--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০১৮ চনৰ ৫ জুলাইত আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সোণালী ভৱিষ্যতৰ সপোন দেখা ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই প্ৰকল্পই পূৰ্ণতা লাভ কৰিব।

ডিজিটেল ডেস্ক: ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এটি সুখবৰ। অহা ৩০ জানুৱাৰীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব ডিব্ৰুগড়ৰ লগতে ৰাজ্যবাসীৰ বহু প্ৰত্যাশিত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প। 


২০১৮ চনৰ ৫ জুলাইত আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সোণালী ভৱিষ্যতৰ সপোন দেখা ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই প্ৰকল্পই পূৰ্ণতা লাভ কৰিব।


প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় ২১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই বহুমুখী ক্ৰীড়া প্ৰকল্পটোত প্ৰথম পৰ্যায়ত ৫ হাজাৰ আৰু পৰৱৰ্তী পৰ্যায়ত ৩৫ হাজাৰ দৰ্শকৰ আসনৰ সু ব্যৱস্থা থাকিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। 


এই ক্ৰীড়া প্ৰকল্পটোত সাঁতোৰ, দৌৰ, ফুটবলকে ধৰি বিভিন্ন বহিঃ আৰু আন্তঃক্ৰীড়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃগাঁথনিৰ লগতে খেলুৱৈসকলৰ থকাৰ বাবে হোষ্টেল, অভিজ্ঞ প্ৰশিক্ষক, ফিজিঅ'ৰ লগতে প্ৰতি গৰাকী খেলুৱৈৰ পৰিপুষ্টিৰ বাবে অভিজ্ঞ নিউট্ৰিছনিষ্টৰ ব্যৱস্থা থাকিব। 


শিক্ষা আৰু স্বাস্থ্যৰ পাছতেই ডিব্ৰুগড়ৰ ক্ৰীড়া ক্ষেত্ৰখনক চহকী কৰাৰ ক্ষেত্ৰত এই বহুমুখী ক্ৰীড়া প্ৰকল্পই উল্লেখযোগ্য ভূমিকা পালন কৰিব। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অতি কম সময়ৰ ভিতৰতে সাজু হৈ উঠা খনিকৰ ষ্টেডিয়ামৰ বাবে ধন্যবাদ জনায় ডিব্ৰুগড়বাসীয়ে। এই ক্ৰীড়া প্ৰকল্পই অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ডৰ প্ৰতিভাৱান খেলুৱৈসকলকো উপকৃত কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ