--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লপথত অৰ্ধনগ্ন অৱস্থাত দুই আৰপিএফ জোৱানৰ মৃতদেহ উদ্ধাৰ। ইয়াকে লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। 

উত্তৰ প্ৰদেশৰ গাজীপুৰত সংঘটিত হৈছে এই ঘটনা। যিদৰে দুয়োৰে মৃতদেহ অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হৈছে, সেই অৱস্থালৈ চাই এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। মৃত লোক দুজনৰ আত্মীয়ইও এয়া হত্যাকাণ্ড বুলি জানিবলৈ দিছে। 

বৰ্তমান আৰক্ষীয়ে মৃতদেহ দুট নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

সমগ্ৰ বিষয়টো গহমাৰ থানাৰ অন্তৰ্গত দিল্লী-হাওৰা পথৰ ৰে’লপথৰ। যোৱা সন্ধিয়া উদ্ধাৰ হোৱা মৃতদেহ দুটা মোগলচৰাই জংচনত নিয়োজিত আৰপিএফ কনিষ্টবলৰ বুলি চিনাক্ত কৰা হৈছে। 

এজন আৰ পি এফ জোৱান মৃত জাভেদ খান আৰক্ষী থানা দিলদাৰনগৰ (গাজীপুৰ)ৰ বাসিন্দা আৰু আনজন আৰ পি এফ জোৱান মৃত প্ৰমোদ কুমাৰ সিং আৰাহ (বিহাৰ)ৰ বাসিন্দা। দুয়োৰে পৰিয়ালক এই বিষয়ে অৱগত কৰিছে আৰক্ষীয়ে।

তথ্য পোৱাৰ লগে লগে জাভেদ খানৰ পৰিয়ালে গাজীপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত উপস্থিত হয়। ভায়েক ফৈজানে কয় যে চাৰিও ভাতৃৰ ভিতৰত জাভেদ একমাত্ৰ উপাৰ্জনকাৰী। ট্ৰেকত যিদৰে তেওঁৰ মৃতদেহটো অৰ্ধনগ্ন অৱস্থাত পোৱা গৈছিল, তাৰ পৰা স্পষ্টকৈয়ে ধৰিব পাৰি যে তেওঁক হত্যা কৰা হৈছে। এতিয়া আৰক্ষী আৰু আৰ পি এফে মোগলচৰাই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

লাভ কৰা তথ্য অনুসৰি দুয়োজন কনিষ্টবল ৰে’লযোগে মোগলচৰাইৰ পৰা মকামালৈ গৈ আছিল। ঘটনাস্থলী আৰু মৃতদেহৰ অৱস্থালৈ চাই পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে। ৰে’লত হোৱা কাজিয়াৰ সময়ত দুয়োকে হত্যা কৰি মৃতদেহ পেলাই দিয়াৰ সন্দেহ।

একে সময়তে আৰক্ষীয়ে কয় যে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব, তাৰ পিছতহে স্পষ্ট হ’ব যে সেয়া দুৰ্ঘটনা নে আন কিবা। সম্প্ৰতি এই বিষয়ত তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
সুদক্ষ অভিনেতা গনেশ হাজৰিকা আৰু নাই; শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু
নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড! এটা বিস্কুট ফেক্টৰীসহ ৪টাকৈ বাসগৃহ ভস্মীভূত
আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা; কি তাৎপৰ্য এই দিনটোৰ?
সামগ্ৰীত 'অ' আৰ এছ' লিখাটো বন্ধ কৰিব লাগিব ফুড-বেভাৰেজ কোম্পানীয়ে, এফ এছ এছ এ আইৰ নিৰ্দেশ
যুঁজাৰু বিমানত ৬৫ হাজাৰ কোটি ব্যয় কৰিব ভাৰতে, থলুৱাভাৱে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি