--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত তেজ সঠিক মাত্ৰাত ৰখাটো অতি প্ৰয়োজনীয়। কাৰণ পুষ্টিকৰ উপাদান, হৰম’ন, গেছ আদি তেজৰ জৰিয়তে শৰীৰৰ প্ৰতিটো অংগলৈ গৈ থাকে। ইয়াৰ বাহিৰেও তেজত থকা হিম’গ্লবিন তেজৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। কাৰণ ই জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অক্সিজেন শৰীৰৰ প্ৰতিটো অংশলৈ পৰিবহণ কৰে। 

আনহাতে যদি তেজত হিম’গ্লবিনৰ অভাৱ হয় তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ অক্সিজেনৰ যোগানত পৰে আৰু অংগসমূহত পোৱা অক্সিজেন কমি যায়।যাৰ বাবে আপুনি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সেইবাবেই হিম’গ্লবিন সঠিক পৰিমাণত ৰখাটো প্ৰয়োজনীয়। হিম’গ্লবিনৰ অভাৱ দূৰ কৰিবলৈ কি কৰিব লাগে জানো আহক

হিম’গ্লবিন বৃদ্ধি কৰা খাদ্য

১) আইৰণৰ বস্তু খাবঃ আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। যদি হিম’গ্লবিনৰ অভাৱ হয়, তেন্তে আইৰণ সমৃদ্ধ বস্তুৰ সেৱন বৃদ্ধি কৰিব লাগে। আইৰণে আপোনাৰ শৰীৰত থকা হিম’গ্লবিনৰ অভাৱ দূৰ কৰাৰ কাম কৰে। ইয়াৰ বাবে ফুলকবি, কল, কচু, বীন, পালেং, কলডিল, কাচকল, বন্ধাকবি আদি সেৱন কৰিব লাগে।

২) খাদ্যত ফ’লেট অন্তৰ্ভুক্ত কৰক- ফ’লেট হৈছে বি ভিটামিন যিয়ে হিম’গ্লবিন উৎপাদন বৃদ্ধি কৰে। যেতিয়া আপোনাৰ শৰীৰত ফ’লেট নাথাকে, তেতিয়া হিম’গ্লবিনৰ কোষবোৰ প্ৰভাৱিত হয়। সেইবাবেই খাদ্যত নিশ্চিতভাৱে ফ’লেট অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে আপুনি খাদ্য তালিকাত সেউজীয়া মটৰ, মচুৰ দাইল আৰু ৰাজমাহ সেৱন কৰিব লাগে।

৩) ভিটামিন এ- ভিটামিন এয়েও আইৰণ বৃদ্ধিৰ কাম কৰে। মাছৰ জৰিয়তে ভিটামিন এৰ অভাৱ পূৰণ কৰিব পাৰি। ভিটামিন এৰ বাবে গাজৰ, মিঠা আলু আৰু আম, অমিতা, দুগ্ধজাত সামগ্ৰী, সেউজীয়া শাক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ