--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত ৬৪ বছৰৰ পাছত হোলী আৰু ৰমজানৰ জুম্মাৰ নামাজ একেলগে হ’বলৈ গৈ আছে। এই দিনটো দুটা ধৰ্মৰ একত্ৰীকৰণৰ উৎসৱ হিচাপে দেখা গ’লহেঁতেন তেন্তে ভাল হ’লহেঁতেন। কিন্তু ইয়াৰ বিপৰীত হোৱাৰহে সম্ভাৱনা। 

একেদিনাই হোলী আৰু জুম্মাৰ নামাজ হোৱা বাবে সংঘাতৰ পৰিৱেশৰ সৃষ্টি হৈছে। সন্দেহ হৈছে যে ই দেশৰ পৰিবেশ বিষাক্ত হোৱাৰ এক প্ৰধান কাৰণ হৈ উঠিব পাৰে। 

উত্তৰ প্ৰদেশৰ বহু জিলাৰ মছজিদসমূহ তিৰ্পালেৰে ঢাকি পেলাইছে মছজিদ কমিটিয়ে। মছজিদত যাতে কোনো কাৰণতে ৰং নালাগে তাৰ বাবে এনেকুৱা কৰিছে মছজিদ কমিটিসমূহে। সম্ভল, আলীগড়, বৰেলী, শ্বাহজাহানপুৰকে ধৰি উত্তৰ প্ৰদেশৰ বহু জিলাত মছজিদসমূহ তিৰ্পালেৰে ঢাকি দিয়া হৈছে। শ্বাহজাহানপুৰত এতিয়ালৈকে প্ৰায় ৬৭টা মছজিদ তিৰ্পালেৰে আৱৰি ৰখাৰ বিপৰীতে সম্ভলৰ কমেও ১০টা মছজিদ ঢকা হৈছে। 

আন চহৰৰ পৰাও এনে খবৰ অবিৰতভাৱে আহি আছে। এতিয়া বহু লোকেই প্ৰশ্ন উত্থাপন কৰিছে যে মছজিদক তিৰ্পালেৰে ঢাকি ৰখাটো এয়া ভুল পৰম্পৰাৰ আৰম্ভণি নহয়নে? উত্তৰ প্ৰদেশৰ মছজিদ ঢাকি ৰখাৰ এই নতুন প্ৰথাই উত্তৰ প্ৰদেশৰ ভাবমূৰ্তি কলংকিত নকৰিবনে? মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শাসনত উত্তৰ প্ৰদেশত মুছলমান সুৰক্ষিত নহয় বুলি এই বাৰ্তা বিশ্বলৈ নাযাবনে? এনেধৰণৰ আৰু বহুতো প্ৰশ্ন কৰিছে সচেতন লোকে। 

আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, মছজিদবোৰ ঢাকি ৰখাৰ আদেশ কোনে দিলে? উত্তৰ প্ৰদেশ চৰকাৰে এই সন্দৰ্ভত কোনো নিৰ্দেশ জাৰি কৰা নাই। সম্ভলৰ ডি এম ৰাজেন্দ্ৰ পান্সিয়াই কয় যে মুছলমান সম্প্ৰদায়ে নিজেই মছজিদসমূহ ঢাকি ৰাখিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ