--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ বদোদৰাত হোলীৰ দিনাই এক কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে। ১২০ কিলোমিটাৰ বেগত অহা গাড়ীয়ে খুন্দা মাৰিলে চাৰিজন লোকক। কন্যাৰ বাবে হোলীৰ ৰং আনিবলৈ যোৱা এগৰাকী মহিলাই থিতাতে সাবটিলে মৃত্যুক।

চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। চালকজন উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বাসিন্দা ৰক্ষিত চৌৰসিয়া বুলি চিনাক্ত কৰা হৈছে। বদোদৰাৰ এখন বিশ্ববিদ্যালয়ত ৰক্ষিত চৌৰসিয়াই আইন অধ্যয়ন কৰি থকা বুলি জানিব পৰা গৈছে। 

এই গোচৰৰ দ্বিতীয় অভিযুক্ত গাড়ীখনৰ মালিক আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চৌৰসিয়াৰ লগত থকা অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। দ্বিতীয় অভিযুক্তক বদোদৰাৰ বাসিন্দা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ মিত চৌহান বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ সময়ত গাড়ীখনৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ আছিল। গাড়ীৰ চালকে মদ্যপান কৰি থকা বুলি জানিব পৰা গৈছে।   
তেওঁলোকৰ গাড়ীখনে দুখন স্কুটাৰত খুন্দা মাৰে, যাৰ বাবে স্কুটীৰ আৰোহীসকল পৰি যায় আৰু গাড়ীখনে তেওঁলোকক চোঁচৰাই লৈ যায়। নাবালিকা কন্যাৰ সৈতে হোলীৰ ৰং কিনিবলৈ ওলাই অহা হেমানী পেটেল নামৰ মহিলাগৰাকীয়ে থিতাতে মৃত্যুক সাৱটি লয়। বাকী তিনি আহতক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনাস্থলীত এক বৃহৎ জনসমাগম হৈ অভিযুক্ত চালকজনক প্ৰহাৰ কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ