--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ সম্পৰ্কে ক্লাৰ্কে কয় যে, ‘‘ভাৰতে ইতিমধ্যে দুবাৰকৈ T20 বিশ্বকাপত জয় লাভ কৰিছে। ২০০৭ আৰু ২০২৪ বৰ্ষত ক্ৰমে পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাক পৰাজয় কৰি ভাৰতে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক: ২০২৬ বৰ্ষৰ T20 বিশ্বকাপৰ ফাইনেলক লৈ অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন কেপ্টেইন মাইকেল ক্লাৰ্কৰ ভৱিষ্যদ্বাণী। তেওঁ কয় যে যোৱা কেইবাবছৰ ধৰি ভাৰতে পাকিস্তানৰ লগত হোৱা খেলসমূহত ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। ভাৰতৰ এই পাৰদৰ্শিতাসমূহৰ ওপৰত ভিত্তি কৰি ক্লাৰ্কে যথেষ্ট ধনাত্মক ভবিষ্যদ্বাণী প্ৰদান কৰে। 


Beyond 23 Cricket পডকাষ্টত ভাৰতৰ লগতে আন কেইবাখনো দেশক লৈ ভবিষ্যদ্বাণী কৰে অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন কেপ্টেইন মাইকেল ক্লাৰ্কে। 

তেওঁ পদকাষ্টটিত ব্যক্ত কৰে যে, ‘‘এই টুৰ্ণামেণ্টত ভাৰত আৰু অষ্ট্ৰেলিয়া আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হ’ব, দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।’’


ভাৰতৰ সম্পৰ্কে ক্লাৰ্কে কয় যে, ‘‘ভাৰতে ইতিমধ্যে দুবাৰকৈ T20 বিশ্বকাপত জয় লাভ কৰিছে। ২০০৭ আৰু ২০২৪ বৰ্ষত ক্ৰমে পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাক পৰাজয় কৰি ভাৰতে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত সুৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতৰ দলটিয়ে ডিফেণ্ডিং চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছে।’’


উল্লেখ্য যে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা T20 বিশ্বকাপ , ২০২৬ ৰ শুভাৰম্ভণি কৰা হ'ব । এই খেলখনত ভাৰতক গ্ৰুপ A আৰু অষ্ট্ৰেলিয়াক গ্ৰুপ B ত ৰখা হৈছে । গ্ৰুপ A ত ভাৰতৰ সৈতে অন্তৰ্ভুক্ত হোৱা আন আন দলসমূহ ক্ৰমে পাকিস্তান, আমেৰিকা, নেদাৰলেণ্ড আৰু নামিবিয়া। অষ্ট্ৰেলিয়াৰ লগতে গ্ৰুপ B ত অন্তৰ্ভুক্ত হোৱা আন আন দলসমূহ ক্ৰমে শ্ৰীলংকা, জিম্বাবুয়ে, আয়াৰলেণ্ড আৰু ওমান। 


অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰত্যাশিত খেলখন। এই ক্ষেত্ৰত ক্লাৰ্কে স্পষ্টকৈ উল্লেখ কৰিছে যে খেল খনত ভাৰতৰ হাত অধিক শক্তিশালী হ’ব। তেওঁ কয় যে , ‘‘সকলোৱে জানে যে , ভাৰতৰ ডাঙৰ ডাঙৰ খেলত জয়ী হোৱাৰ অভিজ্ঞতা আছে। বিগত বছৰত ভাৰতে পাকিস্তানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছে। পাকিস্তানৰ হাতত প্ৰতিভা আছে কিন্তু অধিক চাপৰ সন্মুখীন হ’লে ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰে।’’


অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন কেপ্টেইনগৰাকীয়ে কয় ‘‘বিগত ১০ খন T20 খেলৰ ভিতৰত ৮খন খেলত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছে। ২০২৪ বৰ্ষতো ফাইনেল খেলত ভাৰতে দক্ষিণ আফ্ৰিকাক হৰুৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। গতিকে এই বৰ্ষটো ভাৰতীয় দলটিৰ গভীৰতা আৰু মানসিক শক্তিয়ে দলটিক আন দলৰ তুলনাত অধিক শক্তিশালী কৰি তুলিব।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু