--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বয়সেও হাৰ মনা এটি মন তেওঁৰ৷ তেওঁৰ বাবে বয়স মাথোঁ এটি সংখ্যা৷ শৰীৰ আৰু মনৰ জোৰেৰে তেওঁ আজিও কৰি গৈছে কৃচ্ছ্ৰসাধনা৷ হাৰিয়ানাৰ এইগৰাকী ১০৫ বছৰীয়া মহিলা ৰামবাই৷ মাত্ৰ ৪৫.৪০ ছেকেণ্ডত বদোদৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় অ’পেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰত তেওঁ স্বৰ্ণপদক অৰ্জন কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

তেওঁ বিগত বৰ্ষৰ নৱেম্বৰত বাৰাণসীত দৌৰত আত্মপ্ৰকাশ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ যথেষ্ট পদক সংগ্ৰহ কৰিছে।

দেওবাৰে সমাপ্ত হোৱা বদোদৰা ৰাষ্ট্ৰীয় অ’পেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ৰামবাইয়ে ৮৫ বছৰ ঊৰ্ধৰ লোকসকলৰ বাবে নিৰ্ধাৰিত দৌৰত একমাত্ৰ অংশগ্ৰহণকাৰী আছিল আৰু তেওঁ ইয়াৰ বাবে একমাত্ৰ এটা পদক অৰ্জন কৰিছিল৷ ১৫ জুনত আৰু ২০০ মিটাৰত অংশগ্ৰহণ কৰি কেৱল এটা পদক জিকিছিল আৰু ১ মিনিট ৫২.১৭ ছেকেণ্ডত শেষ কৰিছিল। কেৱল সেয়াই নহয় ১০০ মিটাৰত ৪৫.৪০ ছেকেণ্ড সমাপ্তিৰ সৈতে ৰামবাইয়ে ১০১ বছৰীয়া মান কৌৰৰ অভিলেখ ভংগ কৰে, যিয়ে ৭৪ ছেকেণ্ডত ১০০ মিটাৰ দৌৰিছিল আৰু ৱ’ৰ্ল্ড মাষ্টাৰ্ছত স্বৰ্ণ জয় কৰিছিল। 

এই বিজয়বোৰৰ দ্বাৰা অধিক উৎসাহিত হৈ, ৰামবাই কেৱল ঘৰুৱাভাৱেই নহয়, বৰঞ্চ তেওঁ তেওঁৰ পাছপোৰ্ট সাজু কৰাৰ পৰিকল্পনা কৰি আছে আৰু তেওঁ তেওঁৰ ফিটনেছ স্তৰ প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে৷ 

নতুন দিল্লীৰ পৰা ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত কাদমা গাঁৱৰ বাসিন্দা ৰামবাইৰ দৌৰৰ অভিজ্ঞতা তেওঁৰ গাঁৱৰ পথাৰত ঘূৰি ফুৰাৰ পৰাই আৰম্ভ হৈছিল৷ 

দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী, ভাৰত বিভাজন আৰু এতিয়া মহামাৰীৰ মাজেৰে জীয়াই থকা ৰামবাই এজন জীৱিত কিংবদন্তীতকৈও কম নহয়, যিয়ে জীৱনটো সম্পূৰ্ণৰূপে কেনেকৈ জীয়াই থাকিব লাগে সেয়া জানে৷ আৰু ক্ৰীড়াৰ মাজেৰে জীৱনটোক ধন্য কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ