--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় শ্বেয়াৰ বজাৰে যেন লাভ কৰিছে  ৰকেটৰ গতি।দেশৰ বাবে  বিগত কিছুদিন ধৰি  বিশ্বব্যাপী শ্বেয়াৰ বজাৰত বৃদ্ধি দেখা গৈছে। প্ৰতিবেদন অনুসৰি  ভাৰতে হংকঙক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ শ্বেয়াৰ বজাৰত পৰিণত হৈছে।  শ্বেয়াৰ বজাৰত আজিৰ তাৰিখত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম স্থানত আছে, চীন দ্বিতীয় আৰু জাপান তৃতীয় স্থানত আছে।তাৰ পিছতে আছিল   হংকং ।কিন্তু  এইবাৰ হংকঙক  অতিক্ৰম কৰি ভাৰত চতুৰ্থ স্থানত উপবিষ্ট হৈছে।

ব্লুমবাৰ্গৰ তথ্য অনুসৰি ভাৰতীয় এক্সচেঞ্জত তালিকাভুক্ত শ্বেয়াৰৰ মুঠ মূল্য ৪.৩৩  ট্ৰিলিয়ন ডলাৰত সমাপ্ত হৈছে, আনহাতে হংকঙৰ ৪.২৯  ট্ৰিলিয়ন ডলাৰ হৈছে। ব্লুমবাৰ্গৰ তথ্য অনুসৰিএই বৃদ্ধিয়ে ভাৰতক বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ইকুইটি বজাৰ হিচাবে পৰিগণিত কৰিলে। 

যোৱা বছৰৰ শেষত, বি.এছ.ই.-ৰ মুঠ বজাৰৰ সীমা প্ৰথমবাৰৰ বাবে৪  ট্ৰিলিয়ন ডলাৰত উপনীত হৈছে। বিএছই সূচক চেঞ্চেক্সে ৭০,০০০  অতিক্ৰম কৰিছে। একে সময়তে, নিফটিয়ে ৫০  আৰু ২১,০৩১ ৰ এক নতুন উচ্চতাৰ বিন্দু স্পৰ্শ কৰিছে। এইবাৰ এন.এছ.ই.-ৰ বজাৰৰ সীমা ৩.৯৯   ট্ৰিলিয়ন ডলাৰত উপনীত হৈছে, আনহাতে হংকং ষ্টক এক্সচেঞ্জৰ বজাৰ কেপ হৈছে ৩.৯৮ ট্ৰিলিয়ন ডলাৰ। ভাৰতীয় শ্বেয়াৰ বজাৰে গতি লাভ কৰাৰ বাবে ষ্টক এক্সচেঞ্জবোৰৰ শ্বেয়াৰৰ মূল্যৰ তালিকাও উৰ্ধগামী হৈছে। 

 ভাৰত আৰু এছিয়াৰ আটাইতকৈ পুৰণি বম্বে ষ্টক এক্সচেঞ্জৰ বজাৰ কেপ ৩.৮০  ট্ৰিলিয়ন ডলাৰ হৈছে। ইফালে, বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জ হিচাপে পৰিগণিত হোৱা ভাৰতে বিশ্বব্যাপী বিনিয়োগকাৰীসকলৰ বাবে চীনৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে। দেশৰ সুস্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু গ্ৰাহকৰ বৰ্ধিত সংখ্যাই ভাৰতলৈ অধিক বিনিয়োগকাৰীক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। ইফালে হংকঙৰ শ্বেয়াৰ বজাৰত যোৱা কেইবছৰমানত গ্ৰাফ ক্ৰমে হ্ৰাস পাইছে। ২০২১  চনত হংকঙৰ শ্বেয়াৰ বজাৰৰ সন্মিলিত  বজাৰ মূল্য আছিল ৬  ট্ৰিলিয়ন।  ই এতিয়া ৪.২৯  ট্ৰিলিয়ন ডলাৰ হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ