--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ দিনাই পশ্চিমবংগত হিংসাত্মক কাৰ্য সংঘটিত হৈছে। নন্দিগ্ৰামৰ বিজেপিৰ বিধায়ক সুবেন্দু অধিকাৰীয়ে অভিযোগ কৰা অনুসৰি তেওঁৰ সমষ্টিত ভগৱানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ঘটনা পোহৰলৈ আহিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অমিত মালৱিয়াইও এই ঘটনাক গৰিহণা দি ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে।


অমিত মালবিয়াই নিজৰ পোষ্টত লিখিছে, ‘মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত পশ্চিমবংগত হিন্দুৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। যোৱা মঙলবাৰৰ পৰা নন্দিগ্ৰাম ব্লক ২ৰ আহমেদাবাদ অঞ্চলৰ কমলপুৰত স্থানীয় বাসিন্দাসকলে পূজা কৰি আছিল আৰু ৰাম নাৰায়ণ কীৰ্তন নিৰৱচ্ছিন্নভাৱে চলি আছিল, তেতিয়া একাংশ লোকে শ্ৰীৰাম নাম উচ্চাৰণ সহ্য কৰিব নোৱাৰি মূৰ্তিবোৰ ভাঙি ঠাইখন অপবিত্ৰ কৰি পেলায়।'

তেওঁ লগতে কয়, ‘‘বৰুইপুৰ, যাদৱপুৰ, মুৰ্ছিদাবাদকে ধৰি সমগ্ৰ ৰাজ্যতে একেধৰণৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ উপৰিও মমতা বেনাৰ্জীৰ আৰক্ষীয়ে বংগৰ কিছুমান অঞ্চলত হোলী উদযাপন নিষিদ্ধ কৰাৰ চেষ্টা চলাইছিল যদিও পিছত পিছ হুঁহুকি যায়। মুখপাত্ৰগৰাকীয়ে আৰু কয়, সনাতনীসকলৰ মাজত এই কাণ্ডক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে যদিও এই কঠিন সময়ত বিজেপি তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিছে। মমতা বেনাৰ্জীক আমি কেতিয়াও পশ্চিমবংগক আন এখন বাংলাদেশলৈ ৰূপান্তৰিত কৰিবলৈ নিদিওঁ।''

উল্লেখ্য যে এই হিংসাত্মক কাৰ্যৰ বাবে ৩ দিনৰ কাৰণে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ