--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰমজান মুছলমানৰ পবিত্ৰ মাহ আৰু এইবাৰ ৰমজান মাহৰ দ্বিতীয় শুকুৰবাৰ পৰিছে ১৪ মাৰ্চত আৰু সেইদিনাই উদ্‌যাপন হব হিন্দুসকলৰ পবিত্ৰ উৎসৱ হোলী। হোলী আৰু জুমাৰ নামাজ একে তাৰিখত পৰা সন্দৰ্ভত উত্তৰ প্ৰদেশ সম্ভলৰ চি অ’ অনুজ চৌধুৰীয়ে এক বক্তব্য প্ৰদান কৰিছে, য’ত তেওঁ দুষ্কৃতিকাৰীক সকীয়নী প্ৰদান কৰিছে৷ ইয়াৰ লগতে তেওঁ আনকি মুছলমান সমাজক কৈছে যে যদি তেওঁলোকৰ ৰঙক লৈ সমস্যা হয় তেন্তে ঘৰৰ পৰা ওলাই নাহিব।

সম্ভলৰ আৰক্ষী বিষয়া অনুজ চৌধুৰীয়ে কয় যে - "বছৰত ৫২ বাৰ জুমাৰ নামাজ আহে কিন্তু বছৰত হোলী এবাৰহে আহে। যদি মুছলমান সমাজৰ ৰাইজে অনুভৱ কৰে যে হোলীৰ ৰঙে তেওঁলোকৰ ধৰ্ম ভ্ৰষ্ট কৰিব, তেন্তে সেইদিনা ঘৰৰ পৰা ওলাই নাহিব। হোলীত যদি কোনো দুষ্কৃতিকাৰীয়ে কোনো অন্যায় কৰা দেখা পাওঁ, তেন্তে তেওঁক ৰেহাই দিয়া নহ'ব। আমি সম্ভলৰ শান্তি-শৃংখলা বিঘ্নিত হ'বলৈ নিদিওঁ।"

তেওঁ লগতে কয় যে “যিদৰে মুছলমান সমাজে গোটেই বছৰটো ঈদৰ বাবে অপেক্ষা কৰে ঠিক তেনেদৰে হিন্দু সমাজেও হোলীৰ বাবে অপেক্ষা কৰে। ৰং সানি, মিঠাই খাই মানুহে হোলী পালন কৰে আৰু ঈদৰ সময়তো মানুহে চেৱৈ বনাই ইজনে সিজনক বিলায়। গতিকে ইজনে সিজনক সন্মান কৰি চলিব লাগিব।

হোলী খেলাৰ ক্ষমতা থকা সকলহে ঘৰৰ পৰা ওলাই আহিব লাগে। অন্যথা ঘৰৰ ভিতৰত থাকি নামাজ পঢ়ক। আৰক্ষী প্ৰশাসন কোনো ধৰণৰ অশান্তি সহ্য কৰাৰ কোনো মুডত নাই।আৰক্ষীয়ে কোনো কাৰণতে আইন উলংঘা হ’বলৈ নিদিয়ে।”

অনুজ চৌধুৰীয়ে লগতে কয় যে “হিন্দু লোকেও কাৰো ওপৰত অপ্ৰয়োজনীয়ভাৱে ৰং নিক্ষেপ কৰিব নালাগে। হিন্দু মানুহৰ মাজতো কোনোৱে যদি ৰং লব নিবিচাৰে তেন্তে তেওঁকো ৰং দিব নালাগে নিয়ম সকলোৰে বাবে একে।” 

সম্ভলৰ CO অনুজ চৌধুৰীৰ এই বক্তব্য এতিয়া তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু