--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া বাংলাদেশৰ কেইবাখনো জিলাত সংখ্যালঘু লোকৰ ঘৰ, দোকান আৰু পূজাস্থলী ভাঙি জ্বলাই দিয়া হৈছে। ঢাকাত শিল্পী ৰাহুল আনন্দৰ ১৪০ বছৰীয়া ঘৰত অগ্নিসংযোগ। ইফালে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হোৱা আক্রমণক লৈ ভাৰতকে ধৰি বিশ্বৰ সংগঠনসমূহে ক্ষোভ প্রকাশ কৰিছে৷

বাংলাদেশৰ পৰা অহা খবৰ অনুসৰি সোমবাৰ আৰু মঙলবাৰে সংঘটিত হিংসাত্মক ঘটনাত কমেও ৯৭ টা স্থানত হিন্দু আৰু সংখ্যালঘু লোকক লক্ষ্য কৰি লোৱা হৈছিল। এই হিংসাত্মক পৰিস্থিতিত হিন্দুৰ ঘৰ-দোকান লুটপাত কৰি জুই লগাই দিয়া হয়। কমেও ১০টা হিন্দু মন্দিৰত তেওঁলোকে আক্ৰমণ কৰে ৷ বাগেৰহাটত এজন ব্যক্তিক প্ৰহাৰ কৰি হত্যা কৰা হয় ৷

বাংলাদেশৰ ইছলামিক মৌলবাদী শক্তিয়ে ঢাকাৰ বিখ্যাত বাংলাদেশী গায়ক ৰাহুল আনন্দৰ ১৪০ বছৰীয়া ঘৰত আক্ৰমণ কৰে।
দুস্কৃতিকাৰীয়ে হিন্দু গায়কজনৰ ঘৰতো জুই লগাই দিয়ে, আৰু তাত থকা ৩ হাজাৰৰো অধিক বাদ্যযন্ত্ৰ জ্বলাই দিয়ে। ঘৰটোত জুই লগোৱাৰ আগতে তেওঁৰ ঘৰৰ সা-সামগ্ৰীবোৰ লুটপাত কৰা হৈছিল,এই সময়ছোৱাত আতংক বিয়পাই থকা মানুহবোৰে আনকি ঘৰৰ আচবাবকো লৈ পলাই গৈছিল, ৰাহুল আনন্দৰ পৰিয়ালে কেনেবাকৈ অচিনাকি ঠাইলৈ দৌৰি গৈ নিজৰ প্ৰাণ ৰক্ষা কৰিছিল।

বাংলাদেশৰ এখন ইংৰাজী বাতৰি কাকতে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ৰাহুল আনন্দৰ ঘৰটো আগতে সাংস্কৃতিক কেন্দ্ৰ আছিল।ৰাহুল আনন্দৰ সৈতে জড়িত লোকসকলে জনোৱা মতে, বৰ্তমান ৰাহুল  আনন্দৰ পৰিয়ালটোৱে এটা গোপন স্থানত আশ্ৰয় লৈছে, যাৰ বিষয়ে মাত্ৰ কেইজনমান লোকহে সচেতন। এই খবৰ দিয়া ব্যক্তি ছাইফুল ইছলাম জাৰ্নালে কয় যে তেওঁলোক ক’ত লুকাই আছে সেই বিষয়ে কোনো তথ্য নাই।

চলচ্চিত্ৰ অভিনেতা শান্তো খান আৰু তেওঁৰ পিতৃ চেলিম খানকো মাৰপিট কৰি হত্যা কৰে ৰাইজে। আপোনালোকক জনাওঁ যে শান্তো খানৰ পিতৃ আছিল এজন চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক। শ্বেখ হাছিনাৰ পিতৃ মুজিবুৰ ৰহমানৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক আছিল চেলিম খান। শান্তো খান আৰু তেওঁৰ পিতৃৰ মৃত্যুৰ কথা ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে ৷

খবৰ অনুসৰি সোমবাৰে বিয়লি ঘৰৰ পৰা ওলাই আহোঁতে শান্তো খান আৰু তেওঁৰ পিতৃ চেলিমক ফাৰক্কাবাদ বজাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয়। প্ৰথম অৱস্থাত তেওঁ নিজৰ অস্ত্ৰৰ পৰা গুলীচালনা কৰি নিজৰ জীৱন ৰক্ষা কৰিছিল যদিও পিছত মানুহৰ সমাগমত তেওঁক প্ৰহাৰ কৰি হত্যা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ