--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ দেশত বহু দিনৰে পৰা সমকামী বিবাহৰ অনুমতি বিচাৰি বিভিন্ন সংগঠনে দাবী জনাই আহিছে।  এনে সময়তে আজি উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।  উচ্চতম ন্যায়ালয়ে কয় যে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদান কৰিব নোৱাৰি। আদালতে এই বিষয়ত  সিদ্ধান্ত লোৱাৰ ভাৰ  চৰকাৰৰ ওপৰত এৰি দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মন্তব্য কৰে, "বিবাহৰ পৰম্পৰা এক কঠোৰ, অটল বস্তু বিষয় । বিবাহত বিৱৰ্তন আহে। জীৱন সংগী বাছনি কৰাটো সকলোৰে জীৱনৰ এক অবিচ্ছেদ্য অংগ। "

তেওঁ অৱশ্যে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদান কৰিব নোৱাৰি বুলি কয়। অৱশ্যে মঙলবাৰে  উচ্চতম ন্যায়ালয়ে মঙলবাৰে সমলিংগ বিবাহ আইনৰ গোচৰত ৰায় প্ৰদান কৰি স্পষ্টভাবে কয় যে  সমলিংগ  বিবাহৰ বাবে এই মুহূৰ্তত কোনো সন্মতি নাই। আদালতে কয়-" সমলিংগ বিবাহৰ অনুমতি এই মুহূৰ্তত নাই। উচ্চতম ন্যায়ালয়ে সিদ্ধান্তটো চৰকাৰৰ ওপৰত এৰি দিছে। ভাৰতৰ 

 একে সময়তে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ সমৰ্থকসকলৰ বাবে সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে যুক্তি দৰ্শায়। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ১০ দিনীয়া শুনানিৰ পিছত ১১ মে'ত ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছিল।  আদালতে সমকামী বিবাহৰ পক্ষপাতী আছিল কিন্তু আইনী সিদ্ধান্ত লোৱাৰ দায়িত্ব কেন্দ্ৰৰ ওপৰত এৰি দিয়ে। অৱশ্যে কেন্দ্ৰই আৰম্ভণিৰে পৰাই সমকামী বিবাহ বৈধকৰণৰ দাবীৰ বিৰোধিতা কৰি আহিছে। কেন্দ্ৰই কৈ আহিছে  যে এয়া  চহৰীয়া অভিজাত লোক একাংশৰ  ধাৰণা। কেন্দ্ৰই এইবুলিও কৈ আহিছে যে যে যদি এনে বিবাহ বৈধ কৰা হয়, তেন্তে বিবাহ নামৰ প্ৰতিষ্ঠানটোক আক্ৰমণ কৰা হ'ব। বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত কেন্দ্ৰই কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব। 
  
উল্লেখ্য কেন্দ্ৰই আৰম্ভণিৰে পৰা সমলিংগ বিবাহৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ইয়াৰ মাজতে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহ সম্পৰ্কে প্ৰতিখন ৰাজ্যৰ পৰা মতামত বিচাৰিছিল। কেন্দ্ৰই পূৰ্বে  সমলিংগ বিবাহ সম্পৰ্কীয় আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত  বিচাৰপীঠক কৈছিল  যে এই বিষয়ত কেন্দ্ৰই ৰাজ্যসমূহৰ পৰা মতামত আহ্বান কৰিছে।কেন্দ্ৰই এই বিষয়টো সম্পৰ্কীয়  শুনানি কেইদিনমানৰ বাবে স্থগিত ৰাখিবলৈ আবেদন জনাইছিল  যদিও  উচ্চতম ন্যায়ালয়ে চৰকাৰৰ আবেদনখন খাৰিজ কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে পূৰ্বে  উচ্চতম ন্যায়ালয়ৰ সন্মুখত এখন নতুন আবেদন দাখিল কৰিছিল। চৰকাৰৰ আবেদন খনত কোৱা হৈছিল  "এই বিষয়টো আইন বিভাগৰ, সেয়েহে, এই বিষয়ত কেন্দ্ৰৰ লগতে ৰাজ্যসমূহৰ মতামত অতি গুৰুত্বপূৰ্ণ । কেন্দ্ৰই সমকামী বিবাহ সন্দৰ্ভত  ৰাজ্যসমূহৰ মতামত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে। ৰাজ্যসমূহে পৰৱৰ্তী ১০ দিনৰ ভিতৰত বিবাহ সম্পৰ্কে তেওঁলোকৰ মতামত দাখিল কৰিব লাগিব।" 

কেন্দ্ৰই কয় যে সমকামী বিবাহৰ বৈধতা পৰীক্ষা কৰিবলৈ, দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত  বিশ্বাস, ৰীতি-নীতি আৰু সামাজিক পাৰ্থক্য আদি বিষয়সমূহ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলিও কৈছিল। এই গোচৰটো চলাই নিওঁতে  দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতিৰ স্পষ্ট আৰু সম্পূৰ্ণ ধাৰণা  থাকিব লাগে বুলিও চৰকাৰে কৈছিল। 

ইপিনে আবেদনকাৰীৰ হৈ আদালতত উপস্থিত থকা অধিবক্তা মুকুল ৰোহতগীয়ে কৈছিল  যে এই গোচৰটোত ৰাজ্যৰ কোনো ভূমিকা নাই। তেওঁ কয় "এই গোচৰটো এটা কেন্দ্ৰীয় আইনৰ বৈধতাৰ বিষয়। তেনে ক্ষেত্ৰত ৰাজ্যবোৰে কি  ভাবে সেয়া একেবাৰে প্ৰাসংগিক নহয়। তদুপৰি গোচৰটোৰ শুনানিৰ তাৰিখ পাঁচ মাহ আগতে ঘোষণা কৰা হৈছিল। সেয়া জনা স্বত্বেও কেন্দ্ৰই এতিয়াহে  ৰাজ্যসমূহৰ পৰা কিয় মতামত বিচাৰিছে  তাকে লৈ প্ৰশ্ন ৰৈ গৈছে।’’ তেওঁ লগতে কৈছিল  যে সংবিধান অনুসৰি সকলোৰে বিবাহৰ অধিকাৰ আছে। কাৰো বিয়াৰ অধিকাৰ কেৱল সমকামী হোৱাৰ বাবে কাঢ়ি নিব নোৱাৰি। এনে বাদ-বিবাদৰ মাজতে উচ্চতম ন্যায়ালয়ে মঙলবাৰে সমলিংগ বা সমকামী বিবাহক বৈধতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু বিষয়টো কেন্দ্ৰলৈ ঠেলি দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক