--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুসকলে এটা বসয়ত যা-তা বস্তু মুখত দিয়ে। সেয়া অতি বিপদজনক। অভিভাৱকসকলে সেয়েহে অনবৰতে চকু দি থাকিব লাগে। 

বিহাৰৰ গয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সাধাৰণতে শুনা যায় যে সাপে কামোৰাৰ ফলত মানুহৰ মৃত্যু হয়, কিন্তু ইয়াত ঘটনাটো ওলোটা হৈ পৰিল।

গয়া জিলাৰ ফাতেহপুৰ ব্লক এলেকাৰ জামুহাৰ গাঁৱত ৰাকেশ কুমাৰ নামৰ এটি ১ বছৰীয়া শিশুৱে নিজৰ ঘৰৰ চাঁদত খেলি থকা অৱস্থাত এটা সাপৰ পোৱলি দেখা পায়। ৰাকেশে পুতলা বুলি ভাবি সাপ পোৱালিটো ধৰি খেলে আৰু মুখত ভৰাই চোবাই দিয়ে, যাৰ ফলত সাপ পোৱালিটোৰ মৃত্যু হয়।

এই দৃশ্যটো দেখি শিশুটিৰ মাকে ভয় খাই লগে লগে সন্তানটোক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে পৰীক্ষা কৰি দেখিলে যে শিশুটি সম্পূৰ্ণ সুস্থ। এই ঘটনাৰ পিছত শিশুটিৰ মাতৃয়ে সকাহৰ হুমুনিয়াহ এটা কাঢ়ি ঘৰলৈ উভতি আহিল। চিকিৎসকে জনোৱা মতে, ৰাকেশে চোবাই হত্যা কৰা সাপটোত বিষ নাছিল, সেয়েহে শিশুটিৰ ওপৰত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ পৰা নাছিল।

এই ঘটনাটো শনিবাৰে সংঘটিত হৈছিল, আৰু তেতিয়াৰ পৰা এই বিষয়টো সমগ্ৰ জিলাখনৰ চৰ্চাৰ বিষয় হৈ পৰিছে। বৰ্তমান বাৰিষা, এই বতৰত সাপ আৰু ইয়াৰ পোৱালিবোৰ প্ৰায়ে ৰাস্তা আৰু ঘৰৰ আশে-পাশে দেখা যায়। জিলাখনত দৈনিক সাপৰ কামোৰাৰ বহু ঘটনা পোহৰলৈ আহিছে, যাৰ বাবে সাৱধান হোৱাৰ প্ৰয়োজন আছে। 

চিকিৎসকে বাৰিষাৰ সময়ত শিশুৰ বিশেষ যত্ন লোৱাৰ লগতে মুকলি আকাশৰ তলত খেলিব নালাগে বুলি কোৱাৰ কৈছে আৰু ঘৰৰ চৌপাশৰ জোপোহা আৰু ঘাঁহ-বন পৰিষ্কাৰ কৰিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড! এটা বিস্কুট ফেক্টৰীসহ ৪টাকৈ বাসগৃহ ভস্মীভূত
আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা; কি তাৎপৰ্য এই দিনটোৰ?
সামগ্ৰীত 'অ' আৰ এছ' লিখাটো বন্ধ কৰিব লাগিব ফুড-বেভাৰেজ কোম্পানীয়ে, এফ এছ এছ এ আইৰ নিৰ্দেশ
যুঁজাৰু বিমানত ৬৫ হাজাৰ কোটি ব্যয় কৰিব ভাৰতে, থলুৱাভাৱে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ
জুবিনবিহীন এমাহ, আজি প্ৰাণৰ শিল্পীৰ সোণাপুৰৰ সমাধিস্থলত দুই শতাধিক শিল্পীৰ বাঁহীৰ সুৰত 'মায়াবিনী'ৰ মূৰ্ছনা
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী