--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰমজান মুছলমানৰ পবিত্ৰ মাহ আৰু এইবাৰ ৰমজান মাহৰ দ্বিতীয় শুকুৰবাৰ পৰিছে ১৪ মাৰ্চত আৰু সেইদিনাই উদ্‌যাপন হব হিন্দুসকলৰ পবিত্ৰ উৎসৱ হোলী। হোলী আৰু জুমাৰ নামাজ একে তাৰিখত পৰা সন্দৰ্ভত উত্তৰ প্ৰদেশ সম্ভলৰ চি অ’ অনুজ চৌধুৰীয়ে এক বক্তব্য প্ৰদান কৰিছে, য’ত তেওঁ দুষ্কৃতিকাৰীক সকীয়নী প্ৰদান কৰিছে৷ ইয়াৰ লগতে তেওঁ আনকি মুছলমান সমাজক কৈছে যে যদি তেওঁলোকৰ ৰঙক লৈ সমস্যা হয় তেন্তে ঘৰৰ পৰা ওলাই নাহিব।

সম্ভলৰ আৰক্ষী বিষয়া অনুজ চৌধুৰীয়ে কয় যে - "বছৰত ৫২ বাৰ জুমাৰ নামাজ আহে কিন্তু বছৰত হোলী এবাৰহে আহে। যদি মুছলমান সমাজৰ ৰাইজে অনুভৱ কৰে যে হোলীৰ ৰঙে তেওঁলোকৰ ধৰ্ম ভ্ৰষ্ট কৰিব, তেন্তে সেইদিনা ঘৰৰ পৰা ওলাই নাহিব। হোলীত যদি কোনো দুষ্কৃতিকাৰীয়ে কোনো অন্যায় কৰা দেখা পাওঁ, তেন্তে তেওঁক ৰেহাই দিয়া নহ'ব। আমি সম্ভলৰ শান্তি-শৃংখলা বিঘ্নিত হ'বলৈ নিদিওঁ।"

তেওঁ লগতে কয় যে “যিদৰে মুছলমান সমাজে গোটেই বছৰটো ঈদৰ বাবে অপেক্ষা কৰে ঠিক তেনেদৰে হিন্দু সমাজেও হোলীৰ বাবে অপেক্ষা কৰে। ৰং সানি, মিঠাই খাই মানুহে হোলী পালন কৰে আৰু ঈদৰ সময়তো মানুহে চেৱৈ বনাই ইজনে সিজনক বিলায়। গতিকে ইজনে সিজনক সন্মান কৰি চলিব লাগিব।

হোলী খেলাৰ ক্ষমতা থকা সকলহে ঘৰৰ পৰা ওলাই আহিব লাগে। অন্যথা ঘৰৰ ভিতৰত থাকি নামাজ পঢ়ক। আৰক্ষী প্ৰশাসন কোনো ধৰণৰ অশান্তি সহ্য কৰাৰ কোনো মুডত নাই।আৰক্ষীয়ে কোনো কাৰণতে আইন উলংঘা হ’বলৈ নিদিয়ে।”

অনুজ চৌধুৰীয়ে লগতে কয় যে “হিন্দু লোকেও কাৰো ওপৰত অপ্ৰয়োজনীয়ভাৱে ৰং নিক্ষেপ কৰিব নালাগে। হিন্দু মানুহৰ মাজতো কোনোৱে যদি ৰং লব নিবিচাৰে তেন্তে তেওঁকো ৰং দিব নালাগে নিয়ম সকলোৰে বাবে একে।” 

সম্ভলৰ CO অনুজ চৌধুৰীৰ এই বক্তব্য এতিয়া তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement