--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দলীয় নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ অভিযোগত মানহানিৰ গোচৰ ৰুজু কৰা কংগ্ৰেছ নেতাৰ বক্তব্য স্থানীয় আদালতে লিপিবদ্ধ কৰিছে। ২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই মন্তব্য কৰিছিল শৰ্মাই।

উত্তৰাখণ্ড কংগ্ৰেছৰ মুখপাত্ৰ গণেশ উপাধ্যায়ে ১৫ মে’ত শুনানিৰ সময়ত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ নদীম আহমেদৰ আগত নিজৰ বক্তব্য লিপিবদ্ধ কৰে।তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই নাগৰিক সমাজৰ সদস্যসকলৰ আৱেগক আঘাত হানিছে।

উপাধ্যায়ৰ মতে, ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত কিচ্ছাত অনুষ্ঠিত নিৰ্বাচনী সভাত শৰ্মাই কয় যে, "আমি কেতিয়াবা ৰাহুল গান্ধীক তেওঁৰ পিতৃ কোন তাৰ প্ৰমাণ দিবলৈ কৈছিলো নে।"স্মৰ্তৱ্য যে ২০১৬ চনত ভাৰতে পাকিস্তানত কৰা চাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন উত্থাপন কৰি ৰাহুল গান্ধীক সমালোচনা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি ৩ জুনত  হ’ব।




















FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু