--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ দেশত বহু দিনৰে পৰা সমকামী বিবাহৰ অনুমতি বিচাৰি বিভিন্ন সংগঠনে দাবী জনাই আহিছে।  এনে সময়তে আজি উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।  উচ্চতম ন্যায়ালয়ে কয় যে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদান কৰিব নোৱাৰি। আদালতে এই বিষয়ত  সিদ্ধান্ত লোৱাৰ ভাৰ  চৰকাৰৰ ওপৰত এৰি দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মন্তব্য কৰে, "বিবাহৰ পৰম্পৰা এক কঠোৰ, অটল বস্তু বিষয় । বিবাহত বিৱৰ্তন আহে। জীৱন সংগী বাছনি কৰাটো সকলোৰে জীৱনৰ এক অবিচ্ছেদ্য অংগ। "

তেওঁ অৱশ্যে সমলিংগ বিবাহক আইনী বৈধতা প্ৰদান কৰিব নোৱাৰি বুলি কয়। অৱশ্যে মঙলবাৰে  উচ্চতম ন্যায়ালয়ে মঙলবাৰে সমলিংগ বিবাহ আইনৰ গোচৰত ৰায় প্ৰদান কৰি স্পষ্টভাবে কয় যে  সমলিংগ  বিবাহৰ বাবে এই মুহূৰ্তত কোনো সন্মতি নাই। আদালতে কয়-" সমলিংগ বিবাহৰ অনুমতি এই মুহূৰ্তত নাই। উচ্চতম ন্যায়ালয়ে সিদ্ধান্তটো চৰকাৰৰ ওপৰত এৰি দিছে। ভাৰতৰ 

 একে সময়তে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ সমৰ্থকসকলৰ বাবে সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে যুক্তি দৰ্শায়। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ১০ দিনীয়া শুনানিৰ পিছত ১১ মে'ত ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছিল।  আদালতে সমকামী বিবাহৰ পক্ষপাতী আছিল কিন্তু আইনী সিদ্ধান্ত লোৱাৰ দায়িত্ব কেন্দ্ৰৰ ওপৰত এৰি দিয়ে। অৱশ্যে কেন্দ্ৰই আৰম্ভণিৰে পৰাই সমকামী বিবাহ বৈধকৰণৰ দাবীৰ বিৰোধিতা কৰি আহিছে। কেন্দ্ৰই কৈ আহিছে  যে এয়া  চহৰীয়া অভিজাত লোক একাংশৰ  ধাৰণা। কেন্দ্ৰই এইবুলিও কৈ আহিছে যে যে যদি এনে বিবাহ বৈধ কৰা হয়, তেন্তে বিবাহ নামৰ প্ৰতিষ্ঠানটোক আক্ৰমণ কৰা হ'ব। বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত কেন্দ্ৰই কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব। 
  
উল্লেখ্য কেন্দ্ৰই আৰম্ভণিৰে পৰা সমলিংগ বিবাহৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ইয়াৰ মাজতে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহ সম্পৰ্কে প্ৰতিখন ৰাজ্যৰ পৰা মতামত বিচাৰিছিল। কেন্দ্ৰই পূৰ্বে  সমলিংগ বিবাহ সম্পৰ্কীয় আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত  বিচাৰপীঠক কৈছিল  যে এই বিষয়ত কেন্দ্ৰই ৰাজ্যসমূহৰ পৰা মতামত আহ্বান কৰিছে।কেন্দ্ৰই এই বিষয়টো সম্পৰ্কীয়  শুনানি কেইদিনমানৰ বাবে স্থগিত ৰাখিবলৈ আবেদন জনাইছিল  যদিও  উচ্চতম ন্যায়ালয়ে চৰকাৰৰ আবেদনখন খাৰিজ কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে পূৰ্বে  উচ্চতম ন্যায়ালয়ৰ সন্মুখত এখন নতুন আবেদন দাখিল কৰিছিল। চৰকাৰৰ আবেদন খনত কোৱা হৈছিল  "এই বিষয়টো আইন বিভাগৰ, সেয়েহে, এই বিষয়ত কেন্দ্ৰৰ লগতে ৰাজ্যসমূহৰ মতামত অতি গুৰুত্বপূৰ্ণ । কেন্দ্ৰই সমকামী বিবাহ সন্দৰ্ভত  ৰাজ্যসমূহৰ মতামত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে। ৰাজ্যসমূহে পৰৱৰ্তী ১০ দিনৰ ভিতৰত বিবাহ সম্পৰ্কে তেওঁলোকৰ মতামত দাখিল কৰিব লাগিব।" 

কেন্দ্ৰই কয় যে সমকামী বিবাহৰ বৈধতা পৰীক্ষা কৰিবলৈ, দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত  বিশ্বাস, ৰীতি-নীতি আৰু সামাজিক পাৰ্থক্য আদি বিষয়সমূহ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলিও কৈছিল। এই গোচৰটো চলাই নিওঁতে  দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতিৰ স্পষ্ট আৰু সম্পূৰ্ণ ধাৰণা  থাকিব লাগে বুলিও চৰকাৰে কৈছিল। 

ইপিনে আবেদনকাৰীৰ হৈ আদালতত উপস্থিত থকা অধিবক্তা মুকুল ৰোহতগীয়ে কৈছিল  যে এই গোচৰটোত ৰাজ্যৰ কোনো ভূমিকা নাই। তেওঁ কয় "এই গোচৰটো এটা কেন্দ্ৰীয় আইনৰ বৈধতাৰ বিষয়। তেনে ক্ষেত্ৰত ৰাজ্যবোৰে কি  ভাবে সেয়া একেবাৰে প্ৰাসংগিক নহয়। তদুপৰি গোচৰটোৰ শুনানিৰ তাৰিখ পাঁচ মাহ আগতে ঘোষণা কৰা হৈছিল। সেয়া জনা স্বত্বেও কেন্দ্ৰই এতিয়াহে  ৰাজ্যসমূহৰ পৰা কিয় মতামত বিচাৰিছে  তাকে লৈ প্ৰশ্ন ৰৈ গৈছে।’’ তেওঁ লগতে কৈছিল  যে সংবিধান অনুসৰি সকলোৰে বিবাহৰ অধিকাৰ আছে। কাৰো বিয়াৰ অধিকাৰ কেৱল সমকামী হোৱাৰ বাবে কাঢ়ি নিব নোৱাৰি। এনে বাদ-বিবাদৰ মাজতে উচ্চতম ন্যায়ালয়ে মঙলবাৰে সমলিংগ বা সমকামী বিবাহক বৈধতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু বিষয়টো কেন্দ্ৰলৈ ঠেলি দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement