--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতুল সুভাষ, মানৱ শৰ্মাৰ পাছত এইবাৰ আন এজন যুৱকৰ আত্মহত্যা। পত্নীৰ দ্বাৰা প্ৰতাৰিত হৈ এইবাৰ আত্মহত্যা কৰিলে গৌৰৱ কুমাৰে(৩০)। উত্তৰ প্ৰদেশৰ সম্ভলত ঘটিছে এই ঘটনা। 

পত্নী প্ৰিয়াৰ পৰা বিৰক্ত হৈ আত্মহত্যা কৰে গৌৰৱে। মৃত গৌৰৱৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পত্নী প্ৰিয়া, শাহুৱেক নীলম আৰু ভায়েক আকাশৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। মৃত্যুৰ পূৰ্বে গৌৰৱে এখন ছুইচাইড নোট লিখিছে, য’ত তেওঁৰ মৃত্যুৰ বাবে পত্নীক দোষাৰোপ কৰিছে।

পিতৃ কৃষ্ণপাল সিঙে আৰক্ষীক জনোৱা মতে, এবছৰ পূৰ্বে তেওঁৰ পুত্ৰ গৌৰৱ কুমাৰে মোৰাদাবাদৰ বাসিন্দা প্ৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ কিছুদিনৰ পাছতে তেওঁলোকৰ কাজিয়া আৰম্ভ হয়। ইয়াৰ পিছত প্ৰিয়া ঘৰৰ পৰা ওলাই মাতৃগৃহলৈ গুচি যায়। ঘৰলৈ গুচি যোৱাৰ পাছত প্ৰিয়াই গৌৰৱক ধন দাবী কৰিবলৈ ধৰিলে। ধন নিদিলে যৌতুক দাবী কৰা বুলি গোটেই ঘৰখনক ফচাম বুলি ভাবুকি দিছিল প্ৰিয়াই। 

কেইবাবাৰো বুজনি দিয়াৰ পিছতো প্ৰিয়া শহুৰেকৰ ওচৰলৈ ঘূৰি নাহিল ইয়াৰ বাবেই গৌৰৱ কুমাৰে মানসিক চাপ অনুভৱ কৰিবলৈ ধৰিলে। যোৱা দেওবাৰে গৌৰৱ কুমাৰে বিষাক্ত পদাৰ্থ খাই আত্মহত্যাৰ চেষ্টা চলাইছিল। তেওঁৰ অৱস্থা অধিক বেয়া হোৱাত পৰিয়ালে তেওঁক চিকিৎসাৰ বাবে আমৰোহাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। মৃত যুৱকজন তিনি ভাতৃৰ ভিতৰত সৰু আছিল।

মৃত্যুৰ পূৰ্বে গৌৰৱ কুমাৰে লিখিছে তিনি পৃষ্ঠাৰ ছুইচাইড নোট। য'ত লিখা আছে যে 'মোৰ লগত বহুত অন্যায় কৰা হৈছে।' পত্নীৰ হাৰাশাস্তিৰ বাবেই মই প্ৰাণ আহুতি দিছোঁ। মোৰ মৃত্যুৰ পিছত মোৰ পৰিয়ালক কোনেও হাৰাশাস্তি নকৰিব। মোৰ মৃত্যুৰ বাবে মোৰ পত্নী প্ৰিয়া জগৰীয়া। মোৰ মৃত্যুৰ পিছত মোৰ পত্নীক সম্পত্তিৰ পৰা একো দিব নালাগে। মোৰ সম্পত্তিৰ অংশ ভাতৃসকলৰ মাজত বিতৰণ কৰা উচিত।

মৃতকৰ পিতৃৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলি আছমোলিৰ চি অ’ কুলদীপ সিঙে জানিবলৈ দিছে। গোচৰটোৰ তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ