ডিজিটেল ডেস্ক : দিপাৱলীৰ দুদিনত নতুন দিল্লীত 'সেউজ ফটকা' ফুটুওৱাৰ বাবে অনুমতি দিছে উচ্চতম ন্যায়ালয়ে। অত্যধিক প্ৰদূষণৰ ফলত দেশৰ ৰাজধানী দিল্লীত বায়ুৰ মান নিম্নগামী হোৱাৰ ফলতে সর্বোচ্চ আদালতখনে বিষয়টোত হস্তক্ষেপ কৰে।
প্ৰদূষণৰ মাত্রা যাতে কোনো কাৰণতে বৃদ্ধি পাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে সোমবাৰে দিপাৱলী সন্দৰ্ভত কেইবাটাও গুৰুত্বপূর্ণ নিৰ্দেশনা জাৰি কৰে। ন্যায়াধীশ এম এম ছুন্দ্ৰেশ আৰু ন্যায়াধীশ প্রসন্ন বি ভাৰালেৰ খণ্ডপীঠে বিষয়টো চালি-জাৰি চাই কয় যে দীপাৱলীত ফটকা ফুটুওৱাটো এটা ধৰ্মীয় অভ্যাস, যাৰ দ্বাৰা উৎসৱটো উদ্যাপন কৰা বুজায়।
কিন্তু ই শব্দ আৰু বায়ু প্ৰদূষণ কৰাৰ দিশটো লক্ষ্য ৰাখি 'সেউজ ফটকা' ফুটুওৱাত সর্বোচ্চ ন্যায়ালয়ে অনুমতি প্রদান কৰে। দিল্লী-এন চি আৰৰ বাবে এই নিয়ম বান্ধি দিয়া হৈছে। তদুপৰি, ফটকা ফুটুৱাবৰ বাবে নির্দিষ্ট সময় সীমাও বান্ধি দিছে আদালতে।