--°C
Loading...
Listen to Article
2 min read
80%

পশ্চিমবংগ : তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্রী হিচাপে আজি শপতগ্ৰহণ মমতা বেনাৰ্জীৰ । আজি পুৱা ১০বাজি ৪৫ মিনিটত ৰাজভৱনত শপত গ্ৰহণ কৰে মমতাই। শপতগ্ৰহণৰ বাবে মমতা বেনাৰ্জীক অভিনন্দন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ। টুইটযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তা, 'পশ্চিমবংগৰ মুখ্যমন্ত্রী পদৰ শপত গ্ৰহণৰ বাবে আপোনাক অভিনন্দন মমতা দিদি।'

আৰু পঢ়িব পাৰিব : ৰবীন্দ্ৰ সংগীতক লৈ কাম কৰাৰ ইচ্ছা এগৰাকী শিল্পীৰ…


নিৰ্বাচনত জয়লাভ কৰাৰ পাছত নৰেন্দ্র মোদীয়ে ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰা নাছিল মমতাক। এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মমতাই প্ৰকাশ কৰিছিল যে, ‘প্রধানমন্ত্রীয়ে ফোন নকৰা এই প্রথম দেখিলোঁ। হয়তো তেওঁ ব্যস্ত। মোৰ কোনো দুখ নাই। মই টুইট কৰা দেখিছোঁ।’ তেওঁ লগতে কয় যে, ‘উদ্ধব থাকৰে, নবীন পাটনায়ক, ৰজনীকান্ত, অখিলেশ যাদব, অমৰিন্দৰ সিং, কেজৰিৱালে ফোন কৰিছে, বাৰ্তালাপো হৈছে। সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।'

আৰু পঢ়িব পাৰিব : হিংসাজৰ্জৰ বংগ : ‘কনিষ্ঠ ভগ্নী’ মমতালৈ ৰাজ্যপালৰ কঠোৰ বাৰ্তা…


উল্লেখ্য যে, শপতবাক্য পাঠ কৰিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ মন্তব্য,‘পশ্চিমবংগত শান্তি বজায় ৰাখক। প্ৰতিহিংসামূলক আচৰণৰ পৰা বিৰত থাকক।শান্তিৰ পৰিৱেশ কোনোবাই বিনষ্ট কৰিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।’ লগতে মমতাই জনায় যে, ‘ইমানদিনে নির্বাচনৰ বাবে ৰাজ্যৰ আইন-শৃংখলা কমিচনৰ আওঁতাত আছিল। এতিয়া ৰাজ্যৰ অধীনলৈ অনা হ’ব।’ ৰাজ্যত হিংসা দমনৰ বাবে তৎপৰ মমতাই মুখ্যমন্ত্রীৰ আসনত বহি প্রথমেই ক’ভিড পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।বুধবাৰে ৰাজভৱনত তেওঁ কয় যে, ‘প্রথমে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব লাগিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু