--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুসকলে এটা বসয়ত যা-তা বস্তু মুখত দিয়ে। সেয়া অতি বিপদজনক। অভিভাৱকসকলে সেয়েহে অনবৰতে চকু দি থাকিব লাগে। 

বিহাৰৰ গয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সাধাৰণতে শুনা যায় যে সাপে কামোৰাৰ ফলত মানুহৰ মৃত্যু হয়, কিন্তু ইয়াত ঘটনাটো ওলোটা হৈ পৰিল।

গয়া জিলাৰ ফাতেহপুৰ ব্লক এলেকাৰ জামুহাৰ গাঁৱত ৰাকেশ কুমাৰ নামৰ এটি ১ বছৰীয়া শিশুৱে নিজৰ ঘৰৰ চাঁদত খেলি থকা অৱস্থাত এটা সাপৰ পোৱলি দেখা পায়। ৰাকেশে পুতলা বুলি ভাবি সাপ পোৱালিটো ধৰি খেলে আৰু মুখত ভৰাই চোবাই দিয়ে, যাৰ ফলত সাপ পোৱালিটোৰ মৃত্যু হয়।

এই দৃশ্যটো দেখি শিশুটিৰ মাকে ভয় খাই লগে লগে সন্তানটোক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে পৰীক্ষা কৰি দেখিলে যে শিশুটি সম্পূৰ্ণ সুস্থ। এই ঘটনাৰ পিছত শিশুটিৰ মাতৃয়ে সকাহৰ হুমুনিয়াহ এটা কাঢ়ি ঘৰলৈ উভতি আহিল। চিকিৎসকে জনোৱা মতে, ৰাকেশে চোবাই হত্যা কৰা সাপটোত বিষ নাছিল, সেয়েহে শিশুটিৰ ওপৰত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ পৰা নাছিল।

এই ঘটনাটো শনিবাৰে সংঘটিত হৈছিল, আৰু তেতিয়াৰ পৰা এই বিষয়টো সমগ্ৰ জিলাখনৰ চৰ্চাৰ বিষয় হৈ পৰিছে। বৰ্তমান বাৰিষা, এই বতৰত সাপ আৰু ইয়াৰ পোৱালিবোৰ প্ৰায়ে ৰাস্তা আৰু ঘৰৰ আশে-পাশে দেখা যায়। জিলাখনত দৈনিক সাপৰ কামোৰাৰ বহু ঘটনা পোহৰলৈ আহিছে, যাৰ বাবে সাৱধান হোৱাৰ প্ৰয়োজন আছে। 

চিকিৎসকে বাৰিষাৰ সময়ত শিশুৰ বিশেষ যত্ন লোৱাৰ লগতে মুকলি আকাশৰ তলত খেলিব নালাগে বুলি কোৱাৰ কৈছে আৰু ঘৰৰ চৌপাশৰ জোপোহা আৰু ঘাঁহ-বন পৰিষ্কাৰ কৰিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন