--°C
Loading...
Listen to Article
2 min read
80%

পশ্চিমবংগ : তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্রী হিচাপে আজি শপতগ্ৰহণ মমতা বেনাৰ্জীৰ । আজি পুৱা ১০বাজি ৪৫ মিনিটত ৰাজভৱনত শপত গ্ৰহণ কৰে মমতাই। শপতগ্ৰহণৰ বাবে মমতা বেনাৰ্জীক অভিনন্দন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ। টুইটযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তা, 'পশ্চিমবংগৰ মুখ্যমন্ত্রী পদৰ শপত গ্ৰহণৰ বাবে আপোনাক অভিনন্দন মমতা দিদি।'

আৰু পঢ়িব পাৰিব : ৰবীন্দ্ৰ সংগীতক লৈ কাম কৰাৰ ইচ্ছা এগৰাকী শিল্পীৰ…


নিৰ্বাচনত জয়লাভ কৰাৰ পাছত নৰেন্দ্র মোদীয়ে ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰা নাছিল মমতাক। এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মমতাই প্ৰকাশ কৰিছিল যে, ‘প্রধানমন্ত্রীয়ে ফোন নকৰা এই প্রথম দেখিলোঁ। হয়তো তেওঁ ব্যস্ত। মোৰ কোনো দুখ নাই। মই টুইট কৰা দেখিছোঁ।’ তেওঁ লগতে কয় যে, ‘উদ্ধব থাকৰে, নবীন পাটনায়ক, ৰজনীকান্ত, অখিলেশ যাদব, অমৰিন্দৰ সিং, কেজৰিৱালে ফোন কৰিছে, বাৰ্তালাপো হৈছে। সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।'

আৰু পঢ়িব পাৰিব : হিংসাজৰ্জৰ বংগ : ‘কনিষ্ঠ ভগ্নী’ মমতালৈ ৰাজ্যপালৰ কঠোৰ বাৰ্তা…


উল্লেখ্য যে, শপতবাক্য পাঠ কৰিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ মন্তব্য,‘পশ্চিমবংগত শান্তি বজায় ৰাখক। প্ৰতিহিংসামূলক আচৰণৰ পৰা বিৰত থাকক।শান্তিৰ পৰিৱেশ কোনোবাই বিনষ্ট কৰিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।’ লগতে মমতাই জনায় যে, ‘ইমানদিনে নির্বাচনৰ বাবে ৰাজ্যৰ আইন-শৃংখলা কমিচনৰ আওঁতাত আছিল। এতিয়া ৰাজ্যৰ অধীনলৈ অনা হ’ব।’ ৰাজ্যত হিংসা দমনৰ বাবে তৎপৰ মমতাই মুখ্যমন্ত্রীৰ আসনত বহি প্রথমেই ক’ভিড পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।বুধবাৰে ৰাজভৱনত তেওঁ কয় যে, ‘প্রথমে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব লাগিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ