--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০১৮ চনৰ ৫ জুলাইত আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সোণালী ভৱিষ্যতৰ সপোন দেখা ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই প্ৰকল্পই পূৰ্ণতা লাভ কৰিব।

ডিজিটেল ডেস্ক: ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এটি সুখবৰ। অহা ৩০ জানুৱাৰীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব ডিব্ৰুগড়ৰ লগতে ৰাজ্যবাসীৰ বহু প্ৰত্যাশিত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প। 


২০১৮ চনৰ ৫ জুলাইত আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সোণালী ভৱিষ্যতৰ সপোন দেখা ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই প্ৰকল্পই পূৰ্ণতা লাভ কৰিব।


প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় ২১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই বহুমুখী ক্ৰীড়া প্ৰকল্পটোত প্ৰথম পৰ্যায়ত ৫ হাজাৰ আৰু পৰৱৰ্তী পৰ্যায়ত ৩৫ হাজাৰ দৰ্শকৰ আসনৰ সু ব্যৱস্থা থাকিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। 


এই ক্ৰীড়া প্ৰকল্পটোত সাঁতোৰ, দৌৰ, ফুটবলকে ধৰি বিভিন্ন বহিঃ আৰু আন্তঃক্ৰীড়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃগাঁথনিৰ লগতে খেলুৱৈসকলৰ থকাৰ বাবে হোষ্টেল, অভিজ্ঞ প্ৰশিক্ষক, ফিজিঅ'ৰ লগতে প্ৰতি গৰাকী খেলুৱৈৰ পৰিপুষ্টিৰ বাবে অভিজ্ঞ নিউট্ৰিছনিষ্টৰ ব্যৱস্থা থাকিব। 


শিক্ষা আৰু স্বাস্থ্যৰ পাছতেই ডিব্ৰুগড়ৰ ক্ৰীড়া ক্ষেত্ৰখনক চহকী কৰাৰ ক্ষেত্ৰত এই বহুমুখী ক্ৰীড়া প্ৰকল্পই উল্লেখযোগ্য ভূমিকা পালন কৰিব। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অতি কম সময়ৰ ভিতৰতে সাজু হৈ উঠা খনিকৰ ষ্টেডিয়ামৰ বাবে ধন্যবাদ জনায় ডিব্ৰুগড়বাসীয়ে। এই ক্ৰীড়া প্ৰকল্পই অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ডৰ প্ৰতিভাৱান খেলুৱৈসকলকো উপকৃত কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু