবঃ আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। যদি হিম’গ্লবিনৰ অভাৱ হয়, তেন্তে আইৰণ সমৃদ্ধ বস্তুৰ সেৱন বৃদ্ধি কৰিব লাগে। আইৰণে আপোনাৰ শৰীৰত থকা হিম’গ্লবিনৰ অভাৱ দূৰ কৰাৰ কাম কৰে। ইয়াৰ বাবে ফুলকবি, কল, কচু, বীন, পালেং, কলডিল, কাচকল, বন্ধাকবি আদি সেৱন কৰিব লাগে।

২) খাদ্যত ফ’লেট অন্তৰ্ভুক্ত কৰক- ফ’লেট হৈছে বি ভিটামিন যিয়ে হিম’গ্লবিন উৎপাদন বৃদ্ধি কৰে। যেতিয়া আপোনাৰ শৰীৰত ফ’লেট নাথাকে, তেতিয়া হিম’গ্লবিনৰ কোষবোৰ প্ৰভাৱিত হয়। সেইবাবেই খাদ্যত নিশ্চিতভাৱে ফ’লেট অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে আপুনি খাদ্য তালিকাত সেউজীয়া মটৰ, মচুৰ দাইল আৰু ৰাজমাহ সেৱন কৰিব লাগে।

৩) ভিটামিন এ- ভিটামিন এয়েও আইৰণ বৃদ্ধিৰ কাম কৰে। মাছৰ জৰিয়তে ভিটামিন এৰ অভাৱ পূৰণ কৰিব পাৰি। ভিটামিন এৰ বাবে গাজৰ, মিঠা আলু আৰু আম, অমিতা, দুগ্ধজাত সামগ্ৰী, সেউজীয়া শাক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত