--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া বাংলাদেশৰ কেইবাখনো জিলাত সংখ্যালঘু লোকৰ ঘৰ, দোকান আৰু পূজাস্থলী ভাঙি জ্বলাই দিয়া হৈছে। ঢাকাত শিল্পী ৰাহুল আনন্দৰ ১৪০ বছৰীয়া ঘৰত অগ্নিসংযোগ। ইফালে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হোৱা আক্রমণক লৈ ভাৰতকে ধৰি বিশ্বৰ সংগঠনসমূহে ক্ষোভ প্রকাশ কৰিছে৷

বাংলাদেশৰ পৰা অহা খবৰ অনুসৰি সোমবাৰ আৰু মঙলবাৰে সংঘটিত হিংসাত্মক ঘটনাত কমেও ৯৭ টা স্থানত হিন্দু আৰু সংখ্যালঘু লোকক লক্ষ্য কৰি লোৱা হৈছিল। এই হিংসাত্মক পৰিস্থিতিত হিন্দুৰ ঘৰ-দোকান লুটপাত কৰি জুই লগাই দিয়া হয়। কমেও ১০টা হিন্দু মন্দিৰত তেওঁলোকে আক্ৰমণ কৰে ৷ বাগেৰহাটত এজন ব্যক্তিক প্ৰহাৰ কৰি হত্যা কৰা হয় ৷

বাংলাদেশৰ ইছলামিক মৌলবাদী শক্তিয়ে ঢাকাৰ বিখ্যাত বাংলাদেশী গায়ক ৰাহুল আনন্দৰ ১৪০ বছৰীয়া ঘৰত আক্ৰমণ কৰে।
দুস্কৃতিকাৰীয়ে হিন্দু গায়কজনৰ ঘৰতো জুই লগাই দিয়ে, আৰু তাত থকা ৩ হাজাৰৰো অধিক বাদ্যযন্ত্ৰ জ্বলাই দিয়ে। ঘৰটোত জুই লগোৱাৰ আগতে তেওঁৰ ঘৰৰ সা-সামগ্ৰীবোৰ লুটপাত কৰা হৈছিল,এই সময়ছোৱাত আতংক বিয়পাই থকা মানুহবোৰে আনকি ঘৰৰ আচবাবকো লৈ পলাই গৈছিল, ৰাহুল আনন্দৰ পৰিয়ালে কেনেবাকৈ অচিনাকি ঠাইলৈ দৌৰি গৈ নিজৰ প্ৰাণ ৰক্ষা কৰিছিল।

বাংলাদেশৰ এখন ইংৰাজী বাতৰি কাকতে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ৰাহুল আনন্দৰ ঘৰটো আগতে সাংস্কৃতিক কেন্দ্ৰ আছিল।ৰাহুল আনন্দৰ সৈতে জড়িত লোকসকলে জনোৱা মতে, বৰ্তমান ৰাহুল  আনন্দৰ পৰিয়ালটোৱে এটা গোপন স্থানত আশ্ৰয় লৈছে, যাৰ বিষয়ে মাত্ৰ কেইজনমান লোকহে সচেতন। এই খবৰ দিয়া ব্যক্তি ছাইফুল ইছলাম জাৰ্নালে কয় যে তেওঁলোক ক’ত লুকাই আছে সেই বিষয়ে কোনো তথ্য নাই।

চলচ্চিত্ৰ অভিনেতা শান্তো খান আৰু তেওঁৰ পিতৃ চেলিম খানকো মাৰপিট কৰি হত্যা কৰে ৰাইজে। আপোনালোকক জনাওঁ যে শান্তো খানৰ পিতৃ আছিল এজন চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক। শ্বেখ হাছিনাৰ পিতৃ মুজিবুৰ ৰহমানৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক আছিল চেলিম খান। শান্তো খান আৰু তেওঁৰ পিতৃৰ মৃত্যুৰ কথা ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে ৷

খবৰ অনুসৰি সোমবাৰে বিয়লি ঘৰৰ পৰা ওলাই আহোঁতে শান্তো খান আৰু তেওঁৰ পিতৃ চেলিমক ফাৰক্কাবাদ বজাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয়। প্ৰথম অৱস্থাত তেওঁ নিজৰ অস্ত্ৰৰ পৰা গুলীচালনা কৰি নিজৰ জীৱন ৰক্ষা কৰিছিল যদিও পিছত মানুহৰ সমাগমত তেওঁক প্ৰহাৰ কৰি হত্যা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সকলোৱে লিখিছে #JusticeForZubeenGarg ; সামাজিক মাধ্যমত হেচটেগ ব্যৱহাৰৰ গুৰুত্ব কি?
আজিৰে পৰা আমেৰিকালৈ পুনৰ ডাক সেৱা আৰম্ভ ভাৰতৰ
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী