--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ বদোদৰাত হোলীৰ দিনাই এক কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে। ১২০ কিলোমিটাৰ বেগত অহা গাড়ীয়ে খুন্দা মাৰিলে চাৰিজন লোকক। কন্যাৰ বাবে হোলীৰ ৰং আনিবলৈ যোৱা এগৰাকী মহিলাই থিতাতে সাবটিলে মৃত্যুক।

চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। চালকজন উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বাসিন্দা ৰক্ষিত চৌৰসিয়া বুলি চিনাক্ত কৰা হৈছে। বদোদৰাৰ এখন বিশ্ববিদ্যালয়ত ৰক্ষিত চৌৰসিয়াই আইন অধ্যয়ন কৰি থকা বুলি জানিব পৰা গৈছে। 

এই গোচৰৰ দ্বিতীয় অভিযুক্ত গাড়ীখনৰ মালিক আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চৌৰসিয়াৰ লগত থকা অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। দ্বিতীয় অভিযুক্তক বদোদৰাৰ বাসিন্দা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ মিত চৌহান বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ সময়ত গাড়ীখনৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ আছিল। গাড়ীৰ চালকে মদ্যপান কৰি থকা বুলি জানিব পৰা গৈছে।   
তেওঁলোকৰ গাড়ীখনে দুখন স্কুটাৰত খুন্দা মাৰে, যাৰ বাবে স্কুটীৰ আৰোহীসকল পৰি যায় আৰু গাড়ীখনে তেওঁলোকক চোঁচৰাই লৈ যায়। নাবালিকা কন্যাৰ সৈতে হোলীৰ ৰং কিনিবলৈ ওলাই অহা হেমানী পেটেল নামৰ মহিলাগৰাকীয়ে থিতাতে মৃত্যুক সাৱটি লয়। বাকী তিনি আহতক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনাস্থলীত এক বৃহৎ জনসমাগম হৈ অভিযুক্ত চালকজনক প্ৰহাৰ কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু