--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ সম্পৰ্কে ক্লাৰ্কে কয় যে, ‘‘ভাৰতে ইতিমধ্যে দুবাৰকৈ T20 বিশ্বকাপত জয় লাভ কৰিছে। ২০০৭ আৰু ২০২৪ বৰ্ষত ক্ৰমে পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাক পৰাজয় কৰি ভাৰতে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক: ২০২৬ বৰ্ষৰ T20 বিশ্বকাপৰ ফাইনেলক লৈ অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন কেপ্টেইন মাইকেল ক্লাৰ্কৰ ভৱিষ্যদ্বাণী। তেওঁ কয় যে যোৱা কেইবাবছৰ ধৰি ভাৰতে পাকিস্তানৰ লগত হোৱা খেলসমূহত ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। ভাৰতৰ এই পাৰদৰ্শিতাসমূহৰ ওপৰত ভিত্তি কৰি ক্লাৰ্কে যথেষ্ট ধনাত্মক ভবিষ্যদ্বাণী প্ৰদান কৰে। 


Beyond 23 Cricket পডকাষ্টত ভাৰতৰ লগতে আন কেইবাখনো দেশক লৈ ভবিষ্যদ্বাণী কৰে অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন কেপ্টেইন মাইকেল ক্লাৰ্কে। 

তেওঁ পদকাষ্টটিত ব্যক্ত কৰে যে, ‘‘এই টুৰ্ণামেণ্টত ভাৰত আৰু অষ্ট্ৰেলিয়া আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হ’ব, দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।’’


ভাৰতৰ সম্পৰ্কে ক্লাৰ্কে কয় যে, ‘‘ভাৰতে ইতিমধ্যে দুবাৰকৈ T20 বিশ্বকাপত জয় লাভ কৰিছে। ২০০৭ আৰু ২০২৪ বৰ্ষত ক্ৰমে পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাক পৰাজয় কৰি ভাৰতে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত সুৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতৰ দলটিয়ে ডিফেণ্ডিং চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছে।’’


উল্লেখ্য যে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা T20 বিশ্বকাপ , ২০২৬ ৰ শুভাৰম্ভণি কৰা হ'ব । এই খেলখনত ভাৰতক গ্ৰুপ A আৰু অষ্ট্ৰেলিয়াক গ্ৰুপ B ত ৰখা হৈছে । গ্ৰুপ A ত ভাৰতৰ সৈতে অন্তৰ্ভুক্ত হোৱা আন আন দলসমূহ ক্ৰমে পাকিস্তান, আমেৰিকা, নেদাৰলেণ্ড আৰু নামিবিয়া। অষ্ট্ৰেলিয়াৰ লগতে গ্ৰুপ B ত অন্তৰ্ভুক্ত হোৱা আন আন দলসমূহ ক্ৰমে শ্ৰীলংকা, জিম্বাবুয়ে, আয়াৰলেণ্ড আৰু ওমান। 


অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰত্যাশিত খেলখন। এই ক্ষেত্ৰত ক্লাৰ্কে স্পষ্টকৈ উল্লেখ কৰিছে যে খেল খনত ভাৰতৰ হাত অধিক শক্তিশালী হ’ব। তেওঁ কয় যে , ‘‘সকলোৱে জানে যে , ভাৰতৰ ডাঙৰ ডাঙৰ খেলত জয়ী হোৱাৰ অভিজ্ঞতা আছে। বিগত বছৰত ভাৰতে পাকিস্তানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছে। পাকিস্তানৰ হাতত প্ৰতিভা আছে কিন্তু অধিক চাপৰ সন্মুখীন হ’লে ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰে।’’


অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন কেপ্টেইনগৰাকীয়ে কয় ‘‘বিগত ১০ খন T20 খেলৰ ভিতৰত ৮খন খেলত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছে। ২০২৪ বৰ্ষতো ফাইনেল খেলত ভাৰতে দক্ষিণ আফ্ৰিকাক হৰুৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। গতিকে এই বৰ্ষটো ভাৰতীয় দলটিৰ গভীৰতা আৰু মানসিক শক্তিয়ে দলটিক আন দলৰ তুলনাত অধিক শক্তিশালী কৰি তুলিব।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ