--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দৈনন্দিন জীৱন যাত্রাৰ প্রাত্যহিকতাৰ পৰা আঁতৰি আহি সকলোৱে যেন ভাগ লৈছে এই আনন্দৰ উৎসৱত। ৰং-ৰসৰ সাগৰত বুৰ গৈছে এতিয়া সত্ৰনগৰী বৰপেটাৰ প্রতিজন লোক।

ডিজিটেল ডেস্ক: আহা আহা খেলোঁ হোলী/সখী সবে মিলিজুলি/ফাগু সানো ৰঙতে উমলি/দোলাবো উপৰে তুলি/বজাই হবি মুঝলি/চলি যায় ঘুনুচাৰ পদুলি...।' 


এফালে অগণন লোকৰ সমাৱেশেৰে উদুলি-মুদুলি পৰিৱেশ, আনফালে আকাশ-বতাহ নিনাদিত কৰি তোলা হোলী গীতৰ মধুৰ গুঞ্জন। পাৰভঙা উছাহ আৰু আনন্দময় এনে এক পৰিৱেশৰ মাজেৰে কালিৰ পৰা আৰম্ভ হৈছে সত্ৰনগৰী বৰপেটাত দৌল মহোৎসৱ। ভক্তি আৰু আনন্দ-সমন্বয়ৰ দৌলোৎসৱক কেন্দ্র কৰি উদুলি-মুদুলি হৈ পৰিছে সত্ৰনগৰী বৰপেটা। 


দৈনন্দিন জীৱন যাত্রাৰ প্রাত্যহিকতাৰ পৰা আঁতৰি আহি সকলোৱে যেন ভাগ লৈছে এই আনন্দৰ উৎসৱত। ৰং-ৰসৰ সাগৰত বুৰ গৈছে এতিয়া সত্ৰনগৰী বৰপেটাৰ প্রতিজন লোক। আলোকসজ্জাৰে সু-সজ্জিত কৰি তোলা হৈছে বৰপেটা সত্র। বৰপেটা সত্ৰত গন্ধ যাত্ৰাৰে কালিৰ পৰা আৰম্ভ হৈছে দৌল মহোৎসৱ। এইবেলি পাঁচ দিনীয়াকৈ পালন কৰা হ'ব বৰপেটা সত্ৰৰ দৌল মহোৎসৱ। এই দৌল মহোৎসৱ উপলক্ষে কার্যতঃ ৰঙীন হৈ পৰিছে সত্ৰনগৰী বৰপেটাৰ চৌদিশ। 


বৰপেটাবাসীৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা দৌল মহোৎসৱ উপভোগ কৰিবলৈ অহা লোকেৰে ভৰি পৰিছে বৰপেটা সত্র। সম্পূর্ণ সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰে কালি বৰপেটা সত্রত পালন কৰা হয় বহ্নোৎসৱ বা গন্ধ যাত্রা। বিয়লি সত্ৰৰ নিত্য প্ৰসংগৰ পাছত দৌল গোবিন্দক সত্ৰৰ মনিকূট গৃহ (ভাজঘব)ৰ পৰা গায়ন-বায়ন আৰু ঢুলীয়াৰে পূব দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালত ৰখা হয়। আনপিনে কলীয়াঠাকুৰ গোসাঁইক (শ্রীকৃষ্ণ) থাই দুৱাৰেদি উলিয়াই আনি দুয়ো গোসাঁইক মঠৰ চোতালত এখন বৰ শৰাইৰ ওপৰত ৰখা হয়। সন্ধিয়া দুয়ো গোসাঁইক গায়ন-বায়ন আৰু ঢুলীয়াৰে ভক্তিপ্রাণ ৰাইজে গোসাঁইক টুপৰ চোতাললৈ মেজি পুৱাবলৈ অনা হয়। 


মেজিৰ জুইৰ চাৰিওফালে দুয়ো গোসাঁইক সাত পাক ঘূৰোৱাৰ পিছত প্রথমে যোগমোহন গৃহত কিছু সময় ৰাখি নিশা আঠ বজাৰ পাছত গোসাঁইন্বয়ক দৌলত আৰোহণ কৰোৱা হয়। একে সময়তে সত্রৰ চৌহদত স্থানীয় আতচবাজী শিল্পীৰ দ্বাৰা কাৰিকৰী চমকেৰে নির্মিত নানাবন্ধী আতচবাজী প্রদর্শন কৰা হয়। আকাশলৈ উৰোৱা ভিন্নৰঙী ফানুচ আৰু ৰং-বিৰঙৰ আতচবাজী দৃশ্যই উপস্থিত সকলোকে মুগ্ধ কৰি তোলে।


৩, ৪ আৰু ৫ মার্চত বৰপেটা সত্ৰত পালন কৰা হ'ব ভৰদৌল। আজি পুৱা কীর্তনঘৰত নিত্য প্রসংগ শেষ হোৱাৰ পাছত যোগমোহন গৃহত ক্রমে আইসকলৰ প্ৰসংগ, বাপুসকলৰ প্ৰসংগ, পাঠ, ভাগবত, গায়ন-বায়ন, ভোজন-ব্যবহাৰ, ঘোষাকীর্তন আৰু ব্যাস কীর্তন অনুষ্ঠিত হ'ব। ইপিনে, ভৰদৌলৰ দিনা পুৱা সত্ৰৰ বুঢ়াসত্ৰীয়া ড° বাবুল চন্দ্র দাসে গোসাঁইক ফাকু গুৰিৰে সেৱা জনোৱাৰ পাছত সমবেত ভক্তিপ্রাণ ৰাইজৰ বাবেও ফাকুগুৰিৰে গোসাঁই সেৱা কৰা কার্য মুকলি হ'ব। 


১৬ মার্চৰ দিনা ফাকুৱা বা বৰপেটাৰ বিখ্যাত সুৱেৰী উৎসৱ। সুৱেৰীৰ দিনা বিয়লি গোসাঁইক বৰপেটা সত্ৰৰ পৰা প্রায় ডেৰ কিল'মিটাৰ নিলগৰ কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়া হ'ব। গোসাঁইক হেকেটা খুৱাই ঘূৰাই অনাৰ পাছত সত্ৰৰ টুপৰ চোতালত বাহভঙা কার্য অনুষ্ঠিত হ'ব। ইয়াৰ পাছত গোসাঁইক কীর্তন ঘৰৰ চাৰিওফালে সাতপাক ঘুৰাই থকাৰ সময়তে মঠৰ চোতালত লক্ষ্মী আৰু কৃষ্ণৰ মাজত হোৱা বাদানুবাদৰ এক বাটৰ নাট-সদৃশ বোল-বোলনি অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ লগে লগেই সামৰণি পৰিব তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ পাঁচ দিনীয়া দৌল মহোৎসৱৰ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ