--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লপথত অৰ্ধনগ্ন অৱস্থাত দুই আৰপিএফ জোৱানৰ মৃতদেহ উদ্ধাৰ। ইয়াকে লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। 

উত্তৰ প্ৰদেশৰ গাজীপুৰত সংঘটিত হৈছে এই ঘটনা। যিদৰে দুয়োৰে মৃতদেহ অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হৈছে, সেই অৱস্থালৈ চাই এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। মৃত লোক দুজনৰ আত্মীয়ইও এয়া হত্যাকাণ্ড বুলি জানিবলৈ দিছে। 

বৰ্তমান আৰক্ষীয়ে মৃতদেহ দুট নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

সমগ্ৰ বিষয়টো গহমাৰ থানাৰ অন্তৰ্গত দিল্লী-হাওৰা পথৰ ৰে’লপথৰ। যোৱা সন্ধিয়া উদ্ধাৰ হোৱা মৃতদেহ দুটা মোগলচৰাই জংচনত নিয়োজিত আৰপিএফ কনিষ্টবলৰ বুলি চিনাক্ত কৰা হৈছে। 

এজন আৰ পি এফ জোৱান মৃত জাভেদ খান আৰক্ষী থানা দিলদাৰনগৰ (গাজীপুৰ)ৰ বাসিন্দা আৰু আনজন আৰ পি এফ জোৱান মৃত প্ৰমোদ কুমাৰ সিং আৰাহ (বিহাৰ)ৰ বাসিন্দা। দুয়োৰে পৰিয়ালক এই বিষয়ে অৱগত কৰিছে আৰক্ষীয়ে।

তথ্য পোৱাৰ লগে লগে জাভেদ খানৰ পৰিয়ালে গাজীপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত উপস্থিত হয়। ভায়েক ফৈজানে কয় যে চাৰিও ভাতৃৰ ভিতৰত জাভেদ একমাত্ৰ উপাৰ্জনকাৰী। ট্ৰেকত যিদৰে তেওঁৰ মৃতদেহটো অৰ্ধনগ্ন অৱস্থাত পোৱা গৈছিল, তাৰ পৰা স্পষ্টকৈয়ে ধৰিব পাৰি যে তেওঁক হত্যা কৰা হৈছে। এতিয়া আৰক্ষী আৰু আৰ পি এফে মোগলচৰাই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

লাভ কৰা তথ্য অনুসৰি দুয়োজন কনিষ্টবল ৰে’লযোগে মোগলচৰাইৰ পৰা মকামালৈ গৈ আছিল। ঘটনাস্থলী আৰু মৃতদেহৰ অৱস্থালৈ চাই পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে। ৰে’লত হোৱা কাজিয়াৰ সময়ত দুয়োকে হত্যা কৰি মৃতদেহ পেলাই দিয়াৰ সন্দেহ।

একে সময়তে আৰক্ষীয়ে কয় যে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব, তাৰ পিছতহে স্পষ্ট হ’ব যে সেয়া দুৰ্ঘটনা নে আন কিবা। সম্প্ৰতি এই বিষয়ত তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন