--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দলীয় নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ অভিযোগত মানহানিৰ গোচৰ ৰুজু কৰা কংগ্ৰেছ নেতাৰ বক্তব্য স্থানীয় আদালতে লিপিবদ্ধ কৰিছে। ২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই মন্তব্য কৰিছিল শৰ্মাই।

উত্তৰাখণ্ড কংগ্ৰেছৰ মুখপাত্ৰ গণেশ উপাধ্যায়ে ১৫ মে’ত শুনানিৰ সময়ত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ নদীম আহমেদৰ আগত নিজৰ বক্তব্য লিপিবদ্ধ কৰে।তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই নাগৰিক সমাজৰ সদস্যসকলৰ আৱেগক আঘাত হানিছে।

উপাধ্যায়ৰ মতে, ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত কিচ্ছাত অনুষ্ঠিত নিৰ্বাচনী সভাত শৰ্মাই কয় যে, "আমি কেতিয়াবা ৰাহুল গান্ধীক তেওঁৰ পিতৃ কোন তাৰ প্ৰমাণ দিবলৈ কৈছিলো নে।"স্মৰ্তৱ্য যে ২০১৬ চনত ভাৰতে পাকিস্তানত কৰা চাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন উত্থাপন কৰি ৰাহুল গান্ধীক সমালোচনা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি ৩ জুনত  হ’ব।




















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে