--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বয়সেও হাৰ মনা এটি মন তেওঁৰ৷ তেওঁৰ বাবে বয়স মাথোঁ এটি সংখ্যা৷ শৰীৰ আৰু মনৰ জোৰেৰে তেওঁ আজিও কৰি গৈছে কৃচ্ছ্ৰসাধনা৷ হাৰিয়ানাৰ এইগৰাকী ১০৫ বছৰীয়া মহিলা ৰামবাই৷ মাত্ৰ ৪৫.৪০ ছেকেণ্ডত বদোদৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় অ’পেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰত তেওঁ স্বৰ্ণপদক অৰ্জন কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

তেওঁ বিগত বৰ্ষৰ নৱেম্বৰত বাৰাণসীত দৌৰত আত্মপ্ৰকাশ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ যথেষ্ট পদক সংগ্ৰহ কৰিছে।

দেওবাৰে সমাপ্ত হোৱা বদোদৰা ৰাষ্ট্ৰীয় অ’পেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ৰামবাইয়ে ৮৫ বছৰ ঊৰ্ধৰ লোকসকলৰ বাবে নিৰ্ধাৰিত দৌৰত একমাত্ৰ অংশগ্ৰহণকাৰী আছিল আৰু তেওঁ ইয়াৰ বাবে একমাত্ৰ এটা পদক অৰ্জন কৰিছিল৷ ১৫ জুনত আৰু ২০০ মিটাৰত অংশগ্ৰহণ কৰি কেৱল এটা পদক জিকিছিল আৰু ১ মিনিট ৫২.১৭ ছেকেণ্ডত শেষ কৰিছিল। কেৱল সেয়াই নহয় ১০০ মিটাৰত ৪৫.৪০ ছেকেণ্ড সমাপ্তিৰ সৈতে ৰামবাইয়ে ১০১ বছৰীয়া মান কৌৰৰ অভিলেখ ভংগ কৰে, যিয়ে ৭৪ ছেকেণ্ডত ১০০ মিটাৰ দৌৰিছিল আৰু ৱ’ৰ্ল্ড মাষ্টাৰ্ছত স্বৰ্ণ জয় কৰিছিল। 

এই বিজয়বোৰৰ দ্বাৰা অধিক উৎসাহিত হৈ, ৰামবাই কেৱল ঘৰুৱাভাৱেই নহয়, বৰঞ্চ তেওঁ তেওঁৰ পাছপোৰ্ট সাজু কৰাৰ পৰিকল্পনা কৰি আছে আৰু তেওঁ তেওঁৰ ফিটনেছ স্তৰ প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে৷ 

নতুন দিল্লীৰ পৰা ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত কাদমা গাঁৱৰ বাসিন্দা ৰামবাইৰ দৌৰৰ অভিজ্ঞতা তেওঁৰ গাঁৱৰ পথাৰত ঘূৰি ফুৰাৰ পৰাই আৰম্ভ হৈছিল৷ 

দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী, ভাৰত বিভাজন আৰু এতিয়া মহামাৰীৰ মাজেৰে জীয়াই থকা ৰামবাই এজন জীৱিত কিংবদন্তীতকৈও কম নহয়, যিয়ে জীৱনটো সম্পূৰ্ণৰূপে কেনেকৈ জীয়াই থাকিব লাগে সেয়া জানে৷ আৰু ক্ৰীড়াৰ মাজেৰে জীৱনটোক ধন্য কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু