--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া বাংলাদেশৰ কেইবাখনো জিলাত সংখ্যালঘু হিন্দু লোকৰ ঘৰ, দোকান আৰু পূজাস্থলী ভাঙি জ্বলাই দিয়া হৈছে। ঢাকাত শিল্পী ৰাহুল আনন্দৰ ১৪০ বছৰীয়া ঘৰত অগ্নিসংযোগ। ইফালে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হোৱা আক্রমণক লৈ ভাৰতকে ধৰি বিশ্বৰ সংগঠনসমূহে ক্ষোভ প্রকাশ কৰিছে৷

বাংলাদেশৰ পৰা অহা খবৰ অনুসৰি সোমবাৰ আৰু মঙলবাৰে সংঘটিত হিংসাত্মক ঘটনাত কমেও ৯৭ টা স্থানত হিন্দু লোকক লক্ষ্য কৰি লোৱা হৈছিল। এই হিংসাত্মক পৰিস্থিতিত হিন্দুৰ ঘৰ-দোকান লুটপাত কৰি জুই লগাই দিয়া হয়। কমেও ১০টা হিন্দু মন্দিৰত তেওঁলোকে আক্ৰমণ কৰে৷ বাগেৰহাটত এজন ব্যক্তিক প্ৰহাৰ কৰি হত্যা কৰা হয়৷

বাংলাদেশৰ ইছলামিক মৌলবাদী শক্তিয়ে ঢাকাৰ বিখ্যাত বাংলাদেশী গায়ক ৰাহুল আনন্দৰ ১৪০ বছৰীয়া ঘৰত আক্ৰমণ কৰে। দুস্কৃতিকাৰীয়ে হিন্দু গায়কজনৰ ঘৰতো জুই লগাই দিয়ে, আৰু তাত থকা ৩ হাজাৰৰো অধিক বাদ্যযন্ত্ৰ জ্বলাই দিয়ে। ঘৰটোত জুই লগোৱাৰ আগতে তেওঁৰ ঘৰৰ সা-সামগ্ৰীবোৰ লুটপাত কৰা হৈছিল৷ এই সময়ছোৱাত আতংক বিয়পাই থকা মানুহবোৰে আনকি ঘৰৰ আচবাবকো লৈ পলাই গৈছিল৷ ৰাহুল আনন্দৰ পৰিয়ালে কেনেবাকৈ অচিনাকি ঠাইলৈ দৌৰি গৈ নিজৰ প্ৰাণ ৰক্ষা কৰিছিল।

বাংলাদেশৰ এখন ইংৰাজী বাতৰি কাকতে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ৰাহুল আনন্দৰ ঘৰটো আগতে সাংস্কৃতিক কেন্দ্ৰ আছিল।ৰাহুল আনন্দৰ সৈতে জড়িত লোকসকলে জনোৱা মতে, বৰ্তমান ৰাহুল আনন্দৰ পৰিয়ালটোৱে এটা গোপন স্থানত আশ্ৰয় লৈছে, যাৰ বিষয়ে মাত্ৰ কেইজনমান লোকহে জ্ঞাত। এই খবৰ দিয়া ব্যক্তি ছাইফুল ইছলাম জাৰ্নালে কয় যে তেওঁলোক ক’ত লুকাই আছে সেই বিষয়ে কোনো তথ্য নাই।

চলচ্চিত্ৰ অভিনেতা শান্তো খান আৰু তেওঁৰ পিতৃ চেলিম খানকো মাৰপিট কৰি হত্যা কৰে ৰাইজে। আপোনালোকক জনাওঁ যে শান্তো খানৰ পিতৃ আছিল এজন চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক। শ্বেখ হাছিনাৰ পিতৃ মুজিবুৰ ৰহমানৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক আছিল চেলিম খান। শান্তো খান আৰু তেওঁৰ পিতৃৰ মৃত্যুৰ কথাই ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে ৷

খবৰ অনুসৰি সোমবাৰে বিয়লি ঘৰৰ পৰা ওলাই আহোঁতে শান্তো খান আৰু তেওঁৰ পিতৃ চেলিম ফাৰক্কাবাদ বজাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয়। প্ৰথম অৱস্থাত তেওঁ নিজৰ অস্ত্ৰৰ পৰা গুলীচালনা কৰি নিজৰ জীৱন ৰক্ষা কৰিছিল যদিও পিছত মানুহৰ সমাগমত তেওঁলোকক প্ৰহাৰ কৰি হত্যা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement